সমললৈ যাওক

জাকিৰ খান (কমেডিয়ান)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জাকিৰ খান
জন্ম ২০ আগষ্ট, ১৯৮৭ (৩৮ বছৰ)
ইন্দোৰ, মধ্য প্ৰদেশ, ভাৰত
শিক্ষা ছেইণ্ট পল উচ্চতৰ মাধ্যমিক বিদ্যালয়, ইন্দোৰ
পেচা কমেডিয়ান
সক্ৰিয় হৈ থকা সময় ২০০৯–বৰ্তমান
জনা যায়
  • হক ছে ছিংগল
  • চাচা বিধায়ক হ্যেয় হামাৰা
  • কক্ষা গ্যাৰাৱী
  • তথাস্তু
  • মনপছন্দ
  • ডেলুলু এক্সপ্ৰেছ
আত্মীয়-স্বজন মইনুদ্দিন খান (সংগীতজ্ঞ) (ককা)
'ইউটিউবৰ তথ্য'
চেনেল
প্ৰকাৰ কমেডি
চাবস্ক্ৰাইবাৰৰ সংখ্যা ৮২ লাখ ৬০ হাজাৰ
সৰ্বমুঠ দৰ্শন ৭০ কোটি ৭ লাখ
১,০০,০০০ চাবস্ক্ৰাইবাৰ
১০,০০,০০০ চাবস্ক্ৰাইবাৰ
২৩ জুলাই ২০২৩-ৰ তথ্য

জাকিৰ খান ( ইংৰাজী: Zakir Khan; জন্ম: ২০ আগষ্ট ১৯৮৭) এজন ভাৰতীয় কমেডিয়ান। ২০১২ চনত কমেডী চেণ্ট্ৰেলৰ কমেডী প্ৰতিযোগিতা ‘ইণ্ডিয়াছ বেষ্ট ষ্টেণ্ড আপ’ত জয়লাভ কৰি জাকিৰ খানে জনপ্ৰিয়তা লাভ কৰিছিল। খান এআইবিৰ (AIB) সৈতে অন এয়াৰ নামৰ এটা নিউজ কমেডী শ্ব'ৰ অংশ আছিল।[1][2] তেওঁ এমাজন প্ৰাইম ভিডিঅ’ত এক ঘণ্টাজোৰা ষ্টেণ্ডআপ বিশেষ খণ্ড মুকলি কৰিছে; সেইসমূহ হৈছে- হক ছে চিংগল (২০১৭), কক্ষা গ্যাৰাৱি (২০১৮), তথাস্তু (২০২২), মনপছণ্ড (২০২৩), আৰু ডেলুলু এক্সপ্ৰেছ (২০২৫)।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

জাকিৰ খানৰ জন্ম ইন্দোৰ,মধ্যপ্ৰদেশৰ[3] শাস্ত্ৰীয় সংগীতজ্ঞৰ ৰাজস্থানী মুছলমান পৰিয়াল এটাত হৈছিল। তেওঁ সাৰংগী শিল্পী উস্তাদ মইনুদ্দিন খানৰ নাতি।[4] খানে প্ৰাপ্তবয়স্ক জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ দিল্লীত কটায়।[2] তেওঁ এক বিনয়শীল পটভূমিৰ পৰা আহিছে আৰু তেওঁৰ নিজৰ প্ৰতিভাৰ কৃতিত্ব পিতৃক দিছে।[5][6]

কেৰিয়াৰ

[সম্পাদনা কৰক]

আধাতে কলেজীয়া শিক্ষা সমাপ্ত কৰা জাকিৰ খানে ছিটাৰত ডিপ্লমা লাভ কৰিছে।[7] তেওঁ উল্লেখ কৰিছে যে তেওঁ যদি ষ্টেণ্ডআপ কমেডিয়ান নহ’লহেঁতেন তেন্তে তেওঁ ইয়াৰ পৰিৱৰ্তে সংগীত শিক্ষক হিচাপে কাম কৰিলেহেঁতেন। কমেডী চেণ্ট্ৰেলে আয়োজন কৰা প্ৰতিযোগিতা 'ভাৰতৰ শ্ৰেষ্ঠ ষ্টেণ্ড আপ' জয় কৰাৰ পাছত ২০১২ চনত খানে ভাৰতৰ ষ্টেণ্ড-আপ কমেডী সমুদায়ত স্বীকৃতি লাভ কৰে।[8][9] বহুতো ষ্টেণ্ড-আপ কমেডী শ্ব'ত অভিনয় কৰাৰ উপৰি তেওঁ অইনৰ বাবে লেখা লিখিছে (Ghostwriting) আৰু ৰেডিঅ' শ্ব' প্ৰযোজনা কৰিছে। এনডিটিভি প্ৰাইমৰ দ্য ৰাইজিং ষ্টাৰছ অৱ কমেডী শীৰ্ষক টেলিভিছন শ্ব’ত তেওঁৰ কমেডী শৈলীয়ে প্ৰশংসা লাভ কৰিছিল। খান তেওঁৰ পাঞ্চলাইন "ছখট্ লউণ্ডা"ৰ বাবে পৰিচিত, যিৰোমাণ্টিক বাসনা প্ৰতিহত কৰা শক্তিশালী আত্মনিয়ন্ত্ৰণ থকা এজন ব্যক্তিৰ হাস্যৰসময়ী উল্লেখক চিহ্নিত কৰে।[5] খানে গুৰগাঁৱত জোক সিঙৰ সৈতেও অনুষ্ঠান কৰিছে।[10]

খান এজন উদীয়মান উৰ্দু কবি আৰু শিল্পীৰ পৰিয়ালৰ পৰা আহিছে। ৰেখতাৰ দৰে অনুষ্ঠানত তেওঁ নিজৰ কবিতা উপস্থাপন কৰিছে।[11] দিল্লীমুখী ৰেল'ৱে যাত্ৰাত তেওঁ নিজৰ প্ৰথমটো কবিতা লিখিছিল।

২০১৭ চনৰ ছেপ্টেম্বৰ মাহত অভিনেতা অক্ষয় কুমাৰে বিচাৰক হিচাপে দায়িত্ব পালন কৰা দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জৰ পঞ্চম ছিজনত তেওঁ গুৰু হিচাপে কাম কৰে। তেওঁ সতীৰ্থ দুজন গুৰু আছিল মল্লিকা দোৱা আৰু হুছেইন দালাল। ইউটিউবত খানৰ সাত মিলিয়নতকৈ অধিক ছাবস্ক্ৰাইবাৰ আছে আৰু তেওঁৰ এমাজন প্ৰাইমৰ বিশেষ হক ছে চিংগলৰ দৰে কৰ্মৰ বাবে পৰিচিত।[12]

খানে আমাজন প্ৰাইমৰ ৱেব ছিৰিজ চাচা বিধায়ক হেইন হামাৰে লিখিছিল আৰু অভিনয় কৰিছিল।[13]

২০১৫ চনত খানে ভাৰতীয় কমেডী গ্ৰুপ অল ইণ্ডিয়া বাকচোদৰ সোৰাভ পন্ত আৰু গুৰসিমৰণ খাম্বাৰ সৈতে এআইবি নামৰ নিউজ কমেডী শ্ব’ৰ সৈতে অন এয়াৰৰ সহ-আয়োজক আৰু লিখক আছিল। ভাৰতৰ ষ্টাৰ ৱৰ্ল্ডত এই অনুষ্ঠান সম্প্ৰচাৰিত হৈছিল। খানে ৫ম বাৰ্ষিক গোল্ডেন কেলা বঁটাৰ সহ-আয়োজক আছিল।[14]

তেওঁ আমাজন প্ৰাইমৰ কমিকষ্টান ছিজন ২-ৰ অন্যতম বিচাৰক হিচাপেও জড়িত হৈছিল য'ত তেওঁ প্ৰতিযোগীসকলক আখ্যানমূলক কমেডী নামেৰে জনাজাত কমেডী ধাৰাত তেওঁ মেণ্টৰ কৰিছিল।[15] ইয়াৰ উপৰি তেওঁ ছিজন ৩ৰ চাৰিজন বিচাৰকৰ ভিতৰত অন্যতম হৈছিল।

শেহতীয়াকৈ আমাজন প্ৰাইমৰ ৱান মাইক ষ্টেণ্ড ছিজন-১ ত ভুৱন বামৰ সৈতে খানে অংশ লৈছে।[16]

ইয়াৰ উপৰি তেওঁ ফাৰ্জি মুছাইৰা নামৰ অনুষ্ঠানটো আৰম্ভ কৰিছে যিটো আমাজন মিনি টিভিত উপলভ্য।

কমেডীৰ উপৰি খানে প'ডকাষ্ট ধাৰাবাহিক উম্মীড অন গানা ত সহযোগী কমেডিয়ানসকলৰ সৈতে জীৱন-প্ৰেৰিত কাহিনীসমূহ উপস্থাপন কৰে।[17][18]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Mathews, Neha (26 March 2016). "A sharpening of the comedic senses". The Hindu. http://www.thehindu.com/news/cities/mumbai/entertainment/a-sharpening-of-the-comedic-senses/article8398603.ece. 
  2. 2.0 2.1 ScoopWhoop (28 February 2018). "From Radio Intern To 'Sakht Launda', Zakir Khan's Story Will Inspire You To Be Who You Want To Be" (En ভাষাত). ScoopWhoop. https://www.scoopwhoop.com/zakir-khan-journey-video/. 
  3. "Zakir Khan - Biography" (en-US ভাষাত). IMDb. https://www.imdb.com/name/nm6321286/bio/। আহৰণ কৰা হৈছে: 2024-04-17. 
  4. "Who was Zakir Khan's grandfather Ustad Moinuddin Khan?". Ground Report. Archived from the original on 1 December 2022. https://web.archive.org/web/20221201225649/https://groundreport.in/who-was-zakir-khans-grandfather-ustad-moinuddin-khan/. 
  5. 5.0 5.1 Gupta, Deepak (11 May 2016). "AIB Diwas: Zakir Khan shares tips on wooing city women(Watch)" (en ভাষাত). India News, Breaking News, Entertainment News | India.com. https://www.india.com/viral/zakir-khans-gave-tips-on-wooing-city-women-at-aib-diwas-watch-1177679/। আহৰণ কৰা হৈছে: 5 November 2020. 
  6. "These 15 Zakir Khan's Shayaris Shows The Another Side of 'Sakht Launda'". ZestVine.com. 5 November 2019. https://www.zestvine.com/beautiful-zakir-khan-shayari/. 
  7. "Zakir Khan – Indian Stand-up Comedian over a Chaaipani conversation" (en-US ভাষাত). Chaaipani. 19 June 2016. Archived from the original on 5 November 2021. https://web.archive.org/web/20211105103758/https://chaaipani.com/zakirkhan-comedian/। আহৰণ কৰা হৈছে: 5 November 2021. 
  8. "Zakir Khan's rags-to-riches rise in India's burgeoning standup scene". Sunday Guardian Live. 20 July 2019. Archived from the original on 5 August 2020. https://web.archive.org/web/20200805165819/https://www.sundayguardianlive.com/culture/zakir-khans-rags-riches-rise-indias-burgeoning-standup-scene-burgeoning-standup-comedy-scene। আহৰণ কৰা হৈছে: 3 March 2020. 
  9. "Zakir Khan – Artist Profile". Eventseeker. https://eventseeker.com/artist/62930-zakir-khan। আহৰণ কৰা হৈছে: 3 March 2020. 
  10. "Nishant Tanwar, Zakir Khan entertain guests on Gurgaon's Funniest Day at Epicentre in Delhi". The Times of India. 17 November 2014. http://timesofindia.indiatimes.com/city/gurgaon/Nishant-Tanwar-Zakir-Khan-entertain-guests-on-Gurgaons-Funniest-Day-at-Epicentre-in-Delhi/articleshow/45174237.cms. 
  11. "Zakir Khan- Comedian At Jashn-e-rekhta 2017 Beautiful Poetry And Comedy Part-1" (en-IN ভাষাত). IndiaTimes. 2017-02-27. https://www.indiatimes.com/lifestyle/self/zakir-khan-comedian-at-jashn-e-rekhta-2017-beautiful-poetry-and-comedy-part-1-305659.html। আহৰণ কৰা হৈছে: 2022-03-12. [সংযোগবিহীন উৎস]
  12. "Best Stand Up Comedians in India". CelebsWhoop.com. 23 April 2020. Archived from the original on 29 October 2020. https://web.archive.org/web/20201029124559/https://www.celebswhoop.com/best-stand-up-comedians-in-india/। আহৰণ কৰা হৈছে: 23 April 2020. 
  13. Zakir Khan's web-series 'Chacha Vidhayak Hai Hamare' Has An All Exclusive Free Premier For His Biggest Fans, archived from the original on 26 May 2018, https://web.archive.org/web/20180526190757/https://www.craxystore.com/blogs/news/zakir-khan-s-web-series-chacha-vidhayak-hai-hamare-for-amazon-prime, আহৰণ কৰা হৈছে: 10 May 2018 
  14. Mitra, Ankita (11 April 2013). "Not so Serious". The Hindu. http://www.thehindu.com/features/metroplus/radio-and-tv/not-so-serious/article4606306.ece. 
  15. "Amazon Prime Video show Comicstaan renewed for second season; Zakir Khan joins as judge". Firstpost. 6 August 2018. https://www.firstpost.com/entertainment/amazon-prime-video-show-comicstaan-renewed-for-second-season-zakir-khan-joins-as-judge-4901361.html। আহৰণ কৰা হৈছে: 5 November 2020. 
  16. "One Mic Stand Web Review: So you wanna be a stand-up comedian?". 19 November 2019. https://www.mid-day.com/articles/one-mic-stand-web-review-so-you-wanna-be-a-stand-up-comedian/22117150. 
  17. "Gaana Shows & Podcasts Original 'Ummeed With Zakir Khan' Shares Quirky Insights on Hope, Success & Self Care" (en ভাষাত). Indian Television Dot Com. 2020-02-24. https://www.indiantelevision.com/mam/marketing/mam/gaana-shows-podcasts-original-ummeed-with-zakir-khan-shares-quirky-insights-on-hope-success-self-care-200224। আহৰণ কৰা হৈছে: 2022-03-12. 
  18. "Zakir Khan On His New Podcast Ummeed With Zakir Khan, "Hope Is The Tiny Light That..."" (en-US ভাষাত). Koimoi. 2020-02-19. https://www.koimoi.com/television/zakir-khan-on-his-new-podcast-ummeed-with-zakir-khan/। আহৰণ কৰা হৈছে: 2022-03-12. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]