জাগো গ্ৰাহক জাগো
জাগো গ্ৰাহক জাগো ভাৰতৰ চৰকাৰৰ গ্ৰাহক-মন্ত্ৰ্যালয়ে ২০০৫ চনত আৰম্ভ কৰা এক গ্ৰাহক সজাগতা কাৰ্যসূচী। এই আঁচনিৰ অধীনত গ্ৰাহকৰ অধিকাৰ সন্দৰ্ভত সজাগতা বিয়পাই দিয়াৰ লগতে ব্যৱসায়ীসকলৰ অসৎ কাম-কাজৰ অন্ত পেলাবলৈ বিভিন্ন মাধ্যমত সৃষ্টি কৰা হৈছিল। ইয়াৰ বাবেই চলি থকা বহুতো অসৎ কাৰ্যৰ অন্ত পেলোৱা হৈছিল আৰু গ্ৰাহকৰ ওচৰলৈ ভাল মানৰ সামগ্ৰী যোগান ধৰা হৈছিল। এই আঁচনিৰ অধীনত গ্ৰাহকৰ মঞ্চ স্থাপন কৰা হৈছিল, আৰু গ্ৰাহকৰ গোচৰ চম্ভালিবলৈ গ্ৰাহক আদালতৰ সৃষ্টি কৰা হৈছিল। গ্ৰাহক আদালতত অভিযোগ গ্ৰহণ কৰা হয় আৰু তাৰ পিছত আদালতত গোচৰটোক লৈ কাৰ্যবিধি চলোৱা হয়। বিভিন্ন হেল্পলাইন নম্বৰ প্ৰদান কৰি জাগো গ্ৰাহক জাগোয়ে গণ জনপ্ৰিয়তা লাভ কৰিছিল আৰু অতি দ্ৰুতগতিত গ্ৰাহকৰ ওচৰলৈ গৈছিল।
জাগো গ্ৰাহক জাগো কাৰ্যসূচীৰ সুবিধা
[সম্পাদনা কৰক]- অবৈধ প্ৰথা বন্ধ কৰা: এই কাৰ্যসূচীৰ এটা উল্লেখযোগ্য সুবিধা আছিল যে এতিয়া গ্ৰাহকৰ অভিযোগ তৎক্ষণাত পৰীক্ষা কৰা হৈছিল, যাৰ ফলত বজাৰত সংঘটিত হোৱা অসৎ কাৰ্যৰ সংখ্যা হ্ৰাস পাইছিল।
- সামগ্ৰীৰ ওপৰত নিৰ্দিষ্ট হাৰ: গ্ৰাহকে নিৰ্দিষ্ট হাৰত সামগ্ৰী পোৱাৰ অধিকাৰ পূৰণ হয় অৰ্থাৎ কোনো ব্যৱসায়ীয়ে গ্ৰাহকৰ পৰা সৰ্বোচ্চ খুচুৰা মূল্যতকৈ অধিক ধন ল’ব নোৱাৰে।
- দৰদামৰ অধিকাৰ: গ্ৰাহকৰ দৰদামৰ অধিকাৰ নিশ্চিত কৰা হয়।
জাগো গ্ৰাহক জাগোৰ যোগ্যতা
[সম্পাদনা কৰক]প্ৰতিজন ভাৰতীয় গ্ৰাহক এই কাৰ্যসূচীৰ বাবে যোগ্য।
জাগো গ্ৰাহক জাগো কাৰ্যসূচীৰ বাবে প্ৰয়োজনীয় নথি:
- ভাৰতীয় জাতীয়তাৰ প্ৰমাণ
- সামগ্ৰীৰ ৰচিদ।
জাগো গ্ৰাহক জাগো: অভিযোগ দাখিল কৰা
[সম্পাদনা কৰক]গ্ৰাহকে কোনো সামগ্ৰী বা সেৱাৰ বিষয়ে বিভিন্ন ধৰণৰ জৰিয়তে অভিযোগ কৰিব পাৰে যেনে:
- ৰাষ্ট্ৰীয় গ্ৰাহক হেল্পলাইন
- অনলাইনত অভিযোগ দাখিল কৰি
- ৰাষ্ট্ৰীয়/জিলা গ্ৰাহক আদালতৰ কাষ চাপি
উৎস
[সম্পাদনা কৰক]- Mishra, Mihir (4 December 2018). "PMO: Government plans to revamp its consumer awareness campaign Jago Grahak Jago". The Economic Times. https://economictimes.indiatimes.com/news/economy/policy/government-plans-to-revamp-its-consumer-awareness-campaign-jago-grahak-jago/articleshow/66929947.cms?from=mdr.
- Mukherjee, Sanjeeb (2014-12-22). "Government to revamp Jago Grahak Jago campaign". Business Standard India. https://www.business-standard.com/article/economy-policy/government-to-revamp-jago-grahak-jago-campaign-114121600899_1.html.