সমললৈ যাওক

জাচমিন তাবাতাবাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জাচমিন তাবাতাবাই

২০২৬ চনত জাচমিন তাবাতাবাই
স্থানীয় নাম یاسمین طباطبائی
জন্ম ০৮ জুন, ১৯৬৭ (৫৯ বছৰ)
তেহৰান, ইৰান
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৯২–বৰ্তমান
দাম্পত্যসঙ্গী টিকো জামোৰা (বিবাহ ২০০৩; বিবাহ বিচ্ছেদ ২০০৮)
অংশীদাৰ আন্দ্ৰিয়াছ পিটচমেন (২০০৭–বৰ্তমান)
সন্তান

জাচমিন তাবাতাবাই (ফাৰ্চী: یاسمین طباطبائی, জন্ম ৮ জুন ১৯৬৭) হৈছে এগৰাকী জাৰ্মান অভিনেত্ৰী আৰু গায়িকা।

জাচমিন তাবাতাবাইৰ মাতৃ এগৰাকী জাৰ্মান আৰু পিতৃ ইৰানী নাগৰিক আছিল। ১৯৭৯ চনৰ ইৰানৰ ইছলামিক বিপ্লৱৰ সময়লৈকে তেওঁ তহেৰানতে জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈছিল আৰু ইয়াৰ পিছতে তেওঁ মাকৰ সৈতে জাৰ্মানীলৈ প্ৰব্ৰজন কৰে। স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পাছত তেওঁ ষ্টাটগাৰ্টৰ কলা মহাবিদ্যালয়ত অভিনয় শিল্প অধ্যয়ন কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৯২ চনত ছুইজাৰলেণ্ডৰ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ চিলড্ৰেন অৱ দ্য অপেন ৰোড-ত মুখ্য চৰিত্ৰত অভিনয় কৰি তেওঁ প্ৰথমবাৰৰ বাবে পৰ্দাত আত্মপ্ৰকাশ কৰে। এই অভিনয়ৰ বাবে তেওঁ ফ্ৰান্সৰ অমিয়েন চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল। বাৰ্লিনত অভিনেত্ৰী হিচাপে কাম কৰাৰ প্ৰাৰম্ভিক সময়ছোৱাত তেওঁ গায়িকা আৰু সুৰকাৰ হিচাপে ইভেন কাউগাৰ্লছ গেট দ্য ব্লুজ নামৰ এটা বেণ্ড সহ-প্ৰতিষ্ঠা কৰিছিল।[1]

১৯৯৭ চনৰ জাৰ্মান চলচ্চিত্ৰ বেণ্ডিটচ-এ তাবাতাবাইক এক বিশাল দৰ্শকৰ মাজলৈ লৈ যায়। এই ছবিত কৰা অভিনয়ৰ উপৰি তেওঁ ছবিখনৰ চাউণ্ডট্ৰেকৰ বাবে বহুতো গীত লিখিছিল আৰু পৰিৱেশনো কৰিছিল। এই ছবিখনৰ বাণীবদ্ধ কৰা সংগীতৰ সাত লাখতকৈও অধিক কঁপি বিক্ৰী হৈছিল। ইয়াৰ উপৰি তেওঁ হাৰকিউলিচ ছবিখনৰ জাৰ্মান সংস্কৰণত মেগাৰা চৰিত্ৰৰ বাবে কণ্ঠদান কৰিছিল।

এগৰাকী একক শিল্পী হিচাপে তাবাতাবাইৰ প্ৰথমটো এলবাম অন্‌লী লাভ ২০০২ চনত আফটাৰ ইউ কিল্ড মি নামৰ একক গীতটোৰ সৈতে মুক্তি লাভ কৰিছিল। ইয়াৰ অলপ পাছতে তেওঁ পলিট্ৰেচ নামৰ নিজা ৰেকৰ্ড লেবেল প্ৰতিষ্ঠা কৰে। ২০০৪ চনৰ আইৰন জড এঞ্জেলচ বোলছবিখনৰ চাউণ্ডট্ৰেকৰ বাবে তেওঁ তেতিয়াৰ স্বামী টিকো জামোৰাৰ সৈতে মিলি গীত ৰচনা কৰিছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]
বাৰ্লিনেল ২০১৭-ত সংগী আন্দ্ৰিয়াছ পিটচমেনৰ সৈতে জাচমিন তাবাতাবাই

২০০১ চনৰ ডিচেম্বৰ মাহত তাবাতাবায়ে আমেৰিকান সংগীতজ্ঞ টিকো জামোৰাক লগ পায়।[2] ২০০২ চনৰ ৩ ডিচেম্বৰত তেওঁলোকৰ প্ৰথম আৰু একমাত্ৰ সন্তান এনজেলিনা শ্বেৰী ৰোজ নামৰ এগৰাকী কন্যা সন্তানৰ জন্ম হয়।[3][4] তেওঁ আৰু জামোৰাই ২০০৩ চনৰ ১ জুনত বিবাহপাশত আবদ্ধ হয় আৰু ২০০৬ চনৰ গ্ৰীষ্মকালৰ ভিতৰত তেওঁলোক পৃথক হয়। ২০০৮ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ চূড়ান্ত হয়।

২০০৭ চনৰ গ্ৰীষ্মকালৰপৰা তেওঁ অভিনেতা আন্দ্ৰিয়াছ পিটচমেনৰ সৈতে সম্পৰ্কত আছে। তেওঁলোকৰ দুটা সন্তান আছে: এগৰাকী কন্যা হেলেনা লেইলা (জন্ম ৫ জুলাই ২০০৯)[5] আৰু এজন পুত্ৰ জোহান এণ্টন (জন্ম ১৩ আগষ্ট ২০১৩)। তাবাতাবাই আৰু পিটচমেন বৰ্তমান বাৰ্লিনত বসবাস কৰে।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]