জাচিগি (খেল)
জাচিগি দক্ষিণ কোৰিয়াৰ খেল য’ত এটা দীঘল লাঠি আৰু দুডাল চুটি লাঠি ব্যৱহাৰ কৰা হয়। প্ৰথমে মাটিত এটা ঘূৰণীয়া গাঁত খান্দি, বাহিৰৰ ফালে এটা বৃত্ত অংকন কৰা হয়। গাঁতটোৰ বাহিৰৰ ফালে চুটি লাঠিডাল ৰখাৰ পিছত দীঘল লাঠিডালেৰে আঘাত কৰা হয় আৰু ৰিবাউণ্ডিং লাঠিডাল (সমাত্ৰ আঘাত কৰা চুটি লাঠিডাল), বতাহৰ মাজত দীঘল লাঠিডালেৰে পুনৰ আঘাত কৰা হয়, যাৰ ফলত ইয়াক বহু দূৰলৈ উৰিবলৈ পঠিওৱা হয়।[1]
ইতিহাস
[সম্পাদনা কৰক]জাচিগি বা জা চিগিৰ উৎপত্তি গ্যোকগু নামৰ খেলৰ পৰা বুলি কোৱা হয়, যিটো প্ৰাচীন গৰ্য়েওত সামৰিক উদ্দেশ্যত ব্যৱহাৰ কৰা জনপ্ৰিয় খেল।[2] ইয়াত দুটা দলে লাঠি ধৰিছিল, যিবোৰৰ সহায়ত গ্য়োকগু খেলপথাৰৰ মাজত স্থাপন কৰা দুটা গ’ল পোষ্টৰ মাজত বল এটা মাৰি পঠিওৱা হৈছিল। বিশেষকৈ ঘোঁৰাত উঠিও খেলা হৈছিল বাবে এই খেলখন আধুনিক যুগৰ ফিল্ড হকী খেলৰ সৈতে মিল আছিল। কিন্তু জোচেন যুগৰ সামৰিক সেৱাৰ পৰীক্ষা আৰু প্ৰশিক্ষণত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছিল।[2] বিশেষকৈ জাপানৰ সৈতে জোচেনৰ যুদ্ধৰ পিছত আধুনিক যুদ্ধৰ আগমনৰ ফলত সশস্ত্ৰ যুদ্ধত গ্য়েকগুক অপ্ৰাসংগিক হৈ পৰিছিল আৰু তেতিয়াৰ পৰাই ই সৰল ৰূপলৈ ৰূপান্তৰিত হৈছিল আৰু সমগ্ৰ কোৰিয়াতে জনপ্ৰিয় শিশু খেল হিচাপে বিয়পি পৰিছিল। ই আছিল শ্বাটলকক-কিকিং খেল আৰু জাচগিৰ ভিত্তি। জাচগি খেলে লাঠিৰে জোখ-মাখ কৰা আৰু আঘাত কৰাটো বুজায়।[3] জা মানে কাঠৰ লাঠি, আনহাতে চিগি মানে দূৰত্ব জুখিব পৰা।[2] ফলপ্ৰসূভাৱে খেলিবলৈ হ’লে লাঠিডাল প্ৰায় ৩০ চেণ্টিমিটাৰ আৰু চুটি লাঠিডাল ৭ চেণ্টিমিটাৰ হ’ব লাগিব।
জাচিগি কেনেকৈ খেলিব
[সম্পাদনা কৰক]নিয়ম অনুসৰি প্ৰথমে দুজন বা তাতকৈ অধিক লোকক দুটা দলত ভাগ কৰা হ’ব, হয় আক্ৰমণাত্মক এলেকা বা ডিফেন্সিভ এলেকা। আক্ৰমণাত্মক পক্ষই লাঠিডালত খুন্দা মাৰি উৰিবলৈ দিয়ে; যদি বিপক্ষ দলে ইয়াক ধৰে, তেন্তে ফাউল আৰু প্ৰতিৰক্ষাই পক্ষ সলনি কৰে। যদি মাত্ৰ দুজন মানুহে খেলিলেহেঁতেন তেন্তে লাঠিডাল মাৰি দিয়া খেলুৱৈজন হাৰিলেহেঁতেন। ধৰিব নোৱাৰা ক্ষেত্ৰত বিপক্ষ দলে চুটি লাঠিডাল তুলি লয়, আৰু গাঁতটোৰ ফালে দলিয়াই দিয়ে। তাৰ পিছত, আক্ৰমণাত্মক ব্যক্তিজনে ইয়াক ওভতাই মাৰে। চুটি লাঠিডাল য’ত পৰিল, দীঘল লাঠিডালেৰে জোখ-মাখ কৰে। ঠিক তেতিয়াই দীঘল লাঠিডাল জোখৰ একক হৈ পৰে। বিজয়ী নিৰ্ণয় কৰিবলৈ দীঘল লাঠিডাল জোখমাৰি বা জোখৰ একক হিচাপে ব্যৱহাৰ কৰাৰ বাবে জাচিগি নামটো ব্যৱহাৰ কৰা হয়।[1] দূৰত্ব যিমানেই বেছি জুখিব সিমানেই নম্বৰ বেছি হ’ব। ঠিক অসমৰ ভটা-গুটিৰ দৰেই।
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- 1 2 "자치기" (ko ভাষাত). Encyclopedia of Korean Culture. http://encykorea.aks.ac.kr/Contents/SearchNavi?keyword=%EC%9E%90%EC%B9%98%EA%B8%B0&ridx=0&tot=3। আহৰণ কৰা হৈছে: 2018-06-11.
- 1 2 3 Lee, E-Wha (2006). Korea's Pastimes and Customs: A Social History. প্ৰকাশক Paramus, NJ: Homa & Sekey Books. পৃষ্ঠা. 54. ISBN 1931907382.
- ↑ Mangan, J.A.; Horton, Peter; Ren, Tianwei; Ok, Gwang (2017). Japanese Imperialism: Politics and Sport in East Asia: Rejection, Resentment, Revanchism. প্ৰকাশক Singapore: Palgrave Macmillan. পৃষ্ঠা. 62. ISBN 9789811051036.