জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ, বাংলাদেশ
| জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ | |
|---|---|
National Film Awards logo | |
| প্ৰদান কৰা হয় | চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা উল্লেখযোগ্য আৰু অসাধাৰণ অৱদানৰ বাবে। |
| পৃষ্ঠপোষক | Government of Bangladesh |
| অৱস্থান | ঢাকা |
| দেশ | বাংলাদেশ |
| প্ৰদান কৰোঁতা | তথ্য মন্ত্ৰ্যালয়,বাংলাদেশ চৰকাৰ |
| প্ৰথমবাৰলৈ প্ৰদান কৰা হৈছিল | ১৯৭৫ |
| শেষবাৰলৈ প্ৰদান কৰা হৈছিল | ২০২৩ |
| ৱেবচাইট | moi |
জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ(ইংৰাজী: National film awards, Bangladesh)বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হোৱা বাংলাদেশী চিনেমাৰ একমাত্ৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান।[1][2]এই অনুষ্ঠানটিৰ বাংলাদেশৰ আটাইতকৈ উল্লেখযোগ্য চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান হিচাপে গণ্য কৰা হয়। ১৯৭৫ চনত বাংলাদেশ চৰকাৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰতিষ্ঠা কৰে। [3] প্ৰতি বছৰে চৰকাৰে নিযুক্তি দিয়া ৰাষ্ট্ৰীয় পেনেলে বিজয়ীসকলক নিৰ্বাচন কৰে।
ইতিহাস
[সম্পাদনা কৰক]১৯৭৫ চনত বাংলাদেশ চৰকাৰে প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰে। বাংলাদেশ চৰকাৰে চলচ্চিত্ৰ জগতৰ বিকাশ আৰু উন্নতিৰ দিশত উল্লেখযোগ্য অৱদানৰ বাবে ব্যক্তিবিশেষকক আৰু শ্ৰেষ্ঠ ছবি আৰু তথ্যচিত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে জাতীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰে। ১৯৭৫ চনৰপৰা জাতীয় চলচ্চিত্ৰ বঁটা প্ৰতি বছৰে বৰ্ণিল নৃত্য, সংগীত আদিৰে আয়োজন কৰা এক বাংলা চিনেমা জগতৰ এক বৃহৎ অনুষ্ঠান।
১৯৮১ চনত কোনো বঁটা প্ৰদান কৰা নহ’ল কাৰণ জুৰী ব’ৰ্ডে কোনো ছবিকে বঁটাৰ যোগ্য বুলি গণ্য কৰা নাছিল। পিছত ২০০৮ চনত চৰকাৰে একেৰাহে চাৰিটা বৰ্ষৰ জাতীয় চলচ্চিত্ৰ বঁটা (২০০৪, ২০০৫, ২০০৬, আৰু ২০০৭) ঘোষণা কৰে।[2] এই বঁটাত ওঠৰ কেৰেটৰ পোন্ধৰ গ্ৰাম সোণৰ পদক, পদকৰ প্ৰতিৰূপ আৰু প্ৰমাণ-পত্ৰ থাকে। আজীৱন বঁটা লাভ কৰাজনক এক লাখ টকা দিয়া হয়। শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ প্ৰযোজক আৰু শ্ৰেষ্ঠ চুটি ছবি প্ৰযোজকক ৫০ হাজাৰ টকা দিয়া হয়। তদুপৰি শ্ৰেষ্ঠ তথ্যচিত্ৰ নিৰ্মাতা, শ্ৰেষ্ঠ চলচ্চিত্ৰ পৰিচালকক ৫০ হাজাৰ টকা, বাকীসকলক ত্ৰিছ হাজাৰ টকা দিয়া হয়। পিছলৈ বঁটাৰ নগদ ধনৰ পৰিমাণ বৃদ্ধি কৰা হয়। ২০১৯ চনৰ নৱেম্বৰৰপৰা আজীৱন বঁটা লাভ কৰাজনক তিনি লাখ টকা, শ্ৰেষ্ঠ প্ৰযোজক আৰু পৰিচালকক ২ লাখ টকাকৈ আৰু বাকীসকলক এক লাখ টকা দিয়া হয়॥[4]
জুৰী
[সম্পাদনা কৰক]বাংলাদেশ চৰকাৰৰ তথ্য মন্ত্ৰ্যালয়ৰ অধীনস্থ বাংলাদেশ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰামাণীকৰণ পৰিষদ এই জুৰী নিযুক্তি দিয়ে। ব’ৰ্ডৰ সদস্যসকলক বিভিন্ন পেছাৰপৰা নিৰ্বাচিত কৰা হয়,ইয়াৰ পূৰ্বে সমাজকৰ্মী, চৰকাৰী বিষয়া, শিক্ষাবিদ, সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰ প্ৰযোজক, অভিনেতা, কবি আদিৰ মাজৰপৰা অন্তৰ্ভুক্ত কৰা হৈছে। ব’ৰ্ডে জাতীয় চলচ্চিত্ৰ বঁটাৰ বাবে দাখিল কৰা ছবিৰ প্ৰদৰ্শনৰ ব্যৱস্থাও কৰে আৰু আপীল কমিটীয়ে পৰীক্ষা কৰা ছবি প্ৰদৰ্শনৰ দায়িত্ব লয়।[5]
জীৱনজোৰা সাধনা বঁটা
[সম্পাদনা কৰক]বাংলাদেশ জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ আজীৱন সম্মান
ব্যক্তিগত বঁটা সমূহ
[সম্পাদনা কৰক]- শ্ৰেষ্ঠ ছবি
- শ্ৰেষ্ঠ চুটি ছবি
- শ্ৰেষ্ঠ পৰিচালক
- শ্ৰেষ্ঠ অভিনেতা
- শ্ৰেষ্ঠ অভিনেত্ৰী
- শ্ৰেষ্ঠ সহযোগী অভিনেতা
- শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী
- শ্ৰেষ্ঠ খলনায়ক
- শ্ৰেষ্ঠ কমিক
- শ্ৰেষ্ঠ শিশু শিল্পী
- শ্ৰেষ্ঠ সংগীত পৰিচালনা
- শ্ৰেষ্ঠ সংগীত সুৰকাৰ
- শ্ৰেষ্ঠ পুৰুষ প্লেবেক গায়ক
- শ্ৰেষ্ঠ মহিলা প্লেবেক গায়িকা
- শ্ৰেষ্ঠ নৃত্য পৰিচালনা
- শ্ৰেষ্ঠ গীত
কাৰিকৰী বঁটা
[সম্পাদনা কৰক]- শ্ৰেষ্ঠ কাহিনী
- শ্ৰেষ্ঠ চিত্ৰনাট্য
- শ্ৰেষ্ঠ সংলাপ
- শ্ৰেষ্ঠ চিনেমেট'গ্ৰাফী
- শ্ৰেষ্ঠ সম্পাদনা
- শ্ৰেষ্ঠ কলা নিৰ্দেশনা
- শ্ৰেষ্ঠ শব্দ বাণীবদ্ধ
- শ্ৰেষ্ঠ সাজ-পোছাক ডিজাইন
- শ্ৰেষ্ঠ মেক-আপ
- শ্ৰেষ্ঠ বিশেষ প্ৰভাৱ
বিশেষ বঁটা
[সম্পাদনা কৰক]- বিশেষ জুৰী বঁটা
- শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবি
বঁটা প্ৰত্যাখ্যান
[সম্পাদনা কৰক]জননী ছবিখনত অভিনয় কৰা শ্বাবানাক শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটাৰ বাবে মনোনীত হৈছিল, কিন্তু তেওঁ সেই বঁটা গ্ৰহণ কৰা নাছিল। ১৯৮২ চনত "বড় ভালো লোক চিল" ছবিৰ বাবে চৈয়দ ছামছুল হকে শ্ৰেষ্ঠ সংলাপ লেখকৰ বঁটা গ্ৰহণ কৰা নাছিল। সুবৰ্ণা মুস্তাফাই "নতুন বৌ" ছবিত অভিনয় কৰাৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটা গ্ৰহণ কৰা নাছিল। ১৯৯০ চনত গোলাম মুস্তাফাই "ছুটিৰ ফাকে " ছবিত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটাৰ বাবে মনোনীত হয়, কিন্তু তেওঁ সেই বঁটা ঘূৰাই দিয়ে। ২০১৮ চনত মোশাৰৰফ কৰিম "কমলা ৰকেট" ছবিৰ বাবে শ্ৰেষ্ঠ কমেডিয়ানৰ বাবে মনোনীত কৰা হয় যদিও তেওঁ গ্ৰহণ কৰা নাছিল। [6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "National Film Award celebrates Bangladeshi film history". Dhaka Tribune. 12 May 2012. http://www.dhakatribune.com/entertainment/2014/may/12/national-film-award-celebrates-bangladeshi-film-history.
- ↑ 2.0 2.1 Shaon, Rashed. "আৰ্কাইভ কপি" (bn ভাষাত). bdnews24 (Dhaka, Bangladesh). Archived from the original on 20 August 2012. https://web.archive.org/web/20120820004411/http://glitz.bdnews24.com/details.php?catry=2&showns=2012.
- ↑ "Film, Feature". banglapedia.org. http://en.banglapedia.org/index.php?title=Film,_Feature.
- ↑ [https://bdnews24.com/bangladesh/2019/11/21/national-awards-money-doubled-amount-for-independence-award-raised-to-tk-500000 National awards money doubled, amount for Independence Award raised to Tk 500,000, bdnews twenty four dot com, 21 November 2019
- ↑ "Bangladesh Film Censor Board". bfcb.gov.bd. http://bfcb.gov.bd/.
- ↑ https://www.dhakatribune.com/192921