জাদুৰাম ডেকা বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জাদুৰাম ডেকা বৰুৱা
জন্ম এপ্ৰিল, ১৮০১
ঘিলামাৰী, উত্তৰ লখিমপুৰ
মৃত্যু অক্টোবৰ, ১৮৬৯
শিৱসাগৰ
পেচা অভিধান প্ৰণেতা
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

জাদুৰাম ডেকা বৰুৱা (ইংৰাজী: ; ১৮০১-১৮৬৯) অসমৰ প্ৰথমগৰাকী অভিধান প্ৰণেতা। ১৮৩৯ চনত অসমীয়া-ইংৰাজী অভিধান হাতে লিখি তেতিয়াৰ গৱৰ্ণৰ জেনকিনছনক দিছিল। জেনকিনছনে সেইখন বেপ্তিষ্ট মিছনেৰী সকলক দিয়ে। অনুমান কৰা হৈছে যে, এই অভিধান খনৰ আধাৰতে মাইলচ্‌ ব্ৰনছনে ১৮৬৭ চনত তেওঁৰ অভিধানখন লিখে।[1]

সংক্ষিপ্ত জীৱনী[সম্পাদনা কৰক]

জাদুৰাম ডেকা বৰুৱাৰ জন্ম উত্তৰ লখিমপুৰৰ ঘিলামাৰীত। পিতৃ কৃষ্ণদাস বৰভাণ্ডাৰী বৰুৱা। তেওঁলোক যোৰহাটৰ বাসিন্দা আছিল। ব্ৰিটিছ ৰাজত্বকালত জাদুৰাম বৰুৱা শিৱসাগৰত মুন্সিফ কামত সোমায়। তেওঁ যোৰহাট, গোলাঘাট আৰু লখিমপুৰত চাকৰি কৰিছিল আৰু ১৯৬০ বৰপেটাত সদৰামিন ৰূপে নিযুক্ত হৈছিল। ডিব্ৰুগড় জিলাত তেওঁৰ কৰ্ম জীৱনৰ সামৰণি পৰে। আদম হোৱাইটে ১৮৩২ চনত তেওঁক ঘিলামাৰীত ৰজখোৱা পাতিছিল আৰু কলাবাৰীত তেওঁ ৩০০ পুৰা মাটিৰ এটি গ্ৰাণ্ট পাইছিল।

চৰকাৰী চাকৰিতে ব্যস্ত নাথাকি তেওঁ সাহিত্য চৰ্চাও কৰিছিল আৰু ‘সমাচাৰ চন্দ্ৰিকা’, ‘সমাচাৰ দৰ্পণ’ আদি বাংলা কাকতত প্ৰৱন্ধ লিখিছিল। তেওঁ সতীদাহ প্ৰথাৰ বিৰোধিতা কৰিছিল আৰু বিধৱা বিবহৰ সমৰ্থক ৰূপে এগৰাকী বিধৱাৰ পাণি গ্ৰহণ কৰিছিল। গোমধৰ কোঁৱৰৰ ৰাজদ্ৰোহীতাৰ বিচাৰত বৰুৱা জুৰীৰ সদস্য আছিল। ক্ষীণ আছিল বাবে তেওঁৰ আন এটি নাম আছিল ‘লেৰেলি ডেকা বৰুৱা’ । শিৱসাগৰত তেওঁৰ মৃত্যু ঘটে।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 শিৱনাথ বৰ্মন (১৯৯২). "অসমীয়া জীৱনী অভিধান". মহতাব হুছেইন. https://archive.org/details/in.ernet.dli.2015.451337/page/n105/mode/2up। আহৰণ কৰা হৈছে: ৩১ মে', ২০২২.