জানকী বড়িৱালা
| জানকী বড়িৱালা | |
|---|---|
২০২৫ চনত বড়িৱালা | |
| জন্ম | ৩০ অক্টোবৰ, ১৯৯৫ (৩০ বছৰ) আহমেদাবাদ, গুজৰাট, ভাৰত |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০১৫–বৰ্তমান |
জানকী বড়িৱালা (জন্ম: ৩০ অক্টোবৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ গুজৰাটী ছবিত কাম কৰে। তেওঁ ছেল্লো দিৱস (২০১৫), ছুট্টি জাশে ছাক্কা (২০১৮), নাদী দোষ (২০২২) আৰু ৱাশ্ব (২০২৩) ছবিৰ বাবে পৰিচিত। ২০২৪ চনত চেইতান ছবিৰ জৰিয়তে তেওঁ হিন্দী চিনেমা জগতত আত্মপ্ৰকাশ কৰে।[1][2]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]বড়িৱালাই ১৯৯৫ চনৰ ৩০ অক্টোবৰত[3] আহমেদাবাদৰ ভাৰত আৰু কাশ্মীৰা বড়িৱালাৰ ঘৰত জন্মগ্ৰহণ কৰিছিল।[4][5] তেওঁৰ ধ্ৰুপদ বড়িৱালা নামৰ এজন ভ্ৰাতৃ আছে।[6] তেওঁ আহমেদাবাদৰ এম কে চেকেণ্ডাৰী এণ্ড হায়াৰ চেকেণ্ডাৰী স্কুলৰপৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰিছে। তেওঁ গান্ধীনগৰৰ গোৱেংকা ৰিচাৰ্ছ ইনষ্টিটিউট অৱ ডেণ্টাল চাইন্সৰপৰা বেচেলৰ অৱ ডেণ্টাল চাৰ্জৰী (বিডিএছ) ডিগ্ৰী লাভ কৰে। তেওঁ ২০১৯ চনৰ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু মিছ ইণ্ডিয়া গুজৰাটৰ শীৰ্ষ ৩ গৰাকী প্ৰতিযোগীৰ মাজত স্থান লাভ কৰিছিল।[7]
কেৰিয়াৰ
[সম্পাদনা কৰক]কৃষ্ণদেৱ যাজ্ঞিকৰ ৰচনা আৰু পৰিচালনাত নিৰ্মিত গুজৰাটী ছবি ছেল্লো দিৱসৰ জৰিয়তে বড়িৱালাই অভিনয় জগতত আত্মপ্ৰকাশ কৰে।[8] ২০১৫ চনৰ ২০ নৱেম্বৰত বিশ্বজুৰি ২৩১খন পৰ্দাত মুক্তি পোৱা ছবিখনে সমালোচকৰ ইতিবাচক সঁহাৰি লাভ কৰাৰ লগতে ব্যাৱসায়িকভাৱেও সফল হয়।[9]
২০১৭ চনত তেওঁ অ'! তাৰী,[10] তাম্বুৰো[11] আৰু দাউড পাকাদত অভিনয় কৰে।[12] পৰৱৰ্তী সময়ত তেওঁ ছুট্টি জাশে ছাক্কা,[13] তাৰী মাটে ৱানচ ম'ৰ (২০১৮) আৰু বাউ না বিচাৰ (২০১৯) আদি ছবিত অভিনয় কৰে।[14] তেওঁ যশ ছনীৰ সৈতে কৃষ্ণদেৱ যাজ্ঞিকৰ ছবি নাদী দোষত (২০২২) অভিনয় কৰিছিল।[15][16] ২০২৩ চনত তেওঁ ব্লকবাষ্টাৰ ছবি ৱাশ্বত অভিনয় কৰে আৰু ছবিখনত বড়িৱালাৰ অভিনয়ে দৰ্শকৰ বিপুল প্ৰশংসা লাভ কৰে।
২০২৪ চনত তেওঁ অজয় দেৱগন, জ্যোতিকা আৰু আৰ. মাধৱনৰ সৈতে বিকাশ বাহলৰ ছবি চেইতানৰ জৰিয়তে হিন্দী চিনামাত আত্মপ্ৰকাশ কৰে। এই ছবিখন আছিল ৱাশ্বৰ পুনৰ্নিৰ্মাণ য’ত তেওঁ পূৰ্বৰ চৰিত্ৰটোকেই জাহ্নৱী ঋষি নামেৰে ৰূপায়ণ কৰিছিল।[17]
সংবাদ মাধ্যম
[সম্পাদনা কৰক]২০১৯ চনত দি টাইমছ অৱ ইণ্ডিয়াৰ "টাইমছ ৫০ গৰাকী আটাইতকৈ আকৰ্ষণীয় মহিলা"ৰ তালিকাত বড়িৱালাই ৫০সংখ্যক স্থান লাভ কৰিছিল।[18]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Shaitaan Teaser: Ajay Devgn, Jyotika And Madhavan Tangled In A Spookfest". NDTV. https://www.ndtv.com/entertainment/shaitaan-teaser-to-a-terrified-ajay-devgn-r-madhavan-declares-you-must-not-be-tempted-4928317। আহৰণ কৰা হৈছে: 2024-01-25.
- ↑ "Janki Bodiwala filmography and details". https://www.cinestaan.com/people/janki-bodiwala-118926। আহৰণ কৰা হৈছে: 23 December 2019.
- ↑ Masand, Taru (2024-05-04). "Shaitaan's Janki Bodiwala: From Chhello Divas to Bollywood debut" (en-US ভাষাত). News9live. https://www.news9live.com/entertainment/celebrity/shaitaan-fame-janki-bodiwala-movies-new-release-and-love-life-2523331। আহৰণ কৰা হৈছে: 2026-02-08.
- ↑ "Who is Shaitaan's Janki Bodiwala? Trained to be dentist, had superhit debut at 20, competed in Miss India but..." (en ভাষাত). DNA India. https://www.dnaindia.com/bollywood/report-who-is-shaitaan-janki-bodiwala-trained-dentist-superhit-debut-20-competed-miss-india-ajay-devgn-r-madhavan-3078961। আহৰণ কৰা হৈছে: 2024-03-09.
- ↑ Bharatvarsh, TV9 (2024-03-03). "कौन हैं 'शैतान' में अजय देवगन की बेटी का रोल निभाने वाली जानकी बोड़ीवाला" (hi ভাষাত). TV9 Bharatvarsh. https://www.tv9hindi.com/entertainment/bollywood-news/ajay-devgn-shaitaan-on-screen-daughter-janki-bodiwala-profile-2466252.html। আহৰণ কৰা হৈছে: 2024-03-09.
- ↑ "Gujarati film celebrities and their equally attractive siblings". https://timesofindia.indiatimes.com/entertainment/gujarati/photo-features/gujarati-film-celebrities-and-their-equally-attractive-siblings/janki-bodiwala/photostory/64646452.cms.
- ↑ "Janki Bodiwala – Everything You Need to Know". BollyBonda. November 20, 2019. Archived from the original on February 26, 2024. https://web.archive.org/web/20240226065759/https://bollybonda.com/janki-bodiwala/। আহৰণ কৰা হৈছে: February 28, 2024.
- ↑ "Movie Review: Chhello Divas". Archived from the original on 8 February 2023. https://web.archive.org/web/20230208070202/https://buddybits.com/2015/12/movie-review-chhello-divas/। আহৰণ কৰা হৈছে: 23 December 2019.
- ↑ "After Recent Hits At The Box Office, 'Gollywood' Rises in Gujarat". NDTV.com. 12 January 2016. http://www.ndtv.com/ahmedabad-news/after-recent-hits-at-the-box-office-gollywood-rises-in-gujarat-1265062। আহৰণ কৰা হৈছে: 4 February 2016.
- ↑ "O! Taareee movie review". https://timesofindia.indiatimes.com/entertainment/gujarati/movie-reviews/o-taareee/movie-review/57451884.cms। আহৰণ কৰা হৈছে: 22 December 2019.
- ↑ "Tamburo Gujarati movie released on 18 August, 2017". https://timesofindia.indiatimes.com/entertainment/gujarati/movie-details/tamburo/movieshow/61224037.cms.
- ↑ "Janki Bodiwala strikes a pose in a stunning slit dress". https://timesofindia.indiatimes.com/entertainment/gujarati/movies/news/janki-bodiwala-strikes-a-pose-in-a-stunning-slit-dress/articleshow/71523210.cms.
- ↑ "'Chhutti Jashe Chhakka': 5 things you need to know about the upcoming Gujarati film". https://timesofindia.indiatimes.com/entertainment/gujarati/photo-features/chhutti-jashe-chhakka-5-things-you-need-to-know-about-the-upcoming-gujarati-film/photostory/64555581.cms.
- ↑ "Bau Na Vichaar Movie Review {3.0/5}: Critic Review of Bau Na Vichaar by Times of India". The Times of India. https://timesofindia.indiatimes.com/entertainment/gujarati/movie-reviews/bau-na-vichaar/movie-review/69164249.cms। আহৰণ কৰা হৈছে: 27 April 2023.
- ↑ "Yash Soni and Janki Bodiwala wrap up the untitled venture". https://timesofindia.indiatimes.com/entertainment/gujarati/movies/news/yash-soni-and-janki-bodiwala-wrap-up-the-untitled-venture/articleshow/72468209.cms.
- ↑ "આવી ગયું રોમેન્ટિક ગુજરાતી ફિલ્મ 'નાડી દોષ'નું ટ્રેલર, છવાઈ ગયા યશ અને જાનકી" (gu ভাষাত). I am Gujarat. https://www.iamgujarat.com/entertainment/gujarati-movies/trailer-of-an-upcoming-gujarati-film-naadi-dosh-released-starring-yash-soni-janki-bodiwala-raunaq-kamdar/articleshow/91602129.cms। আহৰণ কৰা হৈছে: 23 May 2022.
- ↑ "Shaitaan review: Vikas Bahl's raw yet tiring horror debut is salvaged by Madhavan, Janki Bodiwala's chilling acts" (en ভাষাত). DNA India. https://www.dnaindia.com/bollywood/report-shaitaan-review-vikas-bahl-s-raw-yet-tiring-horror-film-r-madhavan-janki-bodiwala-ajay-devgn-jyotika-3080793। আহৰণ কৰা হৈছে: 2024-03-09.
- ↑ "MEET THE TIMES 50 MOST DESIRABLE WOMEN 2019 – Times of India ►" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/meet-indias-most-desirable-divas/articleshow/77805527.cms। আহৰণ কৰা হৈছে: 7 August 2021.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত জানকী বড়িৱালা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- জানকী বড়িৱালা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইনষ্টাগ্ৰামত Janki Bodiwala
- ফেইচবুকত Janki Bodiwala