সমললৈ যাওক

জানকী ৰামায়ণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জানকী ৰামায়ণ  
লেখক পণ্ডিত লাল দাস
শিৰোনাম जानकी रामायण
দেশ ভাৰত
ভাষা মৈথিলী
প্ৰকাৰ ৰামায়ণৰ এক ৰূপ
প্ৰকাশ ১৯৮০

জানকী ৰামায়ণ (মৈথিলী: जानकी रामायण) হৈছে পণ্ডিত লাল দাসৰদ্বাৰা ৰচিত মৈথিলী ভাষাৰ পদ্যৰূপ ৰামায়ণ, যি সীতাক কেন্দ্ৰ কৰি গঢ়ি উঠা এক অনন্য সংস্কৰণ।[1][2]

ভাৰতীয় উপমহাদেশত ৰামায়ণ বহুতো ভাষাত ৰচিত হৈছে আৰু ৰামায়ণৰ অনুমাণিক ৩০০ৰপৰা ১০০০টা সংস্কৰণ পোৱা যায়। বাল্মিকীৰ মূল সংস্কৃত ৰামায়ণ আৰু তুলসীদাসৰ অৱধী ভাষাৰ ৰামচৰিতমানসৰ দৰে সংস্কৰণসমূহত প্ৰধানকৈ ৰামৰ আদৰ্শ বৰ্ণনা কৰা হৈছে। কিন্তু পণ্ডিত লাল দাসৰদ্বাৰা ৰচিত জানকী ৰামায়ণ হ'ল সীতাৰ জীৱনৰ আধাৰত ৰচিত একমাত্ৰ সংস্কৰণ।[3] এই সংস্কৰণত সীতাৰ জন্মৰপৰা জীৱনৰ অন্ত পৰ্যন্তৰ ঘটনাবোৰ, লগতে তেওঁৰ অসীম শক্তি আৰু ত্যাগৰ বৰ্ণনা কৰা হৈছে।[4]

এই ৰামায়ণত সীতাক শক্তিৰ স্বৰূপ হিচাপে বৰ্ণনা কৰা হৈছে। তেওঁৰ তিনি ৰূপ তলত দিয়া ধৰণে বৰ্ণিত হৈছে:

  • শব্দব্ৰহ্মময়ী – শব্দৰূপী শক্তি
  • যজ্ঞভূমিত উৎপন্ন হলগ্ৰ – সৃষ্টি শক্তি
  • অব্যক্ত স্বৰূপা

তেওঁক আদিশক্তি ভগৱতী হিচাপেও কোৱা হৈছে।[3] এই ৰামায়ণখন সম্পূৰ্ণৰূপে মৈথিলী কাব্য ভাষাত ৰচিত। ইয়াত “সীতা” শব্দৰ অৰ্থ "ভূমিজা" বুলি উল্লেখ কৰা হৈছে — অৰ্থাৎ মাটিৰপৰা নাঙলেৰে উলিওৱা ৰেখা (ভূমিত জন্ম লোৱা)। তেওঁক কৃষিৰ অধিষ্ঠাত্ৰী, পৰম বৈদেহী, পৰম জানকী আৰু জনানাং কুলে জাতা (জনসাধাৰণৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা) বুলিও সম্বোধন কৰা হৈছে।[3]

এই কাব্যগ্ৰন্থখনত তিনিটা খণ্ড আৰু ২৫টা অধ্যায় আছে।[1]

  1. কথাৰম্ভ (অধ্যায় ১–৮)
  2. লক্ষ্মীকাণ্ড (অধ্যায় ৯–১৪)
  3. ৰাধাকাণ্ড (অধ্যায় ১৫–২৫)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]