জানেট অ'কালা
জেনেট অ'কালা(ইংৰাজী: Janet Okala; ১৮৯৪–১৯৭১) আছিল নাইজেৰিয়াৰ এগৰাকী ৰাজনৈতিক নেত্ৰী আৰু সম্প্ৰদায়-সংগঠক। আবা মহিলা যুদ্ধৰ সময়ত তেওঁ প্ৰতিবাদৰ নেতৃত্ব দিছিল আৰু নাইজেৰিয়াৰ মহিলাৰ ৰাজনৈতিক ক্ষমতাৰ পোষকতা কৰিবলৈ স্থানীয় আৰু ৰাষ্ট্ৰীয়ভাৱে জড়িত সংগঠন গঠন কৰিছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৮৯৪ চনত অনিছাত অডুকৱে অডিলিৰ তৃতীয় সন্তান আৰু প্ৰথম কন্যা হিচাপে জেনেট অ'কালাৰ জন্ম হয়।[1] পিছলৈ তেওঁ অ'ৱেৰিংটাৰ বাসিন্দা হয় য'ত তেওঁ ৰাজনৈতিক সক্ৰিয়তাৰ বাবে পৰিচিত হয়।[2] তেওঁৰ ছদ্মনাম আছিল "মামা ব্ৰেড" কাৰণ তেওঁৰ এটা বেকাৰীও আছিল।[2]
ৰাজনৈতিক কৰ্মজীৱন আৰু সক্ৰিয়তা
[সম্পাদনা কৰক]১৯২৯ চনত অ'কালাই আবা মহিলা যুদ্ধৰ সময়ত ওৱেৰিণ্টা অঞ্চলত প্ৰতিবাদকাৰী মহিলাসকলৰ নেতৃত্ব দিয়ে।[2] ইতিহাসবিদ নীনা এমা এমবাৰ মতে, অ'কালাই ইয়াৰ পূৰ্বে স্থানীয় মহিলাসকলক নেতৃত্ব আৰু পৰামৰ্শ আগবঢ়াইছিল যদিও যুদ্ধৰ সময়ত বিশেষভাৱে প্ৰাধান্য লাভ কৰিছিল।[3]
১৯৪৫ চনত অ'কালাই এনুগু মহিলা সংস্থা গঠন কৰে আৰু ইয়াৰ অন্যতম উপ-সভানেত্ৰী নিৰ্বাচিত হয়।[4] ১৯৪৯ চনত শিক্ষাবিদ আৰু প্ৰচাৰক ফুনমিলায়ো ৰেনচোম কুটি (FRK)ৰ ভ্ৰমণৰ পিছত এই গোটটোৱে নিজৰ নাম সলনি কৰি নাইজেৰিয়ান মহিলা সংঘৰ এনুগু শাখা হয়।[5] এফ আৰ কেৰ ভ্ৰমণৰ বৰ্ণনা কৰি অ'কালাই লিখিছে যে "সেই সময়ৰ আগতে এনুগুৰ মহিলাসকলৰ নিজৰ দেশৰ কাম-কাজৰ তদন্ত কৰাৰ কোনো অধিকাৰ নাছিল। মিচেছ কুটিয়ে তেওঁৰ আগমনৰ লগে লগে আমাক শিক্ষিত কৰিছিল।[4] পশ্চিম আফ্ৰিকান পাইলট আৰু ডেইলী টাইমছৰ দৰে স্থানীয় বাতৰি কাকতসমূহে গোটটোৰ নাম পৰিৱৰ্তনক নাইজেৰিয়াৰ মহিলাসকলৰ মাজত জাতীয়তাবাদী সংহতিৰ প্ৰতীক হিচাপে উদযাপন কৰিছিল।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Okala, Janet" (en ভাষাত). Okala, Janet (1894). Oxford University Press. January 2011. ISBN 978-0-19-538207-5. https://www.oxfordreference.com/view/10.1093/acref/9780195382075.001.0001/acref-9780195382075-e-1613.
- ↑ 2.0 2.1 2.2 Chuku, Gloria (2005) (en ভাষাত). Igbo Women and Economic Transformation in Southeastern Nigeria, 1900–1960. Psychology Press. ISBN 978-0-415-97210-9. https://books.google.com/books?id=Z3jouPZxPC4C&dq=Janet+Okala+nigeria&pg=PA235.
- ↑ Egbo, Benedicta (2000-01-01) (en ভাষাত). Gender, Literacy, and Life Chances in Sub-Saharan Africa. Multilingual Matters. ISBN 978-1-85359-464-9. https://books.google.com/books?id=NRQwr4fiADAC&dq=Janet+Okala+nigeria&pg=PA75.
- ↑ 4.0 4.1 4.2 Johnson-Odim, Cheryl; Mba, Nina Emma (1997) (en ভাষাত). For Women and the Nation: Funmilayo Ransome-Kuti of Nigeria. University of Illinois Press. ISBN 978-0-252-06613-9. https://books.google.com/books?id=ZyMyspsywPsC&dq=Janet+Okala&pg=PA122.
- ↑ Ako-Nai, Ronke Iyabowale (2013) (en ভাষাত). Gender and Power Relations in Nigeria. Rowman & Littlefield. ISBN 978-0-7391-7778-5. https://books.google.com/books?id=6-WYM0iQ3wUC&dq=Janet+Okala+nigeria&pg=PA244.