সমললৈ যাওক

জান্নাতুল ফেৰদৌচ পিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পিয়া জান্নাতুল
স্থানীয় নাম জান্নাতুল ফেব়দৌস পিয়া
জন্ম ১৪ অক্টোবৰ, ১৯৯১ (৩৪ বছৰ)
খুলনা, বাংলাদেশ
শিক্ষা লণ্ডন বিশ্ববিদ্যালয়
পেচা মডেল আৰু অধিবক্তা
দাম্পত্যসঙ্গী ফাৰুক হাছান সমীৰ
সন্তান আৰিছ হাছান
'Beauty pageant titleholder'
Title মিছ বাংলাদেশ ২০০৭
ৱৰ্ল্ড মিছ ইউনিভাৰ্ছিটি বাংলাদেশ ২০১১
ইণ্ডিয়ান প্ৰিন্সেছ ইণ্টাৰনেশ্যনেল ২০১৩
টপ মডেল অৱ দা ৱৰ্ল্ড বাংলাদেশ ২০১৩
No. of films চোৰাবালি
Years active ২০০৭–বৰ্তমান
Major
competition(s)
মিছ বাংলাদেশ ২০০৭
(বিজয়ী)
মিছ ৱৰ্ল্ড ২০০৭
(প্ৰতিদ্বন্দ্বিতা কৰা নাছিল)
ইণ্ডিয়ান প্ৰিন্সেছ ইণ্টাৰনেশ্যনেল ২০১৩
(বিজয়ী)
টপ মডেল অৱ দা ৱৰ্ল্ড ২০১৩
(শীৰ্ষ ১৫)
ৱেবছাইট
peyajannatul.com

জান্নাতুল ফেৰদৌচ পিয়া, যি পিয়া জান্নাতুল নামেৰেও পৰিচিত, এগৰাকী বাংলাদেশী মডেল আৰু অধিবক্তা।[1] তেওঁ মিছ বাংলাদেশ ২০০৭ আৰু ইণ্ডিয়ান প্ৰিন্সেছ ইণ্টাৰনেশ্যনেল ২০১৩-ৰ খিতাপ অৰ্জন কৰিছিল। পিয়াই ইজিপ্তত অনুষ্ঠিত টপ মডেল অৱ দা ৱৰ্ল্ড ২০১৩-ত বাংলাদেশক প্ৰতিনিধিত্ব কৰিছিল আৰু তাত তেওঁ শীৰ্ষ ১৫ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল।[2][3]

সাম্প্ৰতিক কৰ্মৰাজি

[সম্পাদনা কৰক]

পিয়া হ’ল বাংলাদেশৰপৰা ভ’গ ইণ্ডিয়াৰ প্ৰথমগৰাকী বেটুপাত কন্যা (cover girl)। নিজৰ অভিজ্ঞতা বিনিময় কৰি পিয়াই উল্লেখ কৰিছে যে তেওঁ দীপিকা পাডুকনৰপৰা অনুপ্ৰেৰণা লাভ কৰে আৰু দীপিকাৰ দৰেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ কেৰিয়াৰ সম্প্ৰসাৰণ কৰিব বিচাৰে।[4]

২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত পিয়া নিউয়ৰ্ক ফেশ্বন উইকৰ (NYFW) সৈতে জড়িত উচ্চমানৰ কেশ পৰিচৰ্যা আৰু ষ্টাইলিং ব্ৰেণ্ড 'ট্ৰেচেমে'ৰ (TRESemmé) ব্ৰেণ্ড এম্বেচেডৰ হয়। সেই সূত্ৰে তেওঁ ২০১৭ চনত নিউয়ৰ্ক ফেশ্বন উইকত অংশগ্ৰহণ কৰে। তাত উপস্থিত থকা প্ৰথমগৰাকী বাংলাদেশী মডেল হোৱাটো এক ডাঙৰ সন্মান বুলি তেওঁ অভিহিত কৰে আৰু এগৰাকী মডেল ইনফ্লুৱেন্সাৰ হিচাপে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে।[5][6]

২০১৮ চনৰ ছেপ্টেম্বৰ মাহত পিয়া বাংলাদেশৰ য়ামাহা মটৰচাইকেলৰ ব্ৰেণ্ড এম্বেচেডৰ হয়।[7]

মডেলিং কেৰিয়াৰৰ উপৰি তেওঁ ২০১৭ চনৰ বাংলাদেশ প্ৰিমিয়াৰ লীগ (BPL) ছিজনৰ ক্ৰিকেট মেচসমূহৰ আঁত ধৰিছিল।[8] পৰৱৰ্তী সময়ত তেওঁ ২০১৮ চনৰ বিপিএলতো জিটিভিৰ পৰ্দাত আঁতধৰোঁতা হিচাপে কাম কৰে। বিপিএলৰ এই দুই ছিজনত সফলতাৰে কাম কৰাৰ পাছত তেওঁক ২০১৯ চনৰ আইচিচি ক্ৰিকেট বিশ্বকাপত উপস্থাপিকা হিচাপে কাম কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়। আইচিচি বিশ্বকাপত উপস্থাপিকা হিচাপে কাম কৰা তেওঁ প্ৰথমগৰাকী বাংলাদেশী ব্যক্তি।[9][10]

কেৰিয়াৰ

[সম্পাদনা কৰক]

২০০৭ চনত মিছ বাংলাদেশ খিতাপ জয় কৰাৰ পাছত পিয়াই ২০০৮ চনত মডেলিং কেৰিয়াৰ আৰম্ভ কৰে। ২০১৪-১৫ চনত তেওঁ নতুন দিল্লীত অৱস্থিত মডেলিং সংস্থা মেচকট মডেল মেনেজমেণ্টৰ সৈতে কাম কৰিছিল। লগতে তেওঁ ২০১৪ চনত ভাৰতীয় বেণ্ড ৰুটছৰ এটা মিউজিক ভিডিঅ’তো অভিনয় কৰিছিল।[11] ২০১৩ চনত তেওঁ ১৯খন দেশৰ প্ৰতিযোগীক পৰাস্ত কৰি মিছ ইণ্ডিয়ান প্ৰিন্সেছ ইণ্টাৰনেশ্যনেলৰ খিতাপ জয় কৰে।[12][13]

তেওঁ এতিয়ালৈকে কেইবাখনো নাটক যেনে টু বি অৰ নট টু বি আৰু প্ৰজাপতিৰ সুখ-দুখত অভিনয় কৰিছে।

২০১২ চনত ৰেডৱান ৰণিৰ পৰিচালনাত নিৰ্মিত চোৰাবালি আছিল তেওঁৰ প্ৰথম চলচ্চিত্ৰ। তেওঁৰ পৰৱৰ্তী মুক্তিপ্ৰাপ্ত ছবিসমূহ আছিল গেংষ্টাৰ ৰিটাৰ্নছ আৰু ষ্টৰী অৱ চামৰা[3]

পিয়া এগৰাকী অধিবক্তাও। ২০২২ চনৰ ১৫ আগষ্টৰ তথ্য অনুসৰি তেওঁ বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী অধিবক্তা।[14]

আঁতধৰোঁতা

[সম্পাদনা কৰক]
  • বিপিএল ২০১৮[15]
  • বিপিএল ২০১৯[16]

কৈশোৰ থেকৈ যৌৱনেৰ গল্প, ২০২৩[17]

ফিল্মগ্ৰাফী

[সম্পাদনা কৰক]
বছৰ চলচ্চিত্ৰ চৰিত্ৰ সহ-অভিনেতা পৰিচালক টোকা
২০১২চোৰাবালিচুজানাজয়া আহচান, শহীদুজ্জামান চেলিম, ইন্দ্ৰনীল সেনগুপ্তৰেডৱান ৰণি২০১২ চনৰ মেৰিল-প্ৰথম আলো বঁটাৰ সমালোচকৰ পছন্দৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন
২০১৫দা ষ্টৰী অৱ চামৰা[18]পিয়াচাঞ্জ জনৰিকিয়া মাছুডো
গেংষ্টাৰ ৰিটাৰ্নছশ্বীনাঅপূৰ্বআশিকুৰ ৰহমান
২০১৭প্ৰেম কি বুঝিনিসিদ্ধাৰ্থ চিদকেমিঅ’ এপিয়াৰেন্স
২০১৭ৰং বজাৰ[19]মৌচুমী হামিদ, চুমকীৰছিদ পলাশ
২০২২ছিটমহলশিমুল খান, মৌচুমী হামিদএইচ আৰ হাবিব
অঘোষিত প্ৰবাশীৰ প্ৰেম[20]মোমোআহমেদ আলী মণ্ডলচিত্ৰগ্ৰহণ চলি আছে

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
বছৰ বঁটা শ্ৰেণী চলচ্চিত্ৰ ফলাফল
২০০৭মিছ বাংলাদেশজয়ী
২০১২মেৰিল-প্ৰথম আলো বঁটাসমালোচকৰ পছন্দৰ শ্ৰেষ্ঠ অভিনেত্ৰীচোৰাবালিমনোনীত
বাচচাচ বঁটাশ্ৰেষ্ঠ অভিনেত্ৰীজয়ী[21]
জেএৱাই ফেচ ইণ্টাৰনেশ্যনেল
দ্বিতীয়
২০১৩মিছ ইণ্ডিয়ান প্ৰিন্সেছ ইণ্টাৰনেশ্যনেলজয়ী

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "ব্যাৰিষ্টাৰ সুমনেৰ সঙ্গে কাজ শুৰু কৰেছেন মডেল পিয়া জান্নাতুল". https://www.jugantor.com্স%E0%A7%8D%E0%A6%9F%E0%A6%BE%E0%A6%B0-%E0%A6%B8%E0%A7%81%E0%A6%AE%E0%A6%A8%E0%A7%87%E0%A6%B0-%E0%A6%B8%E0%A6%99%E0%A7%8D%E0%A6%97%E0%A7%87-%E0%A6%95%E0%A6%BE%E0%A6%9C-%E0%A6%B6%E0%A7%81%E0%A6%B0%E0%A7%81-%E0%A6%95%E0%A6%B0%E0%A7%87%E0%A6%9B%E0%A7%87%E0%A6%A8-%E0%A6%AE%E0%A6%A1%E0%A7%87%E0%A6%B2-%E0%A6%AA%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%9C%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A6%BE%E0%A6%A4%E0%A7%81%E0%A6%B2.
  2. "আৰ্কাইভ কপি" (bn ভাষাত). Prothom Alo. Archived from the original on 2014-03-09. https://web.archive.org/web/20140309021348/http://www.prothom-alo.com/life_style/article/160933/%E0%A6%AA%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%B0_%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%BF%E0%A7%9F_%E0%A6%97%E0%A7%8D%E0%A6%B0%E0%A7%80%E0%A6%B7%E0%A7%8D%E0%A6%AE%E0%A6%95%E0%A6%BE%E0%A6%B2_%E0%A6%AE%E0%A6%BE%E0%A7%9F%E0%A7%87%E0%A6%B0_%E0%A6%AC%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%95%E0%A6%BE%E0%A6%B2.
  3. 1 2 Islam, Zia Nazmul (22 March 2014). "PEYA More than just a pretty face". The Daily Star. http://www.thedailystar.net/peya-more-than-just-a-pretty-face-16471.
  4. "These talented and driven women are perfect ambassador for diversity". Vogue India. Archived from the original on 2017-07-19. https://web.archive.org/web/20170719151556/http://www.vogue.in/content/these-talented-and-driven-women-are-the-perfect-ambassadors-for-diversity/ আহৰণ কৰা হৈছে: 2017-06-07.
  5. "Peya participating at New York Fashion Week". The Daily Star. 11 February 2017. https://www.thedailystar.net/arts-entertainment/peya-participating-new-york-fashion-week-1359106.
  6. "Model Peya becomes brand ambassador of TRESemmé Bangladesh". Daily Sun. 11 February 2017. http://www.daily-sun.com/post/204963/Model-Peya-becomes-brand-ambassador-of-TRESemmé-Bangladesh.
  7. (bn ভাষাত)Ekushey TV. 11 September 2018. https://ekushey-tv.com/%E0%A6%87%E0%A7%9F%E0%A6%BE%E0%A6%AE%E0%A6%BE%E0%A6%B9%E0%A6%BE%E0%A6%B0-%E0%A6%AC%E0%A7%8D%E0%A6%B0%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A1-%E0%A6%8F%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A7%87%E0%A6%A1%E0%A6%B0-%E0%A6%B9%E0%A6%B2%E0%A7%87%E0%A6%A8-%E0%A6%AA%E0%A6%BF%E0%A7%9F%E0%A6%BE-%E0%A6%AD%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%93/49216.
  8. Khan, Sajal (2 November 2017). "Peya to host BPL". Dhaka Tribune. http://www.dhakatribune.com/showtime/2017/11/02/peya-host-bpl/.
  9. (bn ভাষাত)Amader Shomoy. 25 May 2019. http://www.dainikamadershomoy.com/post/198664.
  10. "Bangladesh's Peya Jannatul all set for World Cup stint as presenter". 25 May 2019. Archived from the original on 12 September 2019. https://web.archive.org/web/20190912125224/https://www.crictracker.com/bangladeshs-peya-jannatul-all-set-for-world-cup-stint-as-presenter/amp/ আহৰণ কৰা হৈছে: 15 June 2019.
  11. "Peya stars in Indian music video". Dhaka Tribune. https://www.dhakatribune.com/uncategorized/2014/11/20/peya-stars-in-indian-music-video.
  12. (bn ভাষাত)The Daily Ittefaq. 3 December 2015. http://www.ittefaq.com.bd/print-edition/anondo-binodon/2015/12/03/87189.html.
  13. "IP 2013". indianprincessfashion.com. Archived from the original on 2020-01-20. https://web.archive.org/web/20200120000609/http://indianprincessfashion.com/ip-2013/ আহৰণ কৰা হৈছে: 2017-06-07.
  14. "Model-actor Jannatul Ferdous Peya becomes advocate of Bangladesh Supreme Court" (en ভাষাত). The Business Standard. 2022-08-14. https://www.tbsnews.net/splash/model-actor-jannatul-ferdous-peya-becomes-advocate-bangladesh-supreme-court-477034 আহৰণ কৰা হৈছে: 2023-03-06.
  15. "মানুষ শুধু বিকিনিটা দেখেছে, কাজ দেখেনি - পিয়া জান্নাতুল". 22 June 2022. https://www.bbc.com/bengali/news-61892613.
  16. "এবাৰও বিপিএল মাতাবেন পিয়া". https://www.ittefaq.com.bd.
  17. "কৈশোৰ থেকে যৌবনেৰ গল্প". 19 February 2023. http://pressbangladesh.org/koishor-theke-zouboner-golpo-by-jannatul-ferdoush-peya/.
  18. "Peya in item song". Dhaka Tribune. http://www.dhakatribune.com/entertainment/2014/mar/13/peya-item-song.
  19. "নতুন জগতেৰ সঙ্গে পৰিচয় পিয়াৰ". 26 November 2022. https://bangla.thedailystar.net/entertainment/tv-movies/news-421466.
  20. "bn:'প্ৰবাসীৰ প্ৰেম' এ পিয়াৰ দক্ষিণ আফ্ৰিকা যাত্ৰা" (bn ভাষাত). mediatimes24.com. Archived from the original on 22 October 2013. https://web.archive.org/web/20131022050351/http://www.mediatimes24.com/news/microapps/3135/1/detail.aspx.
  21. "bn:বাচসাস পুৰস্কাৰ প্ৰদান [Bachsas Awards]" (bn ভাষাত). sylhettoday24.com. 27 December 2014. http://www.sylhettoday24.com/news/details/Entertainment/60 আহৰণ কৰা হৈছে: 20 January 2017.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]