জান্নাত জুবাইৰ ৰহমানী
| জান্নাত জুবাইৰ ৰহমানী | |
|---|---|
২০২৪ চনত ৰহমানী | |
| জন্ম | ২৯ আগষ্ট, ২০০১ (২৪ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০১০–বৰ্তমান |
| উল্লেখযোগ্য কৰ্ম | ফুলৱা তু আশিকী খটৰো কে খিলাড়ী ১২ |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | গ’ল্ড এৱাৰ্ড (২০১৮) |
জান্নাত জুবাইৰ ৰহমানী (ইংৰাজী: Jannat Zubair Rahmani; জন্ম: ২৯ আগষ্ট ২০০১)[1] এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ হিন্দী ভাষাৰ টেলিভিছন ধাৰাবাহিক আৰু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ‘কাছী – অব না ৰহে তেৰা কাগজ কোৰা’ত কাছী, ‘ফুলৱা’ত ফুলৱা আৰু ‘তু আশিকী’ত পংক্তি চৰিত্ৰত কৰা অভিনয়ৰ বাবে বেছি পৰিচিত। ২০২২ চনত ৰহমানীয়ে কালাৰ্ছ টিভিৰ ষ্টাণ্ট ভিত্তিক শ্ব’ ‘খটৰো কে খিলাড়ী ১২’-ত অংশগ্ৰহণ কৰিছিল আৰু চতুৰ্থ স্থান লাভ কৰিছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]২০০১ চনৰ ২৯ আগষ্টত মুম্বাইত জান্নাত জুবাইৰ ৰহমানীৰ জন্ম হৈছিল।[2] তেওঁৰ পিতৃ জুবাইৰ আহমদ ৰহমানী আৰু মাতৃ নাজনীন জুবাইৰ ৰহমানী।[3]
২০১৯ চনত জুবাইৰে দ্বাদশ শ্ৰেণীৰ এইচ.এছ.চি. ব’ৰ্ড পৰীক্ষাত ৮১% নম্বৰ লাভ কৰিছিল।[4] তেওঁ মুম্বাইৰ কান্দিভালিৰ এখন ব্যক্তিগত মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[5]
কৰ্মজীৱন
[সম্পাদনা কৰক]২০০৮ চনত এনডিটিভি ইমাজিনৰ ‘চান্দ কে পাৰ চলো’ ধাৰাবাহিকৰ জৰিয়তে তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল।[6] ইয়াৰ পিছত তেওঁ ষ্টাৰ ৱানৰ চিকিৎসাভিত্তিক ৰোমান্টিক ধাৰাবাহিক ‘দিল মিল গয়ে’-ত তামান্না নামৰ এগৰাকী কম বয়সীয়া ৰোগীৰ কেমিঅ’ চৰিত্ৰত অভিনয় কৰে। কিন্তু শিশু শিল্পী হিচাপে তেওঁ ২০১০ চনত ইমাজিন টিভিৰ ‘কাছী – অব না ৰহে তেৰা কাগজ কোৰা’ আৰু ২০১১ চনত কালাৰ্ছ টিভিৰ ‘ফুলৱা’ৰ জৰিয়তেহে বিশেষ স্বীকৃতি লাভ কৰে।[7] ইয়াৰ পিছত তেওঁ ‘ভাৰত কা বীৰ পুত্ৰ – মহাৰাণা প্ৰতাপ’-ত সৰু ফুল কনোৱাৰৰ চৰিত্ৰত অভিনয় কৰিছিল।[8]
২০১৭ চনত ৰহমানীয়ে কালাৰ্ছ টিভিৰ ৰোমান্টিক ধাৰাবাহিক ‘তু আশিকী’-ত পংক্তি শৰ্মা ধনৰাজগিৰৰ মুখ্য চৰিত্ৰত অভিনয় কৰে। ২০১৮ চনত তেওঁ বলীউডৰ ছবি ‘হিচকি’-ত এগৰাকী ছাত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।[9]
২০২২ চনত তেওঁ কালাৰ্ছ টিভিৰ ষ্টাণ্ট ভিত্তিক ৰিয়েলিটি শ্ব’ ‘খটৰো কে খিলাড়ী ১২’-ত প্ৰতিদ্বন্দ্বিতা কৰি চতুৰ্থ স্থান লাভ কৰে।[10] দিলৰাজ গ্ৰেৱালৰ বিপৰীতে ‘কুলছে ছোলে’ নামৰ ছবিখনৰ জৰিয়তে তেওঁ পঞ্জাবী চলচ্চিত্ৰত অভিষেক ঘটায়।[11] ছবিখন ১১ নৱেম্বৰ ২০২২-ত মুক্তি পাইছিল।[12] ২০২৫ চনৰ জুন মাহত তেওঁ প্ৰাইম ভিডিঅ’ৰ ‘দ্য ট্ৰেইটৰ্ছ ইণ্ডিয়া’ত প্ৰতিযোগী হিচাপে অংশ লয়।[13] তেওঁ নৱম দিনা প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় আৰু অষ্টম স্থান লাভ কৰে।[14]
মাধ্যম
[সম্পাদনা কৰক]২০২০ চনৰ জানুৱাৰী মাহত জান্নাতক ভাৰতৰ এটা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড ‘ইউবন’ৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্ত কৰা হয়।[15][16]
২০২২ চনত ৰহমানীয়ে ফৰ্বছৰ ‘৩০ আণ্ডাৰ ৩০’এছিয়া তালিকাৰ "মিডিয়া, মাৰ্কেটিং এণ্ড এডভাৰটাইজিং" বিভাগত স্থান লাভ কৰিছিল।[17][18]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Jannat Zubair turns 18; celebrates birthday with Somi-Saba Khan, Reem Sheikh, Vikas Gupta and others" (en ভাষাত). The Times of India. 30 August 2019. https://timesofindia.indiatimes.com/tv/news/hindi/jannat-zubair-turns-18-celebrates-birthday-with-somi-saba-khan-reem-sheikh-vikas-gupta-and-others/photostory/70912239.cms। আহৰণ কৰা হৈছে: 3 October 2021.
- ↑ Yadav, Prerna (29 August 2021). "Jannat Zubair turns 20: Fans can't keep calm as they share sweet birthday wishes for actress on Twitter" (en ভাষাত). India TV News. https://www.indiatvnews.com/entertainment/tv/jannat-zubair-turns-20-fans-can-t-keep-calm-as-they-share-sweet-birthday-wishes-for-actress-on-twitter-730041.
- ↑ "Meet the TV actors who cannot travel without their parents". The Times of India. 8 April 2021. https://timesofindia.indiatimes.com/tv/news/hindi/meet-the-tv-actors-who-cannot-travel-without-their-parents/photostory/81962779.cms.
- ↑ "HSC Result 2019: Tu Aashiqui fame Jannat Zubair Rehmani secures 81 percent". The Times of India. 28 May 2019. https://timesofindia.indiatimes.com/tv/news/hindi/hsc-result-2019-tu-aashiqui-fame-jannat-zubair-rehmani-secures-81-percent/articleshow/69546774.cms.
- ↑ "Jannat Zubair Rahmani shares her happiness after scoring 81% in 12th board exams | Exclusive" (en ভাষাত). Times Now. 30 May 2019. https://www.timesnownews.com/videos/zoom/telly-talk/jannat-zubair-rahmani-shares-her-happiness-after-scoring-81-in-12th-board-exams-exclusive/33111.
- ↑ "Jannat Zubair meets die-hard fan in Phuket who got her name and picture tattooed on her arm; thanks her for 'unconditional support'". The Times of India. 24 August 2023. ISSN 0971-8257. https://timesofindia.indiatimes.com/tv/news/hindi/jannat-zubair-meets-die-hard-fan-in-phuket-who-got-her-name-and-picture-tattooed-on-her-arm-thanks-her-for-unconditional-support/articleshow/103016158.cms.
- ↑ "From Siddharth Nigam, Jannat Zubair Rehmani to Avneet Kaur: Young brigade take over TV". The Times of India. 15 November 2018. https://timesofindia.indiatimes.com/tv/news/hindi/from-siddharth-nigam-jannat-zubair-rehmani-to-avneet-kaur-young-brigade-take-over-tv/photostory/66639384.cms.
- ↑ "Jannat Zubair in Maharana Pratap". The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/Jannat-Zubair-Roshani-Walia-in-Maharana-Pratap/articleshow/31466385.cms.
- ↑ "KISSING SCENE को 'ना' कहने वाली टीवी star जन्नत 'हिचकी' में निभाएंगी अहम किरदार" (hindi ভাষাত). Patrika News. 17 March 2018. https://www.patrika.com/bollywood-news/kissing-controversy-actress-jannat-zubair-has-important-role-in-hichki-2507065/.
- ↑ "I've enjoyed doing all the stunts and I can't wait for everyone to watch it". The Times of India. 3 July 2022. https://timesofindia.indiatimes.com/tv/news/hindi/exclusive-kkk12s-jannat-zubair-rahmani-on-missing-acting-many-dont-know-i-was-a-child-actor-they-only-know-me-as-a-social-media-influencer/photostory/92635996.cms.
- ↑ "Jannat Zubair to make her lead debut with 'Kulche Chole'" (en ভাষাত). Outlook India. 17 October 2022. https://www.outlookindia.com/art-entertainment/jannat-zubair-to-make-her-lead-debut-with-kulche-chole--news-230633। আহৰণ কৰা হৈছে: 6 November 2022.
- ↑ "Kulche Chole movie: Dilraj Grewal, Jannat Zubair serve a middling dish that lacks flavour" (en ভাষাত). The Indian Express. 11 November 2022. https://indianexpress.com/article/entertainment/movie-review/kulche-chole-movie-review-rating-dilraj-grewal-jannat-zubair-8263286/। আহৰণ কৰা হৈছে: 14 November 2022.
- ↑ Fernandes, Shefali (30 May 2025). "The Traitors CONFIRMED Contestants List: Jannat Zubair, Karan Kundrra, Apoorva Mukhija Join The Ultimate Test Of Trust & Betrayal" (en ভাষাত). Free Press Journal. https://www.freepressjournal.in/entertainment/the-traitors-confirmed-contestants-list-jannat-zubair-karan-kundrra-apoorva-mukhija-join-the-ultimate-test-of-trust-betrayal.
- ↑ Narain, Yatamanyu (27 June 2025). "Jannat Zubair Bids Emotional Goodbye To The Traitors, Says ‘Loyality Costs You'" (en ভাষাত). News18. https://www.news18.com/movies/webseries/jannat-zubair-bids-emotional-goodbye-to-the-traitors-says-loyality-costs-you-ws-kl-9408453.html.
- ↑ Sharma, Ravi (29 January 2020). "UBON's New Brand Ambassador - Actress Jannat Zubair | Tik-Tok Sensation". the National TV. https://thenationaltv.com/News/ubon-s-new-brand-ambassador-actress-jannat-zubair-tik-tok-sensation.
- ↑ Network, NDM News (5 January 2020). "UBON Appoints Internet Sensation Jannat Zubair as its Brand Ambassador" (en ভাষাত). DIGITAL TERMINAL. https://digitalterminal.in/news/17842.html। আহৰণ কৰা হৈছে: 1 November 2024.
- ↑ "Forbes 30 Under 30 Asia 2021: Youngest" (en ভাষাত). Forbes. https://www.forbes.com/30-under-30/2021/asia/youngest/। আহৰণ কৰা হৈছে: 26 February 2022.
- ↑ "Milestone week for Jannat Zubair" (en ভাষাত). Bollywood Hungama. 9 February 2022. https://www.bollywoodhungama.com/news/bollywood/milestone-week-jannat-zubair-named-forbes-30-30-crosses-40-million-followers-instagram/। আহৰণ কৰা হৈছে: 26 February 2022.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Jannat Zubair Rahmani সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- জান্নাত জুবাইৰ ৰহমানী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
