সমললৈ যাওক

জাপোৰোজিয়ান কছাক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জাপোৰোজিয়ান কছাক[টোকা 1] বা জাপোৰিজিয়ান কছাক, যাক জাপোৰোজিয়ান কছাক বাহিনী বা জাপোৰোজিয়ান হোষ্ট বুলিও জনা যায়,এয়া হৈছে কছাকসকলৰ এটা জনগোষ্ঠীয়-সামৰিক সংগঠন আছিল। তেওঁলোকে দ্নিপ্ৰ'ৰ জলপ্ৰপাতৰ সিপাৰে, অৰ্থাৎ জলপ্ৰপাতৰ নিম্নপ্ৰৱাহ অঞ্চলত বাস কৰা এটা ইতিহাস প্ৰসিদ্ধ সামৰিক সংগঠন। [1] তেওঁলোক মূলতঃ ৰুথেনিয়ান আছিল যদিও আন বহুতো জনগোষ্ঠীৰ লোকো ইয়াত অন্তৰ্ভুক্ত হৈছিল। উদাহৰণস্বৰূপে, তেওঁলোকৰ বিখ্যাত কিশ অটামান ইভান ছিৰ্কো মলডাভিয়ান মূলৰ আছিল। [2][3]

জাপোৰোজিয়ান কছাকসকলে পঞ্জীয়নভুক্ত কছাক আৰু স্লোবোদা কছাকসকলৰ সৈতে মিলি ইউক্ৰেইনৰ ইতিহাস আৰু ইউক্ৰেইনীয়সকলৰ জনগোষ্ঠীগঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

জাপোৰোজিয়ান ছিচ ১৫শ শতিকাত দ্ৰুতগতিত বিকশিত হৈছিল। পোলেণ্ড–লিথুৱানিয়া কমনৱেলথৰ অধিক নিয়ন্ত্ৰিত অঞ্চলৰপৰা পলায়ন কৰা দাস কৃষকসকল ইয়াত আহি বসতি স্থাপন কৰিছিল। দ্নিষ্টাৰ আৰু মধ্য ভল্গা নদীৰ মাজৰ তুলনামূলকভাৱে কম নিয়ন্ত্ৰিত অঞ্চলটো ১৫শ শতিকাৰপৰা বন্য প্ৰান্তৰ নামেৰে পৰিচিত হৈছিল আৰু জাপোৰোজিয়ান কছাকসকলে ইয়াত উপনিৱেশ স্থাপন কৰিছিল।

১৬শ, ১৭শ আৰু ১৮শ শতিকাৰ আৰম্ভণিলৈকে জাপোৰোজিয়ান হোষ্ট এক শক্তিশালী ৰাজনৈতিক আৰু সামৰিক শক্তিত পৰিণত হৈছিল। ই পোলেণ্ড–লিথুৱানিয়া কমনৱেলথ, ৰাছিয়াৰ জাৰ শাসন আৰু ক্ৰিমিয়ান খানাতৰ ক্ষমতাক প্ৰত্যাহ্বান জনাইছিল।

কছাক হোষ্টে এই তিনিটা শক্তিৰ সৈতে বিভিন্ন যুদ্ধ আৰু মিত্ৰতাত অংশগ্ৰহণ কৰিছিল। ১৮শ শতিকাত ৰাছিয়াৰ সৈতে মিত্ৰতা স্থাপন কৰাৰ পাছতো কছাকসকলে যথেষ্ট পৰিমাণে স্বায়ত্তশাসন বজাই ৰাখিছিল। অৱশেষত ১৮শ শতিকাৰ শেষভাগত ৰাছিয়ান সাম্ৰাজ্যই জাপোৰোজিয়ান হোষ্ট বিলুপ্ত কৰে। ইয়াৰ পিছত বহু কছাকক কুবান অঞ্চললৈ স্থানান্তৰ কৰা হয়; আন কিছুমানে দক্ষিণ ইউক্ৰেইনত বসতি স্থাপন কৰে।

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

জাপোৰোজিয়ান নামটো তেওঁলোকৰ দুৰ্গ জাপৰোজিয়ান ছিচ অৱস্থিত অঞ্চল জাপোৰিজিয়াৰপৰা আহিছে। ইউক্ৰেইনীয় ভাষাত zaৰ অৰ্থ "সিপাৰে" আৰু poróhyৰ অৰ্থ "জলপ্ৰপাত।" সেয়েহে জাপোৰিজিয়া শব্দৰ আক্ষৰিক অৰ্থ হৈছে "জলপ্ৰপাতৰ সিপাৰৰ ভূমি।" কছাক শব্দটোৰ উৎপত্তি তুৰ্কী ভাষাৰ কছাক বা কজাক শব্দৰপৰা হোৱা বুলি মেক্স ভাছমাৰেৰ ব্যুৎপত্তি অভিধানত উল্লেখ কৰা হৈছে।[4] এই শব্দৰ অৰ্থ হয় "স্বাধীন ব্যক্তি" আৰু কেতিয়াবা "বিজয়ী।" কাজাখ জনগোষ্ঠীৰ নামটোও একেটা তুৰ্কীয় মূলৰপৰা উৎপত্তি হোৱা বুলি ধৰা হয়।[5] লিখিত উৎসত কছাক শব্দটোৰ প্ৰাচীনতম উল্লেখ ১৩শ শতিকাৰ কোডেস্ক কুমাণিকাছ ত পোৱা যায়। ইংৰাজী ভাষাত Cossack শব্দটোৰ প্ৰথম ব্যৱহাৰৰ প্ৰমাণ ১৫৯০ চনৰ। সেয়েহে জাপোৰিজিয়ান কছাকৰ অৰ্থ সাধাৰণভাৱে "জলপ্ৰপাতৰ সিপাৰৰ ভূমিৰ স্বাধীন লোক" বুলি বুজাব পাৰি।

উৎপত্তি

[সম্পাদনা কৰক]
১৮৮৪ চনত কনষ্টাণ্টিন মাকোভস্কিয়ে অংকন কৰা জাপোৰোজিয়ান কছাক

দ্নিপ্ৰ'ৰ নিম্ন অঞ্চলত প্ৰথম কছাক সম্প্ৰদায় কেতিয়া গঢ় লৈ উঠিছিল সেয়া সম্পূৰ্ণৰূপে স্পষ্ট নহয়। ১২শ শতিকাৰপৰাই ইউৰেছীয় তৃণভূমি অঞ্চলত অনুৰূপ জীৱনধাৰাৰ লোক বাস কৰাৰ প্ৰমাণ আৰু কাহিনী পোৱা যায়। সেই সময়ত তেওঁলোকক "কছাক" বুলি কোৱা হোৱা নাছিল।

কৃষ্ণ সাগৰৰ উত্তৰ অঞ্চলত কুমান, পেচেনেগ আৰু খাজাৰ আদি যাযাবৰ জনগোষ্ঠী বাস কৰিছিল। কছাকসকলৰ জনগোষ্ঠীগঠনত এই জনগোষ্ঠীসমূহৰ ভূমিকা আছিল নে নাই সেই বিষয়ে ইতিহাসবিদসকলৰ মাজত মতভেদ আছে।

কিয়েভান ৰুছৰ কৃষিভিত্তিক অঞ্চলৰপৰা অত্যাচাৰ, দমন বা অপৰাধমূলক অভিযোগৰপৰা পলায়ন কৰা বহু লোকেও বন্য তৃণভূমিত আশ্ৰয় লৈছিল। তেওঁলোকৰ জীৱনধাৰা পৰৱৰ্তীকালৰ কছাকসকলৰ সৈতে বহু পৰিমাণে মিল আছিল। তেওঁলোকে মূলতঃ চিকাৰ আৰু মাছ ধৰা, লগতে ঘোঁৰা আৰু খাদ্যৰ বাবে যাযাবৰ জনগোষ্ঠীৰ ওপৰত অভিযান চলাই জীৱিকা নিৰ্বাহ কৰিছিল।

১৬শ শতিকাত ইউক্ৰেইনৰ ৰুথেনিয়ান অভিজাত দ্মিত্ৰ' ভিশ্নেভেটস্কিয়ে এই বিভিন্ন গোটক একত্ৰিত কৰি এক শক্তিশালী সামৰিক সংগঠন গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

জাপোৰোজিয়ান কছাকসকলৰ সামাজিক আৰু জনগোষ্ঠীয় উৎপত্তি বিভিন্ন আছিল। তথাপি পোলেণ্ড–লিথুৱানিয়া কমনৱেলথৰ দাসত্বৰপৰা পলায়ন কৰা কৃষকসকলেই তেওঁলোকৰ সংখ্যাগৰিষ্ঠ অংশ গঠন কৰিছিল। নগৰবাসী, নিম্নপদস্থ অভিজাত আৰু ক্ৰিমিয়ান তাতাৰ সকলো কছাক হোষ্টত যোগদান কৰিছিল। তেওঁলোকে পূব অৰ্থডক্স ধৰ্ম গ্ৰহণ আৰু ইয়াৰ ধৰ্মীয় আচাৰ-অনুষ্ঠান পালন কৰিব ধৰিলে। [6]

কছাকসকলৰ উৎপত্তি সম্পৰ্কে বিভিন্ন মতবাদ আছে। কিছুমান মতবাদে তেওঁলোকৰ পূৰ্বপুৰুষক স্কিথিয়ান, ছাৰ্মাটিয়ান, খাজাৰ, কুমান, চাৰ্কাছিয়ান, তাতাৰ আদি যাযাবৰ জনগোষ্ঠীৰ সৈতে সংযুক্ত কৰে।[7] ১৮শ শতিকাৰ কিছুমান কছাক ইতিহাসবিদে খাজাৰ বংশোদ্ভূত হোৱাৰ দাবী কৰিছিল। ২০শ শতিকাত ৰাছিয়ান ইতিহাসবিদ লেভ গুমিলিয়ভে কুমান বা পলভ্‌ৎসিয়ান উৎপত্তিৰ পক্ষে মত প্ৰকাশ কৰিছিল।[8]

পোলেণ্ড–লিথুৱানিয়া কমনৱেলথৰ অধীনত

[সম্পাদনা কৰক]

১৬শ শতিকাত পোলেণ্ড–লিথুৱানিয়া কমনৱেলথৰ দক্ষিণমুখী বিস্তাৰৰ সময়ত জাপোৰোজিয়ান কছাকসকলক কমনৱেলথৰ অধীনস্থ লোক হিচাপে গণ্য কৰা হৈছিল। পঞ্জীয়নভুক্ত কছাকসকল ১৬৯৯ চনলৈ কমনৱেলথৰ সেনাবাহিনীৰ অংশ আছিল। ১৬শ শতিকাৰ শেষৰফালে কছাক আৰু অট্টোমান সাম্ৰাজ্যৰ মাজৰ সম্পৰ্ক অধিক উত্তেজনাপূৰ্ণ হৈ পৰিছিল। কছাকসকলে অট্টোমান ভূ-খণ্ডত অভিযান চলাইছিল আৰু ইয়াৰ প্ৰতিক্ৰিয়াত তাতাৰসকলে কমনৱেলথৰ দক্ষিণ-পূব অঞ্চলত অভিযান চলাইছিল। [9]

কছাকসকলে অট্টোমান সাম্ৰাজ্যৰ ধনী বাণিজ্যিক বন্দৰসমূহতো আক্ৰমণ চলাইছিল। এই সংঘাতসমূহে পোলেণ্ড–লিথুৱানিয়া আৰু অট্টোমান সাম্ৰাজ্যৰ মাজৰ যুদ্ধৰ পৰিস্থিতি অধিক জটিল কৰি তুলিছিল। পোলেণ্ডৰ শ্লাখ্তা অভিজাতসকলে কছাকসকলক কৃষিদাসলৈ পৰিণত কৰাৰ চেষ্টা চলোৱাত কছাকসকলৰ অসন্তুষ্টি বৃদ্ধি পাইছিল। কছাকসকলে শ্লাখ্তাৰ সমান অধিকাৰ লাভ কৰিব বিচাৰিছিল যদিও সেই দাবী বাৰে বাৰে প্ৰত্যাখ্যান কৰা হৈছিল।

কছাকসকলৰ পূব অৰ্থডক্স গীৰ্জাৰ সৈতে শক্তিশালী সম্পৰ্ক আছিল। আনহাতে কমনৱেলথৰ শাসক শ্ৰেণী প্ৰধানত কেথলিক আছিল। ইয়াৰ ফলত ধৰ্মীয় আৰু ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছিল।

১৭শ শতিকাৰ আৰম্ভণিতে কছাকসকলে কমনৱেলথৰ বিৰুদ্ধে কেইবাটাও বিদ্ৰোহ কৰে। ১৬৪৮ চনত বোহদান খমেলনিটস্কিৰ নেতৃত্বত আৰম্ভ হোৱা খমেলনিটস্কি বিদ্ৰোহ ইয়াৰ ভিতৰত আটাইতকৈ বৃহৎ আৰু সফল আছিল। এই বিদ্ৰোহে পোলেণ্ড–লিথুৱানিয়া কমনৱেলথক গভীৰভাৱে দুৰ্বল কৰি পেলায়। ১৭৬৮ চনত কোলিয়িভশ্চিনা নামৰ বৃহৎ কৃষক-কছাক বিদ্ৰোহ সোঁ-পাৰ ইউক্ৰেইনত সংঘটিত হয়।[10] মাক্সিম জালিজনিয়াক এই বিদ্ৰোহৰ অন্যতম নেতা আছিল।

জাপোৰোজিয়ান হোষ্টৰ সামৰিক-ৰাজনৈতিক ব্যৱস্থা কছাকসকলৰ পৰম্পৰা আৰু ৰীতি-নীতিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল। ইয়াক কছাক সংহিতা বা কছাক বিধি বুলি কোৱা হৈছিল।

হোষ্টৰ নিজা সামৰিক আৰু ভূ-খণ্ডীয় প্ৰশাসনিক বিভাজন আছিল। ইয়াত ৩৮টা কুৰিন আৰু ৫ৰপৰা ৮টা পালাংকা আছিল। [11] সৰ্বোচ্চ প্ৰশাসনিক সংস্থা আছিল ছিচ ৰাডা বা পৰিষদ। ই জাপোৰোজিয়ান হোষ্টৰ সৰ্বোচ্চ আইন প্ৰণয়নকাৰী, প্ৰশাসনিক আৰু ন্যায়িক সংস্থা আছিল। ছিচ ৰাডাত অভ্যন্তৰীণ আৰু বৈদেশিক নীতি, সামৰিক বিষয়, ভূমি বিতৰণ, বিষয়া নিৰ্বাচন আৰু গুৰুতৰ অপৰাধৰ শাস্তি আদি বিষয় আলোচনা কৰা হৈছিল। জাপোৰোজিয়ান হোষ্টৰ নেতা সাধাৰণতে কিশ অটামান নামেৰে পৰিচিত আছিল। তেওঁলোকক নিৰ্বাচন কৰা হৈছিল আৰু সাধাৰণতে কাৰ্যকাল এবছৰ আছিল। জাপোৰোজিয়ান ছিচত পূব অৰ্থডক্স গীৰ্জা আৰু বিদ্যালয় আছিল। গীৰ্জাসমূহে ধৰ্মীয় সেৱা আগবঢ়োৱাৰ লগতে বিদ্যালয়সমূহে প্ৰাথমিক শিক্ষা প্ৰদান কৰিছিল। শান্তিৰ সময়ত কছাকসকলে কৃষি, চিকাৰ, মাছ ধৰা, অধ্যয়ন আৰু সামৰিক প্ৰশিক্ষণত ব্যস্ত থাকিছিল।

জাপোৰোজিয়ান হোষ্টৰ কুৰিনসমূহ

[সম্পাদনা কৰক]
  • লেভুশ্কভস্কি
  • প্লাষ্টুনভস্কি
  • দ্যাদকভস্কি
  • ব্ৰিউখোভেটস্কি
  • ভেদমেদভস্কি
  • প্লাটমিৰভস্কি
  • পাশ্কভস্কি
  • কুশ্চেভস্কি
  • কিছলিয়াকভস্কি
  • ইভানভস্কি
  • কনেলভস্কি
  • ছেৰহিয়েভস্কি
  • ডনস্কি
  • ক্ৰিলভস্কি
  • কানিভস্কি
  • বাতুৰিনস্কি
  • পপোভিচেভস্কি
  • ভাছিউৰিনস্কি
  • নেজামাইকভস্কি
  • ইৰক্লিয়েভস্কি
  • শ্চেৰবিনভস্কি
  • তিতাৰভস্কি
  • শ্কুৰিনস্কি
  • কুৰেনেভস্কি
  • ৰোহভস্কি
  • কোৰছুনস্কি
  • কাল্নিব'লটস্কি
  • উমানস্কি
  • দেৰেভিয়াণ্টছভস্কি
  • ষ্টেবলিয়িভস্কি-উচ্চ
  • ষ্টেবলিয়িভস্কি-নিম্ন
  • জেৰেলভস্কি
  • পেৰিয়াছ্লাভস্কি
  • পল্টাভস্কি
  • মিশাস্তভস্কি
  • মিনস্কি
  • তিমোশেভস্কি
  • ভেলিচকভস্কি

কছাক ৰাজচিহ্ন (Kleinody)

[সম্পাদনা কৰক]
বান্দুৰা সহ জাপোৰোজিয়ান কছাক

জাপোৰোজিয়ান হোষ্টৰ গুৰুত্বপূৰ্ণ প্ৰতীক আৰু সামৰিক ৰাজচিহ্নসমূহক ক্লেইন'ডি বুলি কোৱা হৈছিল। ইয়াৰ ভিতৰত সামৰিক পতাকা, দণ্ড, মেচ, মুদ্ৰা বা মোহৰ, ঢোল আদি অন্তৰ্ভুক্ত আছিল।

সৰ্বোচ্চ ক্ষমতাৰ প্ৰতীক আছিল বুলাভা বা মেচ। ইয়াক হোষ্টৰ নেতা বা অটামানে বহন কৰিছিল।

খোৰুহভা আছিল হোষ্টৰ প্ৰধান পতাকা। ইয়াত সাধাৰণতে ধৰ্মীয় প্ৰতীক, সন্ত, ক্ৰছ আৰু কছাকসকলৰ চিহ্ন অংকিত কৰা হৈছিল।

কছাক হোষ্টৰ মোহৰত টুপী পৰিধান কৰা এজন কছাকৰ ছবি আছিল। তেওঁৰ হাতত তৰোৱাল আৰু আগ্নেয়াস্ত্ৰ আছিল।

কুৰিন আৰু পালাংকাৰ নিজা পতাকাও আছিল। সামৰিক সংকেত প্ৰদানৰ বাবে বৃহৎ তামৰ ঢোল ব্যৱহাৰ কৰা হৈছিল।

জাপোৰোজিয়ান ছিচ ধ্বংস হোৱাৰ পিছত এই বহুতো ৰাজচিহ্ন ৰাছিয়াৰ বিভিন্ন সংগ্ৰহালয় আৰু ভঁৰালত সংৰক্ষণ কৰা হৈছিল। ১৯১৭ চনৰ বিপ্লৱৰ পিছত সেইবোৰ ইউক্ৰেইনলৈ ঘূৰাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল যদিও সেই সিদ্ধান্ত কাৰ্যকৰী নহ'ল।

ৰাছিয়াৰ সৈতে মিত্ৰতা

[সম্পাদনা কৰক]

পেৰেয়াছ্লাভ সন্ধিৰ পিছত ১৬৫৪ চনত জাপোৰোজিয়ান হোষ্ট ৰাছিয়াৰ জাৰৰ সুৰক্ষাৰ অধীনলৈ যায়। তথাপি যথেষ্ট সময়লৈকে ই প্ৰায় সম্পূৰ্ণ স্বায়ত্তশাসন বজাই ৰাখিছিল। বোহদান খমেলনিটস্কিৰ মৃত্যুৰ পাছত ইভান ভিহভস্কিয়ে পোলেণ্ডৰ সৈতে পুনৰ ঘনিষ্ঠতা স্থাপনৰ চেষ্টা কৰে। ১৬৫৮ চনত হাদিয়াচ সন্ধিৰ জৰিয়তে কছাকসকলক পোলেণ্ড–লিথুৱানিয়া কমনৱেলথৰ সৈতে পুনৰ সংযুক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু বহু কছাকে কেথলিক পোলেণ্ডৰ সৈতে এই সংযোগ গ্ৰহণ নকৰিলে।

১৭০৯ চনত কষ্ট হৰ্ডিয়েংকোৰ নেতৃত্বত জাপোৰোজিয়ান হোষ্টে ইভান মাজেপাক সমৰ্থন কৰি ৰাছিয়াৰ পিটাৰ দ্য গ্ৰেটৰ বিৰুদ্ধে থিয় দিয়ে। পল্টাভাৰ যুদ্ধত পৰাজয়ৰ পিছত পিটাৰে জাপোৰোজিয়ান ছিচ ধ্বংস কৰাৰ নিৰ্দেশ দিয়ে।

মাজেপাৰ মৃত্যুৰ পাছত ১৭০৯ চনত পিলিপ অৰ্লিকক নতুন নেতা হিচাপে নিৰ্বাচন কৰা হয়।[12] তেওঁ কছাকসকলৰ অধিকাৰ আৰু স্বায়ত্তশাসন ৰক্ষাৰ বাবে এখন সংবিধান প্ৰস্তুত কৰিছিল, যিখন পিছলৈ পিলিপ অৰ্লিকৰ সংবিধান নামেৰে পৰিচিত হয়।

ৰাছিয়ান সাম্ৰাজ্যৰ অধীনত

[সম্পাদনা কৰক]

১৭৩৪ চনত ৰাছিয়া আৰু জাপোৰোজিয়ান কছাকসকলৰ মাজত হোৱা লুবনি সন্ধিৰ ফলত কছাকসকলে তেওঁলোকৰ পূৰ্বৰ ভূমি, অধিকাৰ, আইন আৰু পৰম্পৰা পুনৰ লাভ কৰে। ইয়াৰ বিনিময়ত তেওঁলোকে ৰাছিয়ান সেনাৰ অধীনত সামৰিক সেৱা আগবঢ়াবলৈ সন্মত হয়। এই সময়ত নতুন ছিচ নিৰ্মাণ কৰা হয়, যাক নোভা ছিচ বুলি জনা যায়। ১৮শ শতিকাৰ শেষৰফালে কছাক অভিজাত শ্ৰেণীৰ বহু লোকক ৰাছিয়ান অভিজাত শ্ৰেণীৰ সৈতে একত্ৰিত কৰা হয়। আনহাতে বহু সাধাৰণ কছাক কৃষক শ্ৰেণীলৈ অৱনমিত হয়।

১৭৭৪ চনৰ কুচুক কাইনাৰ্জাৰ সন্ধিৰ ফলত ক্ৰিমিয়ান খানাত ৰাছিয়াৰ অধীনলৈ অহাৰ পাছত দক্ষিণ সীমান্তত কছাকসকলৰ সামৰিক প্ৰয়োজনীয়তা কমি যায়। ৰাছিয়াই নভ'ৰ'ছিয়া অঞ্চলত নতুন উপনিৱেশ স্থাপন কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত কছাকসকলৰ সৈতে ভূমি অধিকাৰক লৈ সংঘাত বৃদ্ধি পায়।

“জাপোৰিঝিয়ানসকল” — যোজেফ ব্ৰাণ্টৰদ্বাৰা অংকিত।

জাপোৰোজিয়ান হোষ্টৰ অন্ত (১৭৭৫)

[সম্পাদনা কৰক]
১৭৭৩ চনৰ জাপোৰোজিয়ান ছিচৰ ৰাডা

১৭৭৫ চনৰ ৭ মে'ত কেথেৰিন দ্য গ্ৰেটৰ ৰাজদৰবাৰত জাপোৰোজিয়ান ছিচ বিলুপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। জেনেৰেল পিটাৰ টেকেলিক ছিচ দখল আৰু ধ্বংস কৰাৰ নিৰ্দেশ দিয়া হয়।

৫ জুন ১৭৭৫ তাৰিখে টেকেলিৰ সেনাই জাপোৰোজিয়ান ছিচক ঘেৰি পেলায়। কছাকসকলে বৃহৎ সামৰিক সংঘাতত জড়িত হোৱাৰ পৰিৱৰ্তে আত্মসমৰ্পণ কৰে।

ছিচৰ অস্ত্ৰ-শস্ত্ৰ, ধন-সম্পত্তি আৰু নথি-পত্ৰ জব্দ কৰা হয়। বহু কছাক নেতা গ্ৰেপ্তাৰ বা নিৰ্বাসিত হয়। পেট্ৰ' কাল্নিশেভস্কিক গ্ৰেপ্তাৰ কৰি ছ'লভকিলৈ নিৰ্বাসিত কৰা হয়, য'ত তেওঁ দীৰ্ঘদিন বন্দী হৈ থাকে।

জাপোৰোজিয়ান ছিচ ধ্বংস হোৱাৰ পিছত বহু কছাকে দানুবিয়ান ছিচ গঠন কৰি অট্টোমান সাম্ৰাজ্যৰ সুৰক্ষাত বসতি স্থাপন কৰে।

পৰৱৰ্তী ইতিহাস

[সম্পাদনা কৰক]

১৭৮৪ চনত গ্ৰিগৰি পটেমকিনে লয়েল জাপৰোজিয়ান হষ্ট গঠন কৰে। ১৭৮৭–১৭৯২ চনৰ ৰাছিয়া–তুৰ্কী যুদ্ধত কছাকসকলে ৰাছিয়াক সহায় কৰে। ইয়াৰ বিনিময়ত তেওঁলোকক কুবান অঞ্চলত ভূমি দিয়া হয় আৰু ১৭৯২ চনত তেওঁলোকৰ বৃহৎ অংশ তাত স্থানান্তৰিত হয়।

১৮২৮ চনত দানুবিয়ান ছিচ বিলুপ্ত হয় আৰু ইয়াৰ সদস্যসকলৰ এটা অংশ আজভ সাগৰৰ উত্তৰ পাৰলৈ স্থানান্তৰিত হয়। পিছলৈ তেওঁলোকৰ বহু লোক কুবান কছাকসকলৰ সৈতে একত্ৰিত হয়।

উত্তৰাধিকাৰ

[সম্পাদনা কৰক]

১৭৭৫ চনত জাপোৰোজিয়ান হোষ্ট আনুষ্ঠানিকভাৱে বিলুপ্ত হ'লেও ইউক্ৰেইনৰ সাংস্কৃতিক, ৰাজনৈতিক আৰু সামৰিক ইতিহাসত ইয়াৰ গভীৰ প্ৰভাৱ অব্যাহত থাকে। জাপোৰোজিয়ান কছাকসকলৰ ইতিহাসে ইউক্ৰেইন, ৰাছিয়া, পোলেণ্ড, তুৰস্ক আৰু অন্যান্য অঞ্চলৰ ইতিহাসক প্ৰভাবিত কৰিছে। কছাকসকলৰ স্বাধীনতা, সামৰিক সংগঠন, পৰিষদীয় শাসন-ব্যৱস্থা আৰু সাংস্কৃতিক পৰম্পৰা ইউক্ৰেইনীয় জাতীয় পৰিচয়ৰ গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। ১৯শ শতিকাৰ দ্বিতীয়াৰ্ধত ইউক্ৰেইনীয় জাতীয়তাবাদৰ বিকাশৰ ক্ষেত্ৰতো জাপোৰোজিয়ান কছাকসকলৰ ঐতিহাসিক স্মৃতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯১৭ চনৰ ৰাছিয়ান বিপ্লৱৰ পিছত ইউক্ৰেইনত নতুনকৈ মুক্ত কছাক সংগঠন গঠন কৰা হৈছিল। এই সংগঠনসমূহে নতুনকৈ ঘোষিত ইউক্ৰেইনীয় গণৰাজ্যক সুৰক্ষা দিয়াৰ চেষ্টা কৰিছিল। ১৯৯১ চনত ইউক্ৰেইনৰ স্বাধীনতাৰ পিছত কছাক জীৱনধাৰা পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টা ৰাজনীতি, অশ্বাৰোহণ আৰু সাংস্কৃতিক কাৰ্যকলাপত কেন্দ্ৰীভূত হয়।

২০১৬ চনৰ নৱেম্বৰ মাহত দ্নিপ্ৰ'পেট্ৰ'ভস্ক অঞ্চলৰ কছাকসকলৰ গীত ইউনেস্কোৰ জৰুৰী সুৰক্ষাৰ প্ৰয়োজন হোৱা অমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। [13]

বৰ্তমান খোৰ্তিৎসিয়া দ্বীপৰ ঐতিহাসিক জাপোৰোজিয়ান কছাক দুৰ্গক ইউক্ৰেইনীয় ৰাষ্ট্ৰীয় পৰিচয় আৰু ৰাষ্ট্ৰত্বৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক হিচাপে গণ্য কৰা হয়।[14]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ Ostapchuk, Victor. The Zaporozhian Cossacks and the Dnipro River Refugium., in Bernhardt, Johannes C., Markus Koller, and Achim Lichtenberger (Eds.), Mediterranean Rivers in Global Perspective. Leiden, Netherlands: Verlag Ferdinand Schöningh, 2019, pp. 273–302. ISBN 978-3-506-78636-4
  2. ↑ Paul R. Magocsi (1996). A History of Ukraine. University of Toronto Press. পৃষ্ঠা. 348. ISBN 978-0-8020-7820-9. https://books.google.com/books?id=t124cP06gg0C&pg=PA348.
  3. ↑ Yuri Kondufor (1986). A Short History of the Ukraine. প্ৰকাশক Kyiv: Naukova Dumka. পৃষ্ঠা. 43. https://archive.org/details/shorthistoryofuk00kond.
  4. ↑ For a detailed analysis, see Pritsak, Omeljan (2006সাঁচ:–2007). "The Turkic Etymology of the Word Qazaq 'Cossack'". Harvard Ukrainian Studies খণ্ড 28 (1–4): 237–XII.
  5. ↑ Lebedynsky, Iaroslav (1995) (fr ভাষাত). Histoire des Cosaques. প্ৰকাশক Lyon, FR: Terre Noire. পৃষ্ঠা. 38.
  6. ↑ https://books.google.com/books?id=Z0mKRsElYNkC
  7. ↑ Kizilov, Mikhail (2026). "The Thirteenth Tribe: The Imaginary Legacy of the Khazars". Jews from Elsewhere: Forgotten Diasporas and Singular Jewish Identities. Oxford University Press. পৃষ্ঠা. 169. doi:10.1093/9780197750957.003.0025. ISBN 9780197750926.
  8. ↑ Утевская, О. М.; Чухряева, М. И.; Схаляхо, Р. А.; Дибирова, Х. Д.; Теучеж, И. Э.; Агджоян, А. Т.; Атраментова, Л. А.; Балановская, Е. В. et al. (2015). "ПОХОДЖЕННЯ ОСНОВНИХ ГРУП КОЗАЦТВА ЗА ДАНИМИ ПРО ПОЛІМОРФІЗМ Y ХРОМОСОМИ" (ru ভাষাত). Вісник Одеського Національного Університету. Біологія খণ্ড 20 (2(37)): 61–69. doi:10.18524/2077-1746.2015.2(37).54983. ISSN 2415-3125. http://visbio.onu.edu.ua/article/view/54983.
  9. ↑ Ure, John (1999). The Cossacks. Constable. ISBN 9780094774001. https://books.google.com/books?id=A2kiAQAAIAAJ.
  10. ↑ P.R. Magocsi. A History of Ukraine. পৃষ্ঠা. 294, 296.
  11. ↑ Yevarnitskiy, Dmitry Ivanovich (1890) (ru ভাষাত). I. N. Skorokhodova. পৃষ্ঠা. 22. https://books.google.com/books?id=NqMwAQAAMAAJ&pg=PA22.
  12. ↑ https://en.wikipedia.org/wiki/Special:BookSources/966-00-0804-X
  13. ↑ http://www.unesco.org/culture/ich/en/USL/cossacks-songs-of-dnipropetrovsk-region-01194
  14. ↑ (in Ukrainian) Where to go on Independence Day: 21 sights for the statehood of Ukraine, Radio Free Europe (16 August 2020)
  1. ↑ Ukrainian: Запорозькі козаки, romanized: Zaporozki kozaky

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  • ৱিকিমিডিয়া কমন্সত জাপোৰোজিয়ান কছাক সম্পৰ্কীয় মিডিয়া ফাইল।
  • Zaporizhia — Encyclopedia of Ukraine
  • Cossacks — Encyclopedia of Ukraine
  • Zaporozhian Sich — Encyclopedia of Ukraine