জাবিবা চিহ্ন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
A pilgrim with prayer bump photographed outside Masjid al-Haram.

জাবিবা চিহ্ন (Arabic زبيبة zabība, "raisin") (ইংৰাজীPrayer bump) কিছুমান মুছলমান মানুহৰ কপালত কৃত্ৰিম ভাৱে উৎপন্ন এক মাটিয়া ৰঙৰ দাগ বা চিহ্ন যিটো তেওঁলোকে দৈনিক নামাজ পঢ়াৰ সময়ত কপালেৰে মাটি বা নামাজৰ পাটীখন স্পৰ্শ কৰাৰ ঘৰ্ষণৰ ফলত সৃষ্টি হয়। নামাজৰ এই মুদ্ৰা (ভঙ্গিমা)টোক চাজদা বুলি কোৱা হয়৷

মুছলমান সকলে দিনে পাঁচবাৰকৈ নামাজ পঢ়িব (ছালাত কৰিব) লাগে বুলি বিধান আছে। পুৱতি নিশাৰ আটাইতকৈ চুটি ফজৰ নামাজত দুই ৰাকায়াত দুবাৰকৈ মুঠ চাৰিবাৰ এইধৰণে চাজদা কৰিব লগা হয়৷ দিনে পাঁচবাৰকৈ নামাজ পঢ়িলে অতি কমেও ৩৪ (চৌত্ৰিশ) বাৰ চাজদা কৰিব লগা হয়৷ যিসকল মুছলমান লোকে দীৰ্ঘদিন ধৰি নিষ্ঠাৰে দৈনিক নামাজ পঢ়ি আছে তেওঁলোকৰ কপালত এই দাগটো দেখা যাব পাৰে। গতিকে এই দাগটো মুছলমান সকলে ধৰ্মীয় নিষ্ঠাৰ প্ৰতীক চিহ্ন বুলি গন্য কৰে।[1]

কিছুমান কমবয়সীয়া মুছলমান বা অ-মুছলমান লোকৰ কপালত এই জাবিবা চিহ্নৰ দৰে দাগ দেখা যাব পাৰে যি দৰাচলতে দ্বিতীয়বিধ বহুমুত্ৰ ৰোগৰ বাবে শৰীৰত সৃষ্টি হোৱা ইনছুলিন-প্ৰতিৰোধৰ ফলত তেজত উপঙি ফুৰা অব্যৱহৃত ইনছুলিনৰ কাৰণে হোৱা একেন্থছিছ নাইগ্ৰিকেঞ্চ্ (ইংৰাজীAcanthosis nigricans) নামৰ উপসৰ্গ হ'ব পাৰে।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]