সমললৈ যাওক

জাভাস্ক্ৰীপ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
JavaScript
JavaScript code.png
Screenshot of JavaScript source code
সৃষ্টিৰ সময় ৪ ডিচেম্বৰ ১৯৯৫; ৩০ বছৰ আগত (1995-12-04)[1]
Stable release ECMAScript 2024[2] Edit this on Wikidata (জুন ২০২৪; ১৭ মাহ আগত (June 2024))
Preview release ECMAScript 2025[3] Edit this on Wikidata (২৭ মাৰ্চ ২০২৪; ১৯ মাহ আগত (27 March 2024))
Typing discipline Dynamic, weak, duck
Scope lexical
Major implementations V8, JavaScriptCore, SpiderMonkey;
Chakra (deprecated)
Influenced by Java,[4][5] Scheme,[5] Self,[6] AWK,[7] HyperTalk[8]
Influenced ActionScript, ArkTS, AssemblyScript, CoffeeScript, Dart, Haxe, JS++, Opa, TypeScript
ৱেবছাইট ecma-international.org/publications-and-standards/standards/ecma-262/
পৰিয়াল ECMAScript
Wikibooks logo JavaScript at Wikibooks

জাভাস্ক্ৰীপ্ট (ইংৰাজী: JavaScript) হৈছে এটা প্ৰগ্ৰামিং ভাষা। এইছটিএমএল (HTML) আৰু চিএছএছ (CSS)-ৰ সমান্তৰালকৈ ই ৱেব প্লেটফৰ্মৰ এটা মূল প্ৰযুক্তি। বিশ্বজুৰি ব্যৱহৃত ৱেবছাইটৰ ৯৯% ক্লায়েণ্ট চাইড ৱেবপৃষ্ঠাৰ আচৰণৰ বাবে ‘জাভাস্ক্ৰীপ্ট’ ব্যৱহাৰ কৰা হয়।[9]

ৱেব ব্ৰাউজাৰবোৰৰ এটা সুকীয়া জাভাস্ক্ৰীপ্ট ইঞ্জিন থাকে, যিয়ে ক্লায়েণ্টৰ কোডবোৰ চলায়। এই ইঞ্জিনবোৰ কেতবোৰ চাৰ্ভাৰ আৰু বিভিন্ন এপ্লিকেচনতো ব্যৱহাৰ কৰা হয়। নন-ব্ৰাউজাৰ ব্যৱহাৰৰ বাবে, আটাইতকৈ জনপ্ৰিয় ৰানটাইম ছিষ্টেম হৈছে Node.js.

জাভাস্ক্ৰীপ্ট হৈছে এটা উচ্চ-স্তৰৰ, প্ৰায়ে Just-in-time-compiled ভাষা, যিয়ে ECMAScript standard অনুসৰণ কৰে।[10] ইয়াত dynamic typing, prototype-based object-orientation, আৰু first-class functions আছে। ই multi-paradigm, যাৰ অৰ্থ হৈছে ই event-driven, functional, আৰু imperative programming styles-ক সমৰ্থন কৰে। ইয়াত text, dates, regular expressions, standard data structures, আৰু Document Object Model (DOM)-ৰ সৈতে কাম কৰিবলৈ APIs আছে।

ECMAScript standard-এ নেটৱৰ্কিং, ষ্ট’ৰেজ বা গ্ৰাফিক্স আদিত ইনপুট/আউটপুট (I/O)-ৰ কোনো ধৰণৰ সুবিধা অন্তৰ্ভুক্ত নকৰে। ব্যৱহাৰিক ক্ষেত্ৰত, ৱেব ব্ৰাউজাৰ বা অন্যান্য ৰানটাইম ছিষ্টেমে I/O ৰ বাবে JavaScript API প্ৰদান কৰে।

জাভা আৰু জাভাস্ক্ৰীপ্ট নাম দুটা বাক্যবিন্যাস (চিনটেক্স)-ত একে যেন লাগিলেও, দুয়োটা ভাষাই বেলেগ আৰু ডিজাইনৰ ক্ষেত্ৰতো বহু পাৰ্থক্য আছে।

১৯৯৩ চনত গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ (Graphical User Interface) যুক্ত প্ৰথম জনপ্ৰিয় ৱেব ব্ৰাউজাৰ, Mosaic মুকলি কৰে। এই ৱেব ব্ৰাউজাৰৰে মুখ্য ডেভেলপাৰসকলে পাছলৈ নেটস্কেপ কৰ্পোৰেশ্বন প্ৰতিষ্ঠা কৰি ১৯৯৪ চনত অধিক উন্নত ব্ৰাউজাৰ নেটস্কেপ নেভিগেটৰ (Netscape Navigator) মুকলি কৰে। ই সোনকালে অধিক ব্যৱহৃত ব্ৰাউজাৰ হৈ পৰে৷[11]

ৱেবৰ এই প্ৰাৰম্ভিক বৰ্ষত, ৱেব পৃষ্ঠাবোৰ স্থিৰ আছিল, ব্ৰাউজাৰত পৃষ্ঠা লোড হোৱাৰ পিছত গতিশীল আচৰণৰ ক্ষমতা নাছিল। বিকাশৰ পৰ্যায়ত ৱেব ডেভেলপমেণ্ট ক্ষেত্ৰখনৰ এই সীমাবদ্ধতাবোৰ আঁতৰাবলৈ ১৯৯৫ চনত নেটস্কেপে নেভিগেটৰত এটা প্ৰগ্ৰামিং ভাষা যোগ কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে ইয়াৰ বাবে দুটা পথ অনুসৰণ কৰিছিল: জাভা ভাষা এম্বেড কৰিবলৈ ছান মাইক্ৰ’ছিষ্টেমছৰ সৈতে সহযোগ, আনহাতে স্কিম (Scheme) ভাষা এম্বেড কৰিবলৈ ব্ৰেণ্ডান আইচক নিয়োগ কৰা।[5]

ইয়াৰ লক্ষ্য আছিল “সাধাৰণ লোকৰ বাবে এটা ভাষা”,[12] “নন-প্ৰগ্ৰামাৰসকলক গতিশীল, ইণ্টাৰেক্টিভ ৱেবছাইট সৃষ্টি কৰাত সহায় কৰা”।[13] নেটস্কেপ মেনেজমেণ্টে সোনকালে আটাইতকৈ ভাল বিকল্প হিচাপে আইচে এটা নতুন ভাষা উদ্ভাৱন কৰাৰ সিদ্ধান্ত লয়। যি বাক্যবিন্যাসত জাভাৰ দৰে আৰু স্কিম বা আন বৰ্তমানৰ স্ক্ৰীপ্টিং ভাষাসমূহৰ দৰে কম হোৱাকৈ সজোৱা।[4][5] যদিও নতুন ভাষা আৰু ইয়াৰ ইণ্টাৰপ্ৰিটাৰ ইমপ্লিমেনটেশ্বনক ১৯৯৫ চনৰ ছেপ্টেম্বৰ মাহত নেভিগেটৰ বিটাৰ অংশ হিচাপে প্ৰথমবাৰৰ বাবে “লাইভস্ক্ৰীপ্ট” (LiveScript) বুলি কোৱা হৈছিল, আনুষ্ঠানিক মুকলিৰ বাবে ডিচেম্বৰত ইয়াৰ নামটো “জাভাস্ক্ৰীপ্ট” (JavaScript)-লৈ সলনি কৰা হয়।[5][1][14][15]

‘জাভাস্ক্ৰীপ্ট’ নামটো বাছনি কৰাৰ ফলত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল, কাৰণ ই জাভাৰ সৈতে পোনপটীয়াকৈ একে। সেই সময়ত, ডট-কম বুম (dot-com boom) আৰম্ভ হৈছিল আৰু জাভা এটা জনপ্ৰিয় নতুন ভাষা আছিল, সেয়েহে আইচে জাভাস্ক্ৰীপ্ট নামটোক নেটস্কেপৰ এক মাৰ্কেটিং কৌশল বুলি গণ্য কৰিছিল।[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Netscape and Sun announce JavaScript, the Open, Cross-platform Object Scripting Language for Enterprise Networks and the Internet" (Press release). December 4, 1995. https://wp.netscape.com/newsref/pr/newsrelease67.html. 
  2. "ECMAScript® 2024 Language Specification". June 2024. https://262.ecma-international.org/15.0/। আহৰণ কৰা হৈছে: 30 August 2024. 
  3. "ECMAScript® 2025 Language Specification". 27 March 2024. https://tc39.es/ecma262/। আহৰণ কৰা হৈছে: 17 April 2024. 
  4. 4.0 4.1 Seibel, Peter (September 16, 2009). Coders at Work: Reflections on the Craft of Programming. Apress. ISBN 978-1-4302-1948-4. https://books.google.com/books?id=nneBa6-mWfgC&q=The+immediate+concern+at+Netscape+was+it+must+look+like+Java.&pg=PA141। আহৰণ কৰা হৈছে: December 25, 2018. "Eich: The immediate concern at Netscape was it must look like Java." 
  5. 5.0 5.1 5.2 5.3 5.4 "Chapter 4. How JavaScript Was Created". speakingjs.com. https://exploringjs.com/es5/ch04.html। আহৰণ কৰা হৈছে: 2017-11-21. 
  6. "Popularity – Brendan Eich". https://brendaneich.com/2008/04/popularity/. 
  7. "Brendan Eich: An Introduction to JavaScript, JSConf 2010". YouTube. 20 January 2013. পৃষ্ঠা: 22m. https://www.youtube.com/watch?v=1EyRscXrehw। আহৰণ কৰা হৈছে: November 25, 2019. "Eich: "function", eight letters, I was influenced by AWK." 
  8. Eich, Brendan (1998). "Foreword". In Goodman, Danny. JavaScript Bible (3rd সম্পাদনা). John Wiley & Sons. ISBN 0-7645-3188-3. OCLC 38888873. https://archive.org/details/javascriptbible000good. 
  9. "Usage Statistics of JavaScript as Client-side Programming Language on Websites". W3Techs. https://w3techs.com/technologies/details/cp-javascript। আহৰণ কৰা হৈছে: 2024-02-27. 
  10. "ECMAScript 2020 Language Specification". https://tc39.es/ecma262/#sec-overview। আহৰণ কৰা হৈছে: 2020-05-08. 
  11. Enzer, Larry (August 31, 2018). "The Evolution of the Web Browsers". Monmouth Web Developers. Archived from the original on August 31, 2018. https://web.archive.org/web/20180831174847/https://www.mwdwebsites.com/nj-web-design-web-browsers.html। আহৰণ কৰা হৈছে: August 31, 2018. 
  12. 12.0 12.1 Fin JS (June 17, 2016), Brendan Eich  – CEO of Brave, https://www.youtube.com/watch?v=XOmhtfTrRxc, আহৰণ কৰা হৈছে: February 7, 2018 
  13. "Netscape Communications Corp.", Browser enhancements. Encyclopædia Britannica 2006 Ultimate Reference Suite DVD
  14. "TechVision: Innovators of the Net: Brendan Eich and JavaScript". https://wp.netscape.com/comprod/columns/techvision/innovators_be.html. 
  15. Han, Sheon (4 March 2024). "JavaScript Runs the World—Maybe Even Literally". Wired. https://www.wired.com/story/javascript-runs-the-world-maybe-literally/। আহৰণ কৰা হৈছে: 21 August 2024.