সমললৈ যাওক

জামছিদী বেজী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এটা এবাৰ ব্যৱহাৰ কৰিব পৰা জামছিদী বেজী

জামছিদী বেজী (ইংৰাজী: Jamshidi needle) হাড়ৰ মজ্জাৰ বায়’প্সি কৰাৰ বাবে ব্যৱহৃত ট্ৰেফিন বেজী, যাৰ দ্বাৰা কলাৰ নলাকাৰ নমুনা, মূল বায়’প্সিৰ নমুনা লোৱা হয়। ই এটা নলী আকাৰৰ বেজী, যাৰ কাটিব পৰা আগটো তীক্ষ্ণ।[1] টেপাৰ এণ্ডে ক্ৰাছ আৰ্টিফেক্টৰ সম্ভাৱনা হ্ৰাস কৰে।[2] হাড়ৰ মজ্জাৰ বায়'প্সি কৰিবলৈ ই আটাইতকৈ বেছি ব্যৱহৃত বেজী।[3]

ইয়াৰ উদ্ভাৱক ইৰাণী চিকিৎসক খোছৰ’ জামছিদীৰ নামেৰে এই যন্ত্ৰটোৰ নামকৰণ কৰা হৈছে।[4]

শিশু ৰোগীৰ ক্ষেত্ৰতো জামছিদী আন্তঃঅস্থিৰ বেজী সফলতাৰে ব্যৱহাৰ কৰা হৈছে, য’ত গতানুগতিক ব্যৱস্থাৰে শিৰাৰ ৰেখা স্থাপন কৰিব পৰা নগৈছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Lewis, Shirley Mitchell; Bain, Barbara J.; Bates, Imelda (2006), Dacie and Lewis practical haematology (10 সম্পাদনা), Elsevier Health Sciences, p. 124, ISBN 978-0-443-06660-3, https://books.google.com/books?id=DTpAw1sMec4C&pg=PA124 
  2. Gotlib, Jason R.; Fechter, Lenn (2007), One hundred questions and answers about myelodysplastic syndromes, Jones & Bartlett Learning, p. 21, ISBN 978-0-7637-5333-7, https://books.google.com/books?id=bT_I2tpn6YIC&dq=Jamshidi+needle&pg=PA21 
  3. "Bone Marrow Aspiration and Biopsy". Gale Encyclopedia of Nursing and Allied Health. 2006-01-01. Archived from the original on 2013-11-05. https://web.archive.org/web/20131105214454/http://www.highbeam.com/doc/1G2-2584700122.html। আহৰণ কৰা হৈছে: 19 April 2012. 
  4. SOFT TISSUE BIOPSY DEVICE - Google Patent Search