সমললৈ যাওক

জামছেদপুৰ মহিলা বিশ্ববিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জামছেদপুৰ মহিলা বিশ্ববিদ্যালয়
স্থাপিত
  • ১৯৫৩; ৭২ বছৰ  আগতে (1953) জামছেদপুৰ মহিলা মহাবিদ্যালয়
  • ২০১৯; ৬ বছৰ  আগতে (2019) জামছেদপুৰ মহিলা বিশ্ববিদ্যালয়।
ধৰণ ৰাজহুৱা বিশ্ববিদ্যালয়
আচাৰ্য ঝাৰখণ্ডৰ ৰাজ্যপাল
উপাচাৰ্য ডাঃ অঞ্জিলা গুপ্তা
স্থান জামছেদপুৰ, ঝাৰখণ্ড, ভাৰত
চৌহদ চহৰ
ৱেবছাইট jwu.ac.in

জমছেদপুৰ মহিলা বিশ্ববিদ্যালয় পূৰ্বতে জমছেদপুৰ মহিলা মহাবিদ্যালয় এখন সাধাৰণ স্নাতক মহিলা মহাবিদ্যালয় আছিল। ১৯৫৩ চনত পেৰিন চি মেহতাই ভাৰতঝাৰখণ্ড ৰাজ্যত এই অনুষ্ঠানখণ প্ৰতিষ্ঠা কৰিছিল।[1]১৯৬২ চনত দানবীৰ ৰতন টাটায়ে কলেজখনক নিজাকৈ কেম্পাছ নিৰ্মাণ কৰি উপহাৰ দিয়ে। ইয়াত কলা, বাণিজ্য আৰু বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম প্ৰদান কৰা হয়।[2] বিশ্ববিদ্যালয়খনে এনএএচিৰ দ্বাৰা গ্ৰেড স্বীকৃতি লাভ কৰিছে॥[3]এইখনক বিশ্ববিদ্যালয় অনুদান আয়োগ দ্বাৰা উৎকৃষ্টতাৰ সম্ভাৱনা থকা কেন্দ্ৰ(CPE) হিচাপে স্বীকৃতি দিছে।[3]মহাবিদ্যালয়খনে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীক বিশেষ গুৰুত্ব দিয়াৰ সমান্তৰালকৈ শিক্ষাৰ্থীসকলক সামগ্ৰিক শিক্ষা প্ৰদানৰ লক্ষ্য লৈছে।[3] ঝাৰখণ্ড ৰাজ্যিক বিশ্ববিদ্যালয় সংশোধনী আইন ২০১৭ৰ অধীনত এই মহাবিদ্যালয়খন ঝাৰখণ্ডৰ মহিলাৰ বাবে প্ৰথমখন বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হয়।[4]ৰাজ্যপাল তথা আচাৰ্য দ্ৰৌপদী মুৰ্মুয়ে বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ অনুমোদন প্ৰদান কৰে।[4]

অৱস্থিত

[সম্পাদনা কৰক]

মহাবিদ্যালয়খন ঝাৰখণ্ড ৰাজ্যৰ জমছেদপুৰ চহৰত অৱস্থিত। জামছেদপুৰ পূৰ্বতে ছাকচি নামৰ এখন গাঁও আছিল যাৰ নাম ১৯১৯ চনত ভিছকাউণ্ট চেলমছফৰ্ড দ্বাৰা সলনি কৰা হয়।

বিভাগসমূহ

[সম্পাদনা কৰক]

কলা বিভাগৰ পৰা কলেজৰ আৰম্ভণি হৈছিল। বিজ্ঞান আৰু বাণিজ্য বিভাগ ক্ৰমে ১৯৭২ আৰু ১৯৭৪ চনত সংযোজন কৰা হয়। ষাঠিৰ দশকৰ সময়ছোৱাত বিভিন্ন বিষয়ত অনাৰ্ছ পাঠ্যক্ৰমও অন্তৰ্ভুক্ত কৰা হৈছিল। বিশ্ববিদ্যালয়খনত বৃত্তিমূলক পাঠ্যক্ৰম যেনে বি.এড., এম.এড., পৰিৱেশ আৰু পানী ব্যৱস্থাপনা, জৈৱ প্ৰযুক্তি, গণ যোগাযোগ আৰু সাংবাদিকতা, লাইব্ৰেৰী আৰু তথ্য বিজ্ঞানত স্নাতক, বিবিএ, এমবিএ, ক্লিনিকেল নিউট্ৰিচন আৰু ডায়েটেটিক্স। ইলেক্ট্ৰনিক্স, কমিউনিকেটিভ ইংৰাজী, বেংকিং মানৱ অধিকাৰ আৰু শিক্ষাৰ মূল্যবোধৰ অতিৰিক্ত পাঠ্যক্ৰম আগবঢ়োৱা হয়। এই মহাবিদ্যালয়খনে গান্ধিয়ান ষ্টাডি চেণ্টাৰ ফৰ ৰিচাৰ্চৰ গৱেষণাৰ প্ৰচাৰ কৰে।[5]ইউ জি পাঠ্যক্ৰমসমূহে সাধাৰণ ছয় ছেমিষ্টাৰৰ ট্ৰেজেক্টৰী অনুসৰণ কৰে। সমাজ বিজ্ঞানৰ ডীন হিচাপে বীনা লাকাৰা, বিজ্ঞানৰ ড° অঞ্জলি শ্ৰীবাস্তৱ আৰু বাণিজ্য বিভাগৰ ড° দীপা শৰণ কাৰ্য্যনিৰ্বাহ কৰি আছে।

বিজ্ঞান

[সম্পাদনা কৰক]
  • ৰসায়ন বিজ্ঞান
  • পদাৰ্থ বিজ্ঞান
  • গণিত
  • উদ্ভিদ বিজ্ঞান
  • প্ৰাণী বিজ্ঞান

কলা আৰু বাণিজ্য

[সম্পাদনা কৰক]
  • বাংলা
  • হিন্দী
  • ইংৰাজী
  • ইতিহাস
  • ওড়িয়া
  • উৰ্দু
  • সংস্কৃত
  • হোম বিজ্ঞান
  • ৰাজনীতি বিজ্ঞান
  • অৰ্থনীতি
  • দৰ্শন
  • মনোবিজ্ঞান
  • সংগীত
  • শিক্ষা
  • বাণিজ্য

বৃত্তি আৰু ষ্টাইপেণ্ড

[সম্পাদনা কৰক]
  • SC/ST/OBC আৰু সংখ্যালঘু সম্প্ৰদায় আদিৰ বাবে মেট্ৰিক পিছৰ বৃত্তি।
  • সংখ্যালঘু সম্প্ৰদায়ৰ অন্তৰ্গত কন্যা ছাত্ৰীৰ বাবে মৌলানা আজাদ ৰাষ্ট্ৰীয় বৃত্তি।
  • পি জি ছাত্ৰ-ছাত্ৰীৰ বাবে একক কন্যা শিশুৰ বাবে ইন্দিৰা গান্ধী বৃত্তি।
  • সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তি।
  • উদ্ভিদ বিজ্ঞান বিভাগৰ পি জি টপাৰৰ বাবে ড° অঞ্জু প্ৰিয়া আখৌৰী সোঁৱৰণী বৃত্তি।
  • ড° প্ৰভাত কুমাৰ সোঁৱৰণী বৃত্তি মধ্যম, স্নাতক আৰু স্নাতকোত্তৰ স্থানপ্ৰাপ্তসকলৰ বাবে।
  • যিসকল ছাত্ৰ-ছাত্ৰী অনুসূচিত জাতি, অনুসূচিত জাতি, অ'বিচি বা প্ৰতিবন্ধী, তেওঁলোকক বিহাৰ/বংগ/উৰিষ্যা আৰু অন্যান্য ৰাজ্যৰ চৰকাৰলৈও পৰামৰ্শ দিয়া হ'ব।

সুবিধাসমূহ

[সম্পাদনা কৰক]

পুথিভঁৰাল

[সম্পাদনা কৰক]

পেৰিন মেহতা পুথিভঁৰালটো ছাত্ৰ-ছাত্ৰীসকলৰ বাৱে স্বয়ংক্ৰিয় আৰু ইণ্টাৰনেট সেৱা নামমাত্ৰ হাৰত প্ৰদান কৰে। কিতাপৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনীও উপলব্ধআছে। ই-লাইব্ৰেৰী ব্ৰিটিছ কাউন্সিল, INFLIBNET চেণ্টাৰ আৰু আমেৰিকান চেণ্টাৰ আদিৰো ব্যৱস্থা আছে।

ভ্ৰমণৰ ৰেহাই

[সম্পাদনা কৰক]

মহিলা শিক্ষাৰ্থীসকল বিশ্ববিদ্যালয়পৰা ঘৰ বা গৃহ অঞ্চললৈ অহাযোৱাৰ বাবে সুবিধা আৰু ৰেল ভ্ৰমণ ৰেহাই দিয়া হৈছে।[6]

ছাত্ৰ কল্যাণ সেৱা

[সম্পাদনা কৰক]

ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিবলৈ বিভিন্ন ধৰণৰ সামাজিক সেৱা উপলব্ধ আছে।[6]

  • প্লেচমেণ্ট চেল (নিয়োগ নিযুক্তি প্ৰদান কৰে আৰু বহুজাতিক কোম্পানীসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। )
  • অভিযোগ নিৰাময় কোষ।
  • মহিলাৰ কোষ।
  • পৰামৰ্শদাতা কোষ।
  • সাংস্কৃতিক কোষ।
  • ফ্ৰীশ্বিপ কমিটি।
  • অনুসূচিত জাতি/জনজাতি সমিতি।
  • অভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষ।
  • ইউ.জি.চি.ৰ মতে এণ্টি-ৰেগিং চেল(জাননী)।
  • সাংস্কৃতিক সমাজ।
  • ক্ৰীড়া সমিতি।
  • আইনী সাহায্য ক্লিনিক।

হোষ্টেল

[সম্পাদনা কৰক]

এই হোষ্টেলটো ইউথ হোষ্টেল এছ'চিয়েচন অৱ ইণ্ডিয়াৰ সৈতে জড়িত। সংস্থাটোৱে স্থানীয় লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো ট্ৰেক আৰু দুঃসাহসিক অভিযানৰ আয়োজন কৰে। দুটা হোষ্টেলত দুয়োটা কেম্পাছত টিভি, ইণ্টাৰনেট, বাতৰি কাকত, আলোচনী, টেলিফোন আৰু ইনড’ৰ গেমৰ ব্যৱস্থা আছে। মহাদেৱী ভাৰ্মা হোষ্টেলত ৫০জন ছাত্ৰ-ছাত্ৰী থাকিব পাৰে। আনহাতে চিভি ৰমন হোষ্টেলত ১০০জন ছাত্ৰ-ছাত্ৰী থাকিব পাৰে।[7]

ক্ৰীড়া আৰু এনচিচি

[সম্পাদনা কৰক]

কেম্পাছৰ ক্ৰীড়াৰ সুবিধাসমূহৰ ভিতৰত ক্ৰিকেট, ভলীবল, আৰ্চাৰী, বাস্কেটবল, খোখো, কাবাডী, কাৰাটে আৰু ইনড’ৰ গেম ব্যৱস্থা আছে। ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষৰ দ্বাৰা খেলুৱৈসকলক বৃত্তিও প্ৰদান কৰা হয়। [7] Students can also join the NCC.

বিশেষ বৈশিষ্ট্যসমূহ

[সম্পাদনা কৰক]
  • অন চাইট ডেকেয়াৰ চেণ্টাৰ, ছাত্ৰ আৰু কৰ্মচাৰী উভয়কে সেৱা আগবঢ়োৱা।
  • অডিঅ'-ভিজুৱেল ৰুম।
  • মহাবিদ্যালয়ৰ তিনিটা শৈক্ষিক বৰ্ষত ইউ জি ছাত্ৰ-ছাত্ৰীৰ বাবে যোগাযোগমূলক ইংৰাজী ক্লাছ অনুষ্ঠিত কৰা হয়।
  • পানী কুলাৰৰ সুবিধা।
  • ছোৱালীৰ বাবে কমন ৰুম - নিৰ্মাণৰ কাম চলি আছে।
  • ছাত্ৰৰ মতামত ব্যৱস্থা।
  • প্লেচমেণ্ট চেল আৰু কাউন্সেলিং চেণ্টাৰ।
  • কম্পিউটাৰ চেণ্টাৰ আৰু সকলো বিভাগতে ইণ্টাৰনেটৰ সুবিধা।
  • আয়ৰ প্ৰমাণ পত্ৰ দাখিল কৰাৰ লগে লগে দুৰ্বল আৰু বিপিএল ছাত্ৰ-ছাত্ৰীক শিক্ষা ঋণ প্ৰদান কৰা হয়।[6]

উল্লেখযোগ্য প্ৰাক্তন ছাত্ৰ

[সম্পাদনা কৰক]
  • আৰতি ভট্টাচাৰ্য।
  • জি. এছ লক্ষ্মী।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Perin C Mehta". issuu.com. https://issuu.com/kashifnawaid/docs/perincmehta। আহৰণ কৰা হৈছে: 2019-12-08. [সংযোগবিহীন উৎস]
  2. "Affiliated College of Kolhan University". http://www.kolhanuniversity.ac.in/index.php/college/constituent-colleges.html. 
  3. 3.0 3.1 3.2 "JSR Women's College". jsrwomenscollege.ac.in. Archived from the original on 2019-12-08. https://web.archive.org/web/20191208094114/http://jsrwomenscollege.ac.in/about.htm। আহৰণ কৰা হৈছে: 2019-12-08. 
  4. 4.0 4.1 "Jamshedpur Women's College is now the Jamshedpur Women's University" (en-US ভাষাত). Avenue Mail. 2019-02-19. Archived from the original on 2019-12-08. https://web.archive.org/web/20191208094102/https://www.avenuemail.in/jamshedpur/jamshedpur-womens-college-is-now-the-jamshedpur-womens-university/129305/। আহৰণ কৰা হৈছে: 2019-12-08. 
  5. "JSR Women's College". jsrwomenscollege.ac.in. Archived from the original on 2019-12-11. https://web.archive.org/web/20191211112019/http://www.jsrwomenscollege.ac.in/history.htm। আহৰণ কৰা হৈছে: 2019-12-08. 
  6. 6.0 6.1 6.2 "JSR Women's College". jsrwomenscollege.ac.in. Archived from the original on 2023-10-01. https://web.archive.org/web/20231001011239/http://www.jsrwomenscollege.ac.in/facilities.htm। আহৰণ কৰা হৈছে: 2025-02-08. 
  7. 7.0 7.1 Chamecki, Alvaro (2017-05-12), "The elite indoor volleyball athlete", Handbook of Sports Medicine and Science, John Wiley & Sons, Ltd, pp. 171–180, doi:10.1002/9781119227045.ch14, ISBN 978-1-119-22704-5