সমললৈ যাওক

জামানা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জামানা

পৰম্পৰাগত সাজ-পাৰ আৰু মুৰত জামানা পৰিহিত এগৰাকী হাৱৰামী কুৰ্দ্দ লোক
প্ৰকাৰ শিৰস্ত্ৰাণ
পদাৰ্থ কপাহ
উৎপত্তিৰ স্থান কুৰ্দিস্তান
পৰিচয় ৩০০০/২০০০ খ্ৰীষ্টপূৰ্ব

জামানা (ইংৰাজী: Jamana; কুৰ্দিচ: جامانە) যাক জামাদানী (Jamadani) বা আঘাবানু (Aghabanu) বুলিও জনা যায়, হৈছে কুৰ্দ্দসকলৰ এবিধ পৰম্পৰাগত শিৰস্ত্ৰাণ। ই কুৰ্দ্দ পৰম্পৰাগত সাজ-পাৰৰ এক অবিচ্ছেদ্য অংশ। ইয়াৰ প্ৰথম ব্যৱহাৰ মেচোপটেমিয়াত চুমেৰীয়সকলৰ দ্বাৰা হৈছিল। পাহলৱী ভাষাত এই শব্দটোৱে এটুকুৰা নিচিলাই কাপোৰক বুজায়।

শিৰস্ত্ৰাণ পৰিহিত এগৰাকী চুমেৰীয় মহিলাৰ মূৰ্তি

জামানা প্ৰধানকৈ পুৰুষসকলে পৰিধান কৰে। ইয়াৰ আন এক সংস্কৰণ কুৰ্দ্দ মহিলাসকলে চোলা বা ফেশ্বন টাৱেল হিচাপেও ব্যৱহাৰ কৰে।

পৰম্পৰাগত ব্যৱহাৰ

[সম্পাদনা কৰক]

কিছুমান বিশেষ অনুষ্ঠানত, বিশেষকৈ ইৰানী কুৰ্দিস্তানত অনুষ্ঠিত 'নৌৰোজ' উৎসৱৰ সময়ত জামানা পৰিধান কৰা লোকসকলে ইৰানী চোৰাংচোৱা সংস্থাৰ দ্বাৰা নিৰ্যাতনৰ সন্মুখীন হোৱাৰ খবৰ পোৱা যায়। ইৰানী কুৰ্দ্দসকলৰ মাজত নৌৰোজ উৎসৱক প্ৰায়ে নৌৰোজী জামানা (জামানাৰ নৌৰোজ) বুলিও কোৱা হয়।

কুৰ্দিস্তান অঞ্চলৰ ধৰ্মীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ এক প্ৰতিবেদন অনুসৰি, কুৰ্দিস্তান অঞ্চলত ১০০ৰো অধিক মছজিদ কুৰ্দ্দ জামানা শৈলীত নিৰ্মাণ কৰা হৈছে। সাধাৰণ ব্যৱহাৰৰ উপৰিও জামানা মুৰটো ৰ’দৰ পৰা ৰক্ষা কৰিবলৈ আৰু ঠাণ্ডা কৰি ৰাখিবলৈও ব্যৱহাৰ কৰা হয়। অতীতৰ কুৰ্দ্দ বিদ্ৰোহৰ সময়ত জামানা 'পেশ্বমাৰ্গা' যুঁজাৰুসকলৰ চৰকাৰী ইউনিফৰ্মৰ অংশ আছিল।

পৰিৱৰ্তিত পৰিস্থিতিৰ বাবে বৰ্তমান মুৰত জামানা পিন্ধাৰ চৰ্চা কিছু হ্ৰাস পাইছে। অৱশ্যে নতুন প্ৰজন্মৰ মাজত ইয়াক ডিঙিত মেৰিয়াই এক ফেশ্বন অনুষংগ হিচাপে ব্যৱহাৰ কৰা দেখা যায়।

প্ৰকাৰ আৰু পৰিধানৰ শৈলী

[সম্পাদনা কৰক]
কুৰ্দ্দ শিৰস্ত্ৰাণ (জামানা) পৰিহিত উৰ্মিয়াৰ এজন ব্যক্তি

কুৰ্দিস্তানৰ বিভিন্ন অঞ্চলভেদে জামানাৰ বহুতো শৈলী দেখা যায়।[1] জামানাৰ ৰং সাধাৰণতে ক’লা-বগা বা ৰঙা-বগা হয়।[2] জেবাৰী, হাৰকী আৰু দোস্কি জনজাতিৰ কুৰ্দ্দসকলে ক’লা-বগা জামানা ব্যৱহাৰ কৰে। আনহাতে, বাৰজানী জনজাতি আৰু য়াজিদী কুৰ্দ্দসকলে ৰঙা-বগা জামানা ব্যৱহাৰ কৰে।[3]

জামানা বিভিন্ন ধৰণে পৰিধান কৰিব পাৰি যদিও ইয়াৰ দুটা মূল শৈলী আছে:

  • খাও উ পান : ই অলপ বহল আৰু ঢিলাকৈ ক্লাউৰ ওপৰত থৈ দিয়া হয়।
  • লুল্ড্ৰা : ইয়াক ক্লাউৰ চাৰিওফালে টানকৈ মেৰিয়াই থোৱা হয়।

এই শিৰস্ত্ৰাণটো ক্লাউ নামৰ অলংকৃত সৰু টুপি এটাৰ ওপৰত জামানাখন ৰাখি সজোৱা হয়। ইয়াৰ এটা অংশ পিছফালে ওলমি থাকে আৰু প্ৰায়ে ডিঙিৰ চাৰিওফালে এপাক মেৰিয়াই লোৱা হয়। পৰম্পৰাগত কুৰ্দ্দ শিৰস্ত্ৰাণৰ ঠাইত বৰ্তমান ক’লা কাপোৰৰ টুকুৰা সংলগ্ন এডাল শকত ৰছীৰ দৰে অংশ ব্যৱহাৰ কৰা হয়, যাক 'পুচিন' বুলি কোৱা হয়। ইয়াক জামানাৰ ওপৰত মুৰত মেৰিয়াই লোৱা হয়। এই সাজযোৰক অতি মৰ্যাদাপূৰ্ণ বুলি গণ্য কৰা হয়, বিশেষকৈ সুলাইমানিয়াৰ ওখ-পাখ মহিলাসকলে পিন্ধিলে ইয়াক অতি শুৱনি দেখি; যাৰ ভিতৰত লেডী আদিলা আৰু হাপচা খানৰ দৰে বিশিষ্ট ব্যক্তি অন্যতম।[4]

বৰ্তমানৰ ডিজাইনাৰসকলে পৰম্পৰাগত ৰূপটোৰ বাহিৰে জামানাক অধিক আধুনিক শৈলীত পুনৰ নিৰ্মাণ কৰিছে।[5]

ক্লাউ হৈছে মানুহৰ মুৰৰ সমান জোখৰ এটা ঘূৰণীয়া বস্তু যিটো জামানা পিন্ধাৰ বাবে এক অপৰিহাৰ্য ভিত্তি হিচাপে কাম কৰে।[6] ক্লাউৰ অবিহনে জামানা সঠিকভাৱে পিন্ধিব নোৱাৰি।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "First factory for traditional Kurdish Jamana opens in Erbil" (en-US ভাষাত). Kurdishglobe. 2025-06-23. https://kurdishglobe.krd/first-factory-for-traditional-kurdish-jamana-opens-in-erbil/। আহৰণ কৰা হৈছে: 2025-08-01. 
  2. "Kurdish clothing" (en-US ভাষাত). Kurdish Central. https://kurdishcentral.org/clothing/। আহৰণ কৰা হৈছে: 2025-08-01. 
  3. "جلوبەرگی کوردی، مێژوویەکی سێ هەزار ساڵە" (ku ভাষাত). JINHAGENCY News. https://jinhaagency.com/so/aprt/dg-31085। আহৰণ কৰা হৈছে: 2025-08-02. 
  4. (en ভাষাত) Kurdistan Missionary. প্ৰকাশক University of Illinois Urbana-Champaign: Inter-Synodical Ev. Luth. Orient-Mission Society. 1918. পৃষ্ঠা. 30. https://books.google.com/books?id=WTnxF3U8BMYC. 
  5. "Enlightors: Jamana" (en ভাষাত). Enlightors. https://enlightors.com/work/jamana। আহৰণ কৰা হৈছে: 2025-08-01. 
  6. "Kilaw - کڵاو" (ku ভাষাত). Contemporary Kurdish Unified Dictionaryferheng.info. https://ferheng.info/alfba/20623/। আহৰণ কৰা হৈছে: 2025-08-02. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]