সমললৈ যাওক

জামালা আল-বৈধানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জামালা আল-বৈধানী
জন্ম ১৯৭৭
আল এঅফ আল বায়দা, য়েমেন
মৃত্যু ১৫ ডিচেম্বৰ, ২০১২ (৩৫ বছৰ)
ছানা, য়েমেন
পেচা অসামৰিক বিষয়া, সমাজকৰ্মী
জনা যায় দিব্যাংগ মহিলাসকলৰ হকে সমাজসেৱা

জামালা আল-বৈধানী (ইংৰাজী: Jamala al-Baidhani, ১৯৭৭ – ১৫ ডিচেম্বৰ ২০১২) আছিল এগৰাকী য়েমেনৰ কৰ্মী যি মহিলা আৰু বিশেষভাৱে সক্ষম মহিলাসকলৰ নাগৰিক অধিকাৰৰ সমৰ্থন কৰিছিল। য়েমেনৰ প্ৰথমটো গোট আল-তাহাদী এছ’চিয়েশ্যন ফৰ ডিচেবলড ফিমেলছৰ তেওঁ প্ৰতিষ্ঠাপক, যিটো গোট বিশেষভাৱে সক্ষম ছোৱালীক সহায় কৰাৰ বাবে নিয়োজিত।[1]

য়েমেনৰ আল বাইধা অঞ্চলৰ আল এঅফ গাঁৱত আল-বৈধানীৰ জন্ম হৈছিল ।[2] সাত বছৰ বয়সত মেনিনজাইটিছত আক্ৰান্ত হোৱালৈকে তেওঁ সক্ৰিয় শিশু আছিল৷ ৰোগৰ সৈতে জড়িত জটিলতাৰ বাবে তেওঁ পক্ষাঘাতগ্ৰস্ত হৈছিল। সুস্থ হোৱাৰ পিছত আল-বৈধানীয়ে ঘূৰি ফুৰিবলৈ হুইল চেয়াৰ ব্যৱহাৰ কৰে।[3] ১৯৯৫ চনত তেওঁ সমাজ পৰিক্ৰমা মন্ত্ৰালয়ত কাম কৰিবলৈ আৰম্ভ কৰে আৰু কলেজলৈও যায়।[2] সমাজ বিজ্ঞানত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।.[1]

আল-বৈধানীয়ে ১৯৯৬ চনত য়েমেন চৰকাৰত অক্ষমতাৰ অধিকাৰৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে,[2] কিন্তু পিছলৈ তেওঁ অনুভৱ কৰে যে চৰকাৰত কাম কৰাৰ সময়ত তেওঁ বিশেষভাৱে সক্ষম মহিলাসকলৰ বাবে সেৱা আগবঢ়োৱাৰ লক্ষ্যত উপনীত হ'ব পৰা নাই।[3] য়েমেনত অক্ষমতা থকা বেছিভাগ লোকেই অক্ষম ব্যক্তি সংস্থা (DPO) আৰু বেচৰকাৰী সংস্থা (NGO)ৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব।[4] আল-বৈধানীয়ে ১৯৯৮ চনত ডিপিঅ' হিচাপে আল-তাহাদী প্ৰতিষ্ঠা কৰে।[1] ২০০৬ চনত তেওঁ যুৱ উন্নয়নৰ বাবে আলেছৰাৰ এন জি অ' গঠন কৰে, যিয়ে বিশেষভাৱে সক্ষমসকলৰ বাবে স্বেচ্ছাসেৱী কামৰ সমন্বয়ত সহায় কৰে।[1]

২০০৭ চনত য়েমেনত থকা আমেৰিকাৰ দূতাবাসে তেওঁক "সাহসী মহিলা" হিচাপে সন্মান জনায়।[1] ২০০৮ চনত ছানাত থকা কুৱেইটৰ দূতাবাসে আল-বৈধানীক তেওঁৰ এন জি অ'ৰ কামৰ বাবে ৩০,০০০ ডলাৰ প্ৰদান কৰে।[5]

২০১২ চনত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ সৈতে জড়িত জটিলতাৰ বাবে ছানাত আল-বৈধানীৰ মৃত্যু হয়।[6] তেওঁক মাজেল আল-ডেমা কবৰস্থানত সমাধিস্থ কৰা হয়।[6] ২০১৩ চনত মৰণোত্তৰভাৱে আল-বৈধানীক দ্বিতীয়টো বালকুইছ বঁটা প্ৰদান কৰা হয়। এই বঁটাৰ জৰিয়তে "য়েমেনৰ মহিলাসকলৰ উন্নয়নত ব্যতিক্ৰমী অৱদান" আগবঢ়োৱা মহিলাসকলক সন্মান জনোৱা হয়।[7]

  1. 1 2 3 4 5 "Speech in Honor of International Women's Day". Embassy of the United States in Sana'a Yemen. 8 March 2010. Archived from the original on 5 April 2015. https://web.archive.org/web/20150405221742/http://yemen.usembassy.gov/iwds.html আহৰণ কৰা হৈছে: 4 August 2015.
  2. 1 2 3 "Jamal Saleh Al Baidani". Al Tahadi. http://www.altahadi.org/userimages/pdf/1.pdf আহৰণ কৰা হৈছে: 4 August 2015.
  3. 1 2 Al-Mohattwari, Asma (8 March 2014). "Death Stole Them but Their Work Immortalized Them". National Yemen. Archived from the original on 30 July 2017. https://web.archive.org/web/20170730080719/http://nationalyemen.com/2014/03/08/death-stole-them-but-their-work-immortalized-them/.
  4. "Looking the Other Way: Disability in Yemen". United Nations ESCWASocial Development Division - Social Policy Section. 2009. http://www.escwa.un.org/divisions/div_editor/Download.asp?table_name=divisions_other&field_name=ID&FileID=1155 আহৰণ কৰা হৈছে: 4 August 2015.
  5. "Kuwait Embassy in Yemen Extends Donation to Disabled Society". Kuwait News Agency. 17 November 2008. http://www.kuna.net.kw/ArticlePrintPage.aspx?id=1953699&language=en আহৰণ কৰা হৈছে: 4 August 2015.
  6. 1 2 Al-Yarisi, Amal (17 December 2012). "Woman Who Dedicated Life to Disabled Dies". Yemen Times. Archived from the original on 7 April 2017. https://web.archive.org/web/20170407082305/http://www.yementimes.com/en/1634/news/1745/Woman-who-dedicated-life-to-disabled-dies.htm.
  7. "Winners of Balquis Awards 2012-2014". Yemen LNG Journal (2): 5. July 2014. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304055315/http://www.yemenlng.com/ws/uploads/Journal2en.pdf আহৰণ কৰা হৈছে: 4 August 2015.