সমললৈ যাওক

জামিয়াং চেৰিং নামগ্যাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জামিয়াং চেৰিং নামগ্যাল

২০২০ চনত নামগ্যাল
১ম সভাপতি, ভাৰতীয় জনতা পাৰ্টি, লাডাখ।
কাৰ্যকাল
২০ জুলাই, ২০২০  ৯ জানুৱাৰী, ২০২২
পূৰ্বসূৰী কাৰ্যালয় স্থাপন কৰা হৈছে
উত্তৰসূৰী ফুঞ্চক ষ্টেনজিন
সংসদ লোকসভা
কাৰ্যকাল
২৩ মে' ২০১৯ (2019-05-23)   জুন ২০২৪ (2024-06-04)
পূৰ্বসূৰী থুপস্তান চেৱাং
উত্তৰসূৰী মহম্মদ হানিফা
সমষ্টি লাডাখ লোকসভা সমষ্টি, লাডাখ
মুখ্য কাৰ্যবাহী পৰিষদ,লাডাখ স্বায়ত্তশাসিত পাৰ্বত্য উন্নয়ন পৰিষদ, লেহ(এলএএইচডিচি)
কাৰ্যকাল
 নৱেম্বৰ ২০১৮ (2018-11-09)  ২০১৯ (2019)
পূৰ্বসূৰী ডৰ্জে মটুপ
উত্তৰসূৰী গ্যাল পি ৱাংগিয়াল
পৰিষদ, লাডাখ স্বায়ত্তশাসিত পাৰ্বত্য উন্নয়ন পৰিষদ, লেহ
কাৰ্যকাল
২০১৫ (2015)  ২০১৯ (2019)
উত্তৰসূৰী ষ্টেনজিন চচপেল [1]
সমষ্টি মাৰ্টচেলাং
ব্যক্তিগত তথ্য
জন্ম ০৪ আগষ্ট, ১৯৮৫ (৪০ বছৰ)
মাথোঁ,লেহ জিলা, জম্মু আৰু কাশ্মীৰ, ভাৰতবৰ্ষ
(বৰ্তমান লাডাখ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী সোণম ৱাংমো
বাসস্থান ছাম্ফুক-পা হাউচ, লেহ জিলা, লাডাখ, ভাৰতবৰ্ষ
শিক্ষা কলা স্নাতক
শিক্ষানুষ্ঠান জম্মু বিশ্ববিদ্যালয়
জীৱিকা ৰাজনীতিবিদ

জামিয়াং চেৰিং নামগ্যাল ওৰফে জেটিএন এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভৌগোলিকভাৱে ভাৰতৰ সৰ্ববৃহৎ সংসদীয় আসন লাডাখ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ লোকসভাত সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৮ চনৰ ৯ নৱেম্বৰত, আটাইতকৈ কম বয়সীয়া আৰু [2]আৰু লাডাখ স্বায়ত্তশাসিত পাৰ্বত্য উন্নয়ন পৰিষদ, লেহৰ অষ্টম মুখ্য কাৰ্যবাহী কাউন্সিলাৰ (চিইচি) হিচাপে নিৰ্বাচিত হৈছিল।[3]তেওঁ ভাৰতীয় জনতা পাৰ্টি(বিজেপি)ৰ এজন সক্ৰিয় সদস্য।[4]তেওঁ বৰ্তমান সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা নাই।

আৰম্ভণি জীৱন

[সম্পাদনা কৰক]

১৯৮৫ চনৰ ৪ আগষ্টত ভাৰতৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ (বৰ্তমান লাডাখ)ৰ লেহ জিলাৰ মাথোঁ গাঁৱত, ষ্টেনজিন ডৰ্জে আৰু ইশ্বে পুটিটৰ ঘৰত জনপ্ৰিয় জেটিএন নামেৰে জনাজাত জামিয়াং চেৰিং নামগ্যালৰ জন্ম হৈছিল। তেওঁ কেন্দ্ৰীয় বৌদ্ধ অধ্যয়ন প্ৰতিষ্ঠান, লেহৰ পৰা দ্বাদশ পৰীক্ষাত উত্তীৰ্ণ হয়। পিছলৈ তেওঁ জম্মু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ বৌদ্ধ ধৰ্ম পালন কৰে।

ৰাজনৈতিক কেৰিয়াৰ

[সম্পাদনা কৰক]

তেওঁ ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে জম্মুৰ সদৌ লাডাখ ছাত্ৰ সন্থাৰ বিভিন্ন পদবীত আৰু ২০১১ চনৰ পৰা ২০১২ চনলৈ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[5]বিজেপিৰ সদস্য লেহ ৰাজনীতিত যোগদান কৰাৰ পিছত লাডাখ লোকসভা সংসদ থুপস্তান চেৱাংৰ ব্যক্তিগত সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ২০১৫ চনত মাৰ্টচেলাং সমষ্টিৰ পৰা লাডাখ স্বায়ত্তশাসিত পাৰ্বত্য উন্নয়ন পৰিষদ, লেহৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি অভিলেখ ব্যৱধানত জয়লাভ কৰে।[6]লাডাখ স্বায়ত্তশাসিত পাৰ্বত্য উন্নয়ন পৰিষদ, লেহ, কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হয়। পিছলৈ ডৰ্জয় মটুপে মুখ্য কাৰ্যবাহী কাউন্সিলাৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছত জামিয়াং চেৰিং নামগ্যাল লাডাখ স্বায়ত্তশাসিত পাহাৰ উন্নয়ন পৰিষদ, লেহৰ অষ্টম মুখ্য কাৰ্যবাহী কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হয়। ২০১৯ চনৰ ২৯ মাৰ্চত বিজেপিয়ে লাডাখ সংসদীয় সমষ্টিৰ পৰা জেটিএনক প্ৰক্ষেপ কৰিছিল।[7]২০১৯ চনৰ সাধাৰণ নিৰ্বাচন(লোকসভা নিৰ্বাচন) ২০১৯ চনৰ ৬ মে'ত ভোটদান আৰু ২০১৯ চনৰ ২৩ মে'ত গণনা হৈছিল। তেখেতে লাডাখ সমষ্টিক প্ৰতিনিধিত্ব কৰি ১৭ নং লোকসভালৈ নিৰ্বাচিত হয়। তেওঁ লোকসভাত জম্মু-কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯(লাডাখক পুনৰ নিযুক্ত কৰা) ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে নিশ্চিত কৰা বিধেয়কখনক সমৰ্থন আগবঢ়ায়।[8][9][10][11][12][13]আৰু ভাৰতীয় জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল, জম্মু-কাশ্মীৰক ঋণ দিয়া, ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৩৭০,১৯৫৪ চনৰ ৰাষ্ট্ৰপতিৰ আদেশ আদি।[14][15] তেওঁক ইয়াৰ বাবে বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰশংসা কৰিছিল। [16]

প্ৰকাশিত ৰচনা

[সম্পাদনা কৰক]
  • এখন কবিতা গ্ৰন্থৰ লেখক আৰু প্ৰকাশ ༄། །སྙན་ངག་གི་ལེགས་སྐྱེས།། A Gift of Poetry ২০১৩।
  • ডেইলী এক্সেলচিয়াৰৰ দ্বাৰা ২০১৪ চনৰ ১১ মাৰ্চত প্ৰকাশিত Divisional Status for Ladakh- Its Implication এটা প্ৰবন্ধ।[17]
  • হিমালয়ান সাংস্কৃতিক ঐতিহ্য ন্যাসে ২০১২ চনৰ মূল কাহিনী হিচাপে প্ৰকাশ কৰা Inclusion of Bhoti Language in the Eight Schedule of Indian Constitution নামৰ প্ৰবন্ধ।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "BJP wins Councilor bye-election for Martselang constituency of Ladakh Autonomous Hill Development Council of Leh". News On Air. 23 September 2019. http://www.newsonair.com/Main-News-Details.aspx?id=371941.
  2. "Jamyang Namgyal elected as youngest CEC of LAHDC, Leh, Gyal Wangyal will be the new Dy CEC". State Times. 9 November 2018. https://news.statetimes.in/jamyang-namgyal-elected-as-youngest-cec-of-lahdc-leh-gyal-wangyal-will-be-the-new-dy-cec/.
  3. "Executive Council – District Leh-Ladakh, Government of Jammu and Kashmir". https://leh.nic.in/lahdcleh/executive-council/.
  4. Jerath, Arati R (10 November 2018). "BJP elects Namgyal as Leh Council CEC". Tribuneindia.com. Archived from the original on 6 August 2019. https://web.archive.org/web/20190806130244/https://www.tribuneindia.com/news/jammu-kashmir/bjp-elects-namgyal-as-leh-council-cec/680729.html আহৰণ কৰা হৈছে: 27 May 2019.
  5. Nurboo, Tsewang (10 February 2018). "Will of democracy in Ladakh". State Times. https://news.statetimes.in/will-of-democracy-in-ladakh/.
  6. Ritwik, Shaurya (27 December 2017). "Ladakh Beyond Tourism : With Jamyang Tsering Namgyal". The Charticle. Archived from the original on 6 August 2019. https://web.archive.org/web/20190806134749/http://thecharticle.in/ladakh-beyond-tourism-in-conversation-with-jamyang-tsering-namgyal/.
  7. Khajuria, Ravi Krishnan (30 March 2019). "Lok Sabha Elections 2019: BJP fields 31-year-old Namgyal from Ladakh constituency" (en ভাষাত). Hindustan Times. https://www.hindustantimes.com/lok-sabha-elections/lok-sabha-elections-2019-bjp-fields-31-year-old-namgyal-from-ladakh-constituency/story-31azHqkBbnmnZiQHWwQbVL.html.
  8. "The Speech That Made Jamyang Tsering Namgyal A Star". YouTube. https://www.youtube.com/watch?v=7dr0fGU-hHI.
  9. "Members of two families think Kashmir is their father's property: Ladakh MP Jamyang Namgyal". Indian Express. 6 August 2019. https://indianexpress.com/article/india/article-370-members-of-two-families-think-kashmir-is-their-fathers-property-ladakh-mp-jamyang-tsering-namgyal-5883367/.
  10. "लद्दाख के सांसद ने कहा- मोदी है तो मुमकिन है; प्रधानमंत्री ने कहा- बेहतरीन भाषण, जरूर सुनना चाहिए" (hi ভাষাত). Dainik Bhaskar. 6 August 2019. https://www.bhaskar.com/national/news/narendra-modi-praises-ladakh-jamyang-tsering-namgyal-speech-in-lok-sabha-on-370-article-35-01611835.html.
  11. "'Only two families will lose their livelihood': Ladakh MP's speech in Lok Sabha wins PM Modi's praise". The Times of India. 6 August 2019. https://timesofindia.indiatimes.com/india/only-two-families-will-lose-their-bread-and-butter-ladakh-mps-speech-in-lok-sabha-wins-pms-praise/articleshow/70554944.cms.
  12. ""Must Hear": PM Modi On Ladakh Lawmaker's Speech On Article 370". NDTV. 6 August 2020. https://www.ndtv.com/india-news/jamyang-tsering-namgyal-speech-pm-narendra-modi-praises-ladakh-lawmakers-speech-on-article-370-2081249.
  13. Sengupta, Ashok (11 August 2019). "Service, Sentiment and Samarthan: How Buddhist Ladakh Made the Loudest Noise for a Change". News18. https://www.news18.com/news/politics/service-sentiment-and-samarthan-how-buddhist-ladakh-made-the-loudest-noise-for-a-change-2263891.html আহৰণ কৰা হৈছে: 11 August 2019.
  14. "China did occupy Indian territory, but...: Ladakh BJP MP replies to Rahul Gandhi" (en ভাষাত). India Today. 10 June 2020. https://www.indiatoday.in/india/story/china-occupy-indian-territory-ladakh-bjp-mp-rahul-gandhi-1687420-2020-06-10.
  15. Ghosh, Deepshikha (10 June 2020). ""Chinese Occupied Indian Territory...": Ladakh BJP MP Rebuts Rahul Gandhi". NDTV. https://www.ndtv.com/india-news/chinese-occupied-indian-territory-bjps-ladakh-mp-jamyang-tsering-namgyal-replies-to-rahul-gandhi-2243666.
  16. Bailay, Rasul (8 August 2019). "Ladakh MP Jamyang Tsering Namgyal becomes star overnight after Parliament speech". The Economic Times. https://economictimes.indiatimes.com/news/politics-and-nation/ladakh-mp-jamyang-tsering-namgyal-scales-twitter-peak-on-political-fervour/articleshow/70580202.cms?from=mdr আহৰণ কৰা হৈছে: 11 August 2019.
  17. Excelsior, Daily (10 March 2014). "Divisional status for Ladakh- Its implications". https://www.dailyexcelsior.com/divisional-status-for-ladakh-its-implications/.