জাম্বা

জাম্বা (ইংৰাজী: Zamba) আৰ্জেণ্টিনাৰ এক পৰম্পৰাগত নৃত্য। ই আৰ্জেণ্টিনাৰ সংগীত আৰু আৰ্জেণ্টিনাৰ লোকনৃত্যৰ এক শৈলী। জাম্বা ইয়াৰ হোমোফোন আৰু চাম্বাতকৈ সংগীতৰ ফালৰ পৰা, ছন্দগতভাৱে, স্বভাৱগতভাৱে, নৃত্যৰ ভংগিমাত আৰু ইয়াৰ সাজ-পোছাকত বহুত বহুত পৃথক। ইয়াৰ পৰ্যাবৃত্তত ছটা বিট আছে আৰু ই এক মহিমাময় নৃত্য, যিটো দম্পতীয়ে অতি মাৰ্জিতভাৱে বগা ৰুমাল জোকাৰি ইজনে সিজনক ধৰি ঘূৰি ঘূৰি নৃত্য কৰে। ইয়াৰ চিলিৰ কুইকা নৃত্যৰ সৈতে সাধাৰণ উপাদান আছে।
আৰ্জেণ্টিনাৰ ইতিহাসৰ মানুহ বা পৰিঘটনাক উদযাপন কৰা বিষয়ৰ পৰা আৰম্ভ কৰি কোনো অঞ্চলৰ সৌন্দৰ্য বা ইয়াৰ মহিলাৰ সৌন্দৰ্য বৰ্ণনা কৰা বিষয়লৈকে জাম্বাৰ নৃত্য ৰচনা কৰা হৈছে। ৰাজনৈতিক প্ৰতিবাদৰো জাম্বা আছে, আনকি এৰোলিনিয়াছ আৰ্জেণ্টিনাছ নামৰ এটা জাম্বাৰ প্ৰকাৰো আছে। জাম্বা বাদ্যত বম্বো লেগুৱেৰো ঢোল বিশিষ্ট বাদ্য।
নাম আৰু উৎপত্তি
[সম্পাদনা কৰক]"জাম্বা" নামটোৱে জাম্বো (আমেৰিকান আৰু আফ্ৰিকান লোকৰ বংশধৰ)ৰ বাবে ঔপনিৱেশিক শব্দক বুজায়। সেয়েহে ইয়াৰ গীতিময় বিষয়বস্তু ইয়াৰ থলুৱা শ্ৰোতাসকলক লক্ষ্য কৰি লোৱাৰ বাবে ইয়াক জাম্বা বুলি কোৱা হয়।
পেৰুৰ জামাকুৱেকা নামেৰে জনাজাত ক্ৰিয়েল ধাৰাত আৰ্জেণ্টিনাৰ ছাল্টা প্ৰদেশত এই নৃত্যৰ উৎপত্তি হৈছিল, ১৮২৪ চনত জোচে ডি ছান মাৰ্টিনৰ অধীনত পেৰুৱে স্বাধীনতা লাভ কৰাৰ একে সময়তে। ই উচ্চ পেৰুৰ মাজেৰে আৰ্জেণ্টিনালৈ আহিছিল, যিটো অঞ্চল আধুনিক বলিভিয়া আৰু ১৮২৫ চনৰ পৰা ১৮৩০ চনৰ ভিতৰত চিলিৰ মাজেৰে আহিছিল।[1][2]
বিৱৰণ
[সম্পাদনা কৰক]জাম্বা তিনি চতুৰ্থাংশ সময়ৰ অন্তৰে অন্তে লয় সলোৱা এটা লেহেমীয়া নৃত্য, যিটো মূলতঃ গীটাৰ আৰু বম্বো লেগুৱেৰো বাদ্যৰ সৈতে সংগত কৰা হয়। নৃত্যৰ খোজবোৰ সাধৰণ খোজ কঢ়াৰ দৰে, এটা বিকল্প খোজ (এটা সময়ত দুটা খোজ), আৰু এটা টিপ ট' বিকল্প পদক্ষেপ বা "sobrepaso punteado" (এটা সময়ত তিনিটা খোজ)। জাম্বা নৃত্যত ৰুমাল এখনো অৱশ্যেই লাগে।
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ La primera descripcion coreográfica completa documentada de la zamacueca se encuentra en "Mefistófeles" año 1 Nº22 "Aires Nacionales" del folclorólogo Arturo Berrutti, publicado en Buenos Aires el 29 de julio de 1882; Berrutti, Arturo (29 July 1882) (Spanish ভাষাত). Aires Nacionales. Mefistófeles.
- ↑ Aricó, Hector (2002) (Spanish ভাষাত). Danzas Tradicionales Argentinas -Una Nueva Propuesta-. Vilco SRL. ISBN 987-43-4537-3.