জালাচট চাদাত
| জালাচট চাদাত | |
|---|---|
২০০৯ চনত জালাচট চাদাত | |
| জন্ম | জালাচট চাদাত زرلښت সادات ১২ এপ্ৰিল, ১৯৮৬ (৪০ বছৰ)[উদ্ধৃতিৰ প্ৰয়োজন] কাবুল, আফগানিস্তান গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ |
| শিক্ষা | ফ্ৰাঙ্কফৰ্ট ইউনিভাৰ্চিটি অৱ এপ্লাইড চাইন্স |
| উচ্চতা | ৫ ফুট ১০ ইঞ্চি (১.৭৮ মিটাৰ) |
| 'Beauty pageant titleholder' | |
| Title | মিছ আফগানিস্তান ২০০৮-২০০৯ মিছ হেচেন ২০১০ মিছ চ্যুডডয়চগলেণ্ড ২০১০ মিছ ডয়চলীয়ণ্ড ২০১০-১১ মিছ গ্ল’ব ২০১২ |
| Hair color | কজলা (Brunette) |
| Major competition(s) |
মিছ আফগানিস্তান ২০০৮ (বিজয়ী) মিছ ডয়চলীয়ণ্ড ২০১০ (বিজয়ী) মিছ গ্ল’ব ২০১২ (বিজয়ী) |
| ৱেবছাইট | |
| http://www.zallascht.com/ | |
জালাচট চাদাত (ইংৰাজী: Zallascht Sadat; জন্ম: ১২ এপ্ৰিল ১৯৮৬)[উদ্ধৃতিৰ প্ৰয়োজন] এগৰাকী আফগান-জাৰ্মান মডেল যিয়ে শেহতীয়া বছৰবোৰত কেইবাটাও সৌন্দৰ্য প্ৰতিযোগিতাত জয়লাভ কৰিছে। তেওঁৰ আটাইতকৈ শেহতীয়া বিজয় আছিল মিছ গ্ল’ব ২০১২ খিতাপ।[1]
জীৱনী
[সম্পাদনা কৰক]জালাচট চাদাতে জাৰ্মানীৰ ফ্ৰাঙ্কফৰ্টত থকা ফ্ৰাঙ্কফৰ্ট ইউনিভাৰ্চিটি অৱ এপ্লাইড চাইন্সত ব্যৱসায় প্ৰশাসন অধ্যয়ন কৰিছিল।[2] তেওঁ আফগানিস্তানৰ মহিলা আৰু শিশুসকলক সহায় কৰিবলৈ জালাচট চাদাত আফগানিস্তান ফাউণ্ডেশ্যন নামৰ নিজাকৈ এটা অলাভজনক সংস্থা গঠন কৰিছিল।[3] জালাচট জাৰ্মানী আৰু কাটাৰৰ মাজত বসবাস কৰে।[4]
সৌন্দৰ্য প্ৰতিযোগিতা
[সম্পাদনা কৰক]চাদাতে মিছ আফগানিস্তান ২০০৮–২০০৯ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথমটো খিতাপ জয় কৰিছিল। সেই সময়ত আফগানিস্তানৰ অস্থিৰ পৰিস্থিতিৰ বাবে এই প্ৰতিযোগিতাখন জাৰ্মানীৰ হামবাৰ্গত অনুষ্ঠিত হৈছিল। ১৯৭২ চনত জোহৰা ইউছুফ দাউদ মিছ আফগানিস্তান হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেৱেঁই হৈছে আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমগৰাকী মিছ আফগানিস্তান।[5] ২০১০ চনত তেওঁ মিছ হেচেন ২০১০ আৰু মিছ চ্যুডডয়চগলেণ্ড ২০১০ প্ৰতিযোগিতাত জয়লাভ কৰে,[6] যাৰ ফলত তেওঁ মিছ ডয়চলীয়ণ্ড ২০১০ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ পায় আৰু পৰৱৰ্তী সময়ত বিজয়ী হয়। তেওঁক মিছ ডয়চলীয়ণ্ড ২০১০ ৰ মুকুট পিন্ধোৱা হয়।[7] ২০১১ চনত প্ৰতিযোগিতাখন অনুষ্ঠিত নোহোৱাৰ বাবে তেওঁ পিছৰ বছৰটো মিছ ডয়চলীয়ণ্ড খিতাপটো ধৰি ৰাখে।[8] ২০১২ চনত জালাচটে ৱৰ্ল্ড বিউটি অৰ্গেনাইজেশ্যনৰদ্বাৰা আয়োজিত মিছ গ্ল’ব প্ৰতিযোগিতাত অংশ লৈ জয়লাভ কৰে। তেওঁক মিছ গ্ল’ব ২০১২ ৰ মুকুট প্ৰদান কৰা হয়।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- 1 2 "The new MISS GLOBE 2012 is Zallascht Sadat from Afghanistan". World Beauty Organization. November 22, 2012. http://www.miss-globe.com/। আহৰণ কৰা হৈছে: 2012-11-22.
- ↑ "BWL and Bikini". Frankfurter Rundschau. November 22, 2012. https://translate.google.com/translate?sl=auto&tl=en&js=n&prev=_t&hl=en&ie=UTF-8&layout=2&eotf=1&u=http%3A%2F%2Fwww.fr-online.de%2Frhein-main%2Ffh-frankfurt-bwl-und-bikini%2C1472796%2C4475718.html। আহৰণ কৰা হৈছে: 2012-11-22.
- ↑ "Official Website". Zallascht Sadat. November 22, 2012. Archived from the original on 2011-07-18. https://web.archive.org/web/20110718150738/http://www.zallascht.com/। আহৰণ কৰা হৈছে: 2012-11-22.
- ↑ "Chasing the Dream". GLAM Magazine. November 22, 2012. http://issuu.com/oryxmags/docs/glamapril2011। আহৰণ কৰা হৈছে: 2012-11-22.
- ↑ "Hi, I'm Miss Afghanistan". Bild.de. November 22, 2012. https://translate.google.com/translate?hl=en&sl=de&u=http://www.bild.de/regional/frankfurt/frankfurt-oder/zallascht-aus-frankfurt-10204988.bild.html&prev=/search%3Fq%3Dzallascht%2Bbild.de%26hl%3Den%26safe%3Doff%26tbo%3Dd%26rlz%3D1C1CHFX_enUS505US505&sa=X&ei=EdutUMrMAsa1qgH4-oHwBg&ved=0CEAQ7gEwAQ/। আহৰণ কৰা হৈছে: 2012-11-22.
- ↑ "Zallascht Sadat wears the crown". Stuttgarter-Nachrichten.de. November 25, 2012. https://translate.google.com/translate?sl=de&tl=en&js=n&prev=_t&hl=en&ie=UTF-8&layout=2&eotf=1&u=http%3A%2F%2Fwww.stuttgarter-nachrichten.de%2Finhalt.miss-suedwest-2010-zallascht-sadat-traegt-die-krone.18aba4a8-474b-4a99-9239-25b846186103.html। আহৰণ কৰা হৈছে: 2012-11-25.
- ↑ "Who's the fairest of them". RP Online. November 22, 2012. https://translate.google.com/translate?sl=auto&tl=en&js=n&prev=_t&hl=en&ie=UTF-8&layout=2&eotf=1&u=http%3A%2F%2Fwww.rp-online.de%2Fgesellschaft%2Fleute%2Ffrankfurterin-wird-miss-deutschland-2010-1.2005665। আহৰণ কৰা হৈছে: 2012-11-22.
- ↑ "Miss Deutschland History". Committee Miss Deutschland. November 22, 2012. https://translate.google.com/translate?sl=de&tl=en&js=n&prev=_t&hl=en&ie=UTF-8&layout=2&eotf=1&u=http%3A%2F%2Fwww.missdeutschland.tv%2Fhistory%2Fmiss-deutschland%2Fletzte-titelgewinnerinnen%2F। আহৰণ কৰা হৈছে: 2012-11-22.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- আনুষ্ঠানিক ৱেবছাইট Archived 2011-07-18 at the Wayback Machine