সমললৈ যাওক

জালান সংগ্ৰহালয়, পাটনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জালান সংগ্ৰহালয়, পাটনা
কিল্লা হাউচ
প্ৰতিষ্ঠা ১৯১৯
অৱস্থিতি পাটনা, বিহাৰ, ভাৰত
প্ৰকাৰ কলা আৰু ঐতিহ্য সংগ্ৰহালয়[1]
গৰাকী বি এম জালান, জি এম জালান আৰু অদ্বয় জালান
ৱেবছাইট quilahouse.com

জালান সংগ্ৰহালয় (বাকিল্লা হাউচ; ইংৰাজী: Jalan Museum) বিহাৰৰ পাটনাত অৱস্থিত এটা ব্যক্তিগত সংগ্ৰহালয়। বিহাৰ ৰাজ্যৰ একমাত্ৰ দুটা ব্যক্তিগত সংগ্ৰহালয়ৰ ভিতৰত ই অন্যতম।[2][3]

উত্তৰ ভাৰতৰ বিহাৰ ৰাজ্যৰ পুৰণি চহৰ পাটনাৰ গংগা নদীৰ পাৰত থকা এটা ব্যক্তিগত আৱাসিক ঘৰ কিল্লা হাউচ। ১৯১৯ চনত নিৰ্মিত এই ঘৰটো কলাকৃতি আৰু প্ৰাচীন সামগ্ৰীৰ সংগ্ৰহৰ বাবে জনাজাত; আৰু এইটো আছিল ব্যৱসায়ী আৰু শিল্প সংগ্ৰাহক দিৱান বাহাদুৰ ৰাধাকৃষ্ণ জালানৰ (১৮৮২–১৯৫৪) ব্যক্তিগত কৃতিত্ব।[4] এই ভৱনটো ইংৰাজী আৰু ডাচ্চ শৈলীৰে নিৰ্মিত আৰু স্থানীয়ভাৱে ইয়াক কিল্লা হাউচ বুলি জনা যায়।[5]

ইয়াত পাথৰ, ধাতু, টেৰাকোটা, হাতীদাঁত, কাঁচ, চীনামাটি আদিৰ প্ৰায় ১০,০০০ টা বস্তুৰ সংগ্ৰহ আছে আৰু বেছিভাগেই আধুনিক যুগৰ সৈতে সম্পৰ্কিত। কলাত্মক সামগ্ৰীবোৰৰ ভিতৰত বহুতো ইউৰোপীয় আৰু কেইটামান এছিয় দেশৰ।[6]

অট্টালিকাটোৰ এটা অংশ জালান পৰিয়ালৰ ব্যক্তিগত আৱাসিক অঞ্চল হৈয়েই আছে। সংগ্ৰহালয়টো পুৱা ৯-১১ বজালৈ, সোমবাৰৰ পৰা শনিবাৰলৈ ৯টাৰ পৰা ১১টালৈ আৰু দেওবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ খোলা থাকে যদিও ভ্ৰমণৰ ৪৮ ঘণ্টা আগত, আগতীয়া নিযুক্তি লোৱাৰ প্ৰয়োজন হয়।[7]

  1. "Things to Do — Jalan Museum, Patna, Bihar". Nivalink.com. http://www.nivalink.com/things-to-do/jalan-museum। আহৰণ কৰা হৈছে: 2014-01-04. 
  2. "Museums run by the Private Individuals". Directorate of Museum, Govt. of Birhar. পৃষ্ঠা: 5. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304002723/http://yac.bih.nic.in/DM-05.htm। আহৰণ কৰা হৈছে: 2014-01-06. "Other one being: Kumar Sangrahalay, Hasanpur, Smastipur" 
  3. Pranava K Chaudhary (2011-09-20). "Quake damages Jalan Museum". The Times of India. https://timesofindia.indiatimes.com/city/patna/Quake-damages-Jalan-Museum/articleshow/10048865.cms। আহৰণ কৰা হৈছে: 2014-01-04. 
  4. Bihar, past & present: souvenir, 13th Annual Congress of Epigraphical ... – P. N. Ojha, Kashi Prasad Jayaswal Research Institute — Google Books. 1985-01-01. https://books.google.com/books?id=W8C1AAAAIAAJ&q=jalan+museum+patna। আহৰণ কৰা হৈছে: 2014-01-04. 
  5. Opening hours. "Qila House (Jalan Museum)". Lonely Planet. http://www.lonelyplanet.com/india/bihar-and-jharkhand/patna/sights/museums-galleries/qila-house-jalan-museum। আহৰণ কৰা হৈছে: 2014-01-04. 
  6. "Jalan Museum". Patna4u.com. Archived from the original on 2014-01-10. https://web.archive.org/web/20140110142201/http://patna4u.com/jalan_museum.htm। আহৰণ কৰা হৈছে: 2014-01-04. 
  7. "Contact Quila House". Quila House. Archived from the original on 2013-11-02. https://web.archive.org/web/20131102153637/http://quilahouse.com/contact.htm। আহৰণ কৰা হৈছে: 2014-01-06. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]