জালুকনিবাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জালুকনিবাৰী অঞ্চল যোৰহাট জিলাৰ দক্ষিণে প্ৰায় ১৪ কিঃমিঃ দূৰৈত ঐতিহাসিক ন-আলিৰ কাষত অৱস্থিত। গোহাঁই, বাঢ়ৈবাৰী, কুকুৰাচোৱা, কুন্দাৰ, আৱঁৰীয়া, গজপুৰীয়া, বালিজান, ন-চুঙী আৰু ঠেঙ্গাল গাঁও সমূহক জালুকনিবাৰী অঞ্চল গণ্য কৰা হয়।[1] ১৯৪২ চনত অসম ভিত্তিত আহোম সভা, ১৯৬৬ চনত জালুকনিবাৰী হাইস্কুলৰ খেলপথাৰত ট্ৰাইবেল সংঘৰ অধিৱেশন, ১৯৬৭ চনত জিলা পৰ্যায়ৰ অন্যান্য পিছপৰা শ্ৰেণী সন্মিলন, ১৯৯০ চনত শংকৰ সংঘৰ জিলাৰ ৩৫২ তম বাৰ্ষিক অধিৱেশন আৰু ২০১১ চনৰ ২, ৩ জানুৱাৰীত যোৰহাট জিলা সাহিত্য সভাৰ চতুৰ্দশ দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল।[1]

নামৰ উৎপত্তি[সম্পাদনা কৰক]

প্ৰবাদ আছে যে অঞ্চলটোত প্ৰচুৰ পৰিমাণে জালুক খেতি কৰিছিল। সেয়ে এই অঞ্চলটি জালুকনিবাৰী নামেৰে খ্যাত।

ইতিহাস[সম্পাদনা কৰক]

জালুকনিবাৰী অঞ্চলটো হাবি বননিৰে ভৰপূৰ আছিল। যাতায়তৰ বাবে বহুত অসুবিধা আছিল। বৰ্তমানৰ জালুকনিবাৰী চিকিৎসালয়ৰ চৌহদত চাংপাতি বাঘ চিকাৰ কৰিছিল। ৰাইজে টিং বজাই, ঢেকী দি বাঘ খেদিছিল। এই অঞ্চলত চৰকাৰী মীন পাম, গ্ৰেজিং মাটিত ভেষজ উদ্যান স্থাপন কৰা হৈছিল। ১৯৮৩ চনৰ ১২ ডিচেম্বৰত জালুকনিবাৰীৰ লখিমী গাঁৱলীয়া বেংক মুকলি কৰা হৈছিল। ১৯৫৮ চনত এই অঞ্চলত এখন ৰাজ্যিক চিকিৎসালয় স্থাপপন কৰা হৈছিল।[1]

ঠেঙাল ভৱন

জালুকনিবাৰীত ৰায়বাহাদুৰ শিৱপ্ৰসাদ বৰুৱাৰ বাসভৱন আছিল। তেখেতৰ বাসভৱনৰ পৰাই অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকতখন প্ৰচাৰিত হৈছিল। বৰ্তমানৰ ঠেঙাল ভৱনে জালুকনিবাৰী অঞ্চলৰ নাম জিলিকাই ৰাখিছে।

শিক্ষা

জালুকনিবাৰীত প্ৰথমখন প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা হয় ১৯০৯ চনত। ১৯৩৮ চনত জালুকনিবাৰী এম ই স্কুল স্থাপন কৰা হৈছিল। ঠেঙ্গাল গাঁৱৰ বামুণ পুখুৰীৰ পাৰত বিদ্যালয়ৰ গৃহ ৰাইজে অস্থায়ী ভাৱে সাজি লৈছিল। ইয়াৰ পিছত ১৯৪১ চনত জালুকনিবাৰী হাইস্কুল ৰাইজে স্থাপন কৰিছিল। বৰ্তমানৰ আৰক্ষীচকীৰ স্থানতে এই বিদ্যালয়ৰ গৃহ আছিল। ১৯৫৯ চনৰ ১২ ডিচেম্বৰত এখন ৰাজহুৱা সভা পাতি বৰ্তমানৰ জালুকনিবাৰী হাইস্কুলখন ১৯৬০ চনৰ পহিলা জানুৱাৰীৰ দিনা স্থাপন কৰা হয়। স্ত্ৰী শিক্ষাৰ বাবে জালুকনিবাৰী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়খনি ১৯৮৭ চনত স্থাপিত হৈছিল।[1]

অৰ্থনীতি[সম্পাদনা কৰক]

জালুকনিবাৰী অঞ্চলটো কৃষি প্ৰধান অঞ্চল। ৰবি আৰু খাৰিফ দুয়োবিধ শস্যই ইয়াত খেতি কৰা হয়। শিৱ প্ৰসাদ বৰুৱা আৰু হেমেন্দ্ৰ প্ৰসাদ বৰুৱা হৈছে জালুকনিবাৰীৰ দুজন উল্লেখযোগ্য চাহ খেতিয়ক।

সাংস্কৃতিক[সম্পাদনা কৰক]

১৯৭৪ চনত বিশ্বজ্যোতি ৰঙ্গমঞ্চ নামৰ সাংস্কৃতিক অনুষ্ঠান স্থাপন কৰা হয়। এই অনুষ্ঠানটোৱেই ১৯৭৪ চনৰ পৰা ৰাস উৎসৱ পালন কৰি আহিছে। ৰাসৰ উপৰিও বিভিন্ন অনুষ্ঠান ইয়াত অনুষ্ঠিত হৈ আহিছে। জালুকনিবাৰীত সদৌ অসম ঢুলীয়া শিল্পী সন্মিলনীৰ স্থায়ী কাৰ্যালয় আছে। চৰকাৰী অনুদানেৰে এই গৃহ স্থাপন কৰা হয়। ১৯৮১ চনত ইয়াতে অসম ঢুলীয়া শিল্পী সন্মিলনৰ ৰাজ্যিক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল। এই সভাৰ সভাপতি আছিল কবি বিনন্দ চন্দ্ৰ বৰুৱা।[1]

ক্ৰীড়া[সম্পাদনা কৰক]

১৯৫৮ চনত জালুকনিবাৰী ক্ৰীড়া সন্থা গঠন কৰা হৈছিল। এই সন্থাৰে কেইবাজনো যুৱকে জিলা পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ২০০৫ চনৰ ২৩ ছেপ্তেম্বৰত ৰাজ্যিক ভিত্তিত মহিলা ফুটবল অনু্ঠিত হৈছিল। জালুকনিবাৰী হাইস্কুলৰ খেলপথাৰত ব্লক পৰ্যায় আৰু জিলা পৰ্যায়ৰ গ্ৰাম ক্ৰীড়া অনুষ্ঠিত হয়।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 ভূৱনেশ্বৰ বৰুৱা, সম্পাদক: ঋতুপূৰ্ণ হাজৰিকা (২ জানুৱাৰী, ২০১১). লেখকৰ পৃথিৱীত: জালুকনিবাৰী ; যোৰহাট জিলা সাহিত্য সভাৰ চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশনৰ পুস্তিকা: ৮, ৯, ১০, ১১, ১২ পৃ্ষ্ঠা.