জালেহ আমৌজগাৰ
| জালেহ আমৌজগাৰ | |
|---|---|
২০১৩ চনত তেহৰাণত জালেহ আমৌজগাৰ | |
| জন্ম | জালেহ আমৌজগাৰ ইয়েগেনেহ ৪ ডিচেম্বৰ, ১৯৩৯ খয়, পহ্লবী, ইৰাণ |
| পেচা | লেখক, অধ্যাপক |
| উল্লেখযোগ্য বঁটা | Chevalier of the Legion of Honor and Persian Cypress Award[1] |
জালেহ আমৌজগাৰ এল.ডি.এইচ. ৪ ডিচেম্বৰ, ১৯৩৯ চনত জন্মা এগৰাকী ইৰাণোলোজিষ্ট, মধ্য পাৰ্চী ভাষাৰ বিশেষজ্ঞ, আৰু এগৰাকী বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল।
জীৱন
[সম্পাদনা কৰক]আমৌজগাৰে ছৰবন বিশ্ববিদ্যালয়ৰ পৰা (ইৰাণী ভাষাবিজ্ঞান) ইৰানিষ্টিকছত পি এইচ ডি ডিগ্ৰী লাভ কৰিছে।[2] বৰ্তমান তেওঁ তেহৰাণ বিশ্ববিদ্যালয়ৰ প্ৰাচীন ইৰাণী সংস্কৃতি আৰু ভাষা বিভাগৰ অধ্যক্ষ।[3]
আহমদ তাফাজ্জোলিৰ সহযোগত আমৌজগাৰে প্ৰাচীন ইৰাণী ভাষা অধ্যয়ন আৰু প্ৰাচীন ইৰাণৰ সাহিত্যৰ ইতিহাস চৰ্চাত যথেষ্ট অৰিহণা যোগাইছে। কলম্বিয়া বিশ্ববিদ্যালয়ৰ এনচাইক্লপিডিয়া ইৰানিকা প্ৰকল্পৰ সৈতেও তেওঁ জড়িত হৈ আছে।[4]
তেওঁ কৰা কামৰ বাবে তেওঁ কেইবাটাও বঁটা লাভ কৰিছে। তাৰ ভিতৰত ২০১৬ চনত তেওঁক চেভালিয়াৰ অৱ দ্য লিজিয়ন অৱ অনাৰ[5] আৰু পাৰ্চী চাইপ্ৰেছ বঁটা (ইৰাণৰ সাংস্কৃতিক ঐতিহ্য বঁটা) প্ৰদান কৰা হৈছে। [2]
উল্লেখযোগ্য কৰ্ম
[সম্পাদনা কৰক]তেওঁৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল,
- জোৰোষ্ট্ৰিয়ান মিথ অৱ লাইফ
- পহ্লবী লেংগুৱেজ, লিটাৰেচাৰ এণ্ড ইনষ্ট্ৰাকচন
- মাইথ;লোজিকেল হিষ্ট্ৰী অৱ ইৰাণ
- দা ফাৰ্ষ্ট চেম্পল এণ্ড দা ফাৰ্ষ্ট মেন অন লিজেণ্ডাৰী ইৰাণীয়ান শ্বাহৰিয়াৰ আদি
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "ایرنا - جایزۀ سرو ایرانی در ایستگاه دوم به ژاله آموزگار اعطا میشود". www.irna.ir. http://www.irna.ir/fa/News/82367423/.
- ↑ 2.0 2.1 "Le cinquième livre du denkard" (fr ভাষাত). Archived from the original on 2016-03-03. https://web.archive.org/web/20160303170948/http://www.peeters-leuven.be/boekoverz.asp?nr=7248। আহৰণ কৰা হৈছে: 2010-02-14.
- ↑ "Center for Women's Studies - the University of Tehran". Archived from the original on 2010-02-25. https://web.archive.org/web/20100225114523/http://cws.ut.ac.ir/Publications/WomensResearch/Womensresearch.aspx। আহৰণ কৰা হৈছে: 2010-02-14.
- ↑ "Archived copy". http://www.cgie.org.ir/images/Contributions.pdf। আহৰণ কৰা হৈছে: 2010-02-14.
- ↑ "Iranian linguist Jaleh Amuzegar awarded Chevalier of the Legion of Honor" (en ভাষাত). Tehran Times. 2016-07-04. https://www.tehrantimes.com/news/404004/Iranian-linguist-Jaleh-Amuzegar-awarded-Chevalier-of-the-Legion। আহৰণ কৰা হৈছে: 2024-12-10.