জাহিদা পাৰবীন
| জাহিদা পাৰবীন | |
|---|---|
| জন্ম | জাহিদা পাৰবীন বেগম ১৯২৫ অমৃতসৰ, পঞ্জাব, বিট্ৰিছ ভাৰত |
| মৃত্যু | ১৫ মে', ১৯৭৫ (৫০ বছৰ) লাহোৰ, পাকিস্তান |
| অন্য নাম | দ্য নাইটিংগেল[1] দ্য কুইন অৱ কাফি[2] |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ১৯৪০ – ১৯৭৫ |
| সন্তান | শ্বাহিদা পাৰবীন (কন্যা) |
| আত্মীয়-স্বজন | পীৰণ দিত্তি (ভগ্নী) |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | ১৯৬৪ চনৰ সদৌ পাকিস্তান সংগীত সন্মিলনত সোণৰ পদক |
জাহিদা পাৰবীন (ইংৰাজী: Zahida Parveen; ১৯২৫ – ১৫ মে' ১৯৭৫) এগৰাকী পাকিস্তানী শাস্ত্ৰীয় গায়িকা আৰু এগৰাকী চলচ্চিত্ৰৰ নেপথ্য গায়িকা।[3][4]
তেখেতক “দ্য নাইটিংগেল” আৰু “দ্য কুইন অৱ কাফি” নামেৰে জনা গৈছিল৷[3][1]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯২৫ চনত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত পঞ্জাবৰ অমৃতসৰত জাহিদা পাৰবীনৰ জন্ম হৈছিল।[5][6] তেওঁ সৰু হৈ থাকোঁতেই তেওঁৰ পিতৃ-মাতৃৰ মৃত্যু হয় আৰু ভগ্নী পীৰণ দিট্টীয়ে তেওঁক ডাঙৰ-দীঘল কৰে।[1]
কাপুৰথালাৰ সাৰংগীবাদক বাবা তাজৰ পৰা গান শিকিবলৈ পাটিয়ালা ঘৰানা স্কুল অৱ ক্লাছিকেল মিউজিকত যোগদান কৰে। তাৰ পিছত তেওঁ অমৃতসৰৰ এজন সাৰংগীবাদক হুছেইন বক্স খানৰ ওচৰত অধ্যয়ন কৰে।[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]বিভাজনৰ পাছত তেওঁ পাকিস্তানলৈ গুচি যায় আৰু লাহোৰৰ পাটিয়ালা ঘৰানাৰ আছিক হুছেইনৰ পৰা সংগীত শিকে। তাৰ পিছত লাহোৰৰ ৰেডিঅ’ পাকিস্তানত গীত গাবলৈ আৰম্ভ কৰে। ১৯৪৯ চনত চলচ্চিত্ৰৰ নেপথ্য গায়িকা হিচাপে কাম কৰি ইকবাল বানো আৰু মুনাৱাৰ চুলতানাৰ সৈতে মুণ্ড্ৰী ছবিত কাৱালী বাণীবদ্ধ কৰে।[1]
ৰেডিঅ' পাকিস্তানত তেওঁ "ক্যা হাল সুনাৱান দিল দা" আৰু "মইন্দি আজ্জ কল আখ ফুৰকান্দি আই" গীত পৰিবেশন কৰে, গীতটো খোৱাজা গুলাম ফৰিদে ৰচনা কৰা কাফি শৈলীৰে গীতসমূহ হিজ মাষ্টাৰছ ভয়েচ (এইচএমভি)ৰ বাবে গ্ৰাম'ফোনত বাণীবদ্ধ কৰা হৈছিল আৰু যথেষ্ট জনপ্ৰিয় হৈছিল।[7] তাৰ পিছত তেওঁ এইচ এম ভি, ৰেডিঅ' আৰু মঞ্চৰ বাবে উৰ্দু, চৰাইকী, হিন্দী, পঞ্জাবী আৰু সিন্ধী ভাষাত আৰু বহুতো কাফী বাণীবদ্ধ কৰে।[1]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]জাহিদাৰ কন্যাৰ নাম শ্বাহিদা পাৰবীন।[3] তেওঁ নিজৰ কন্যাক উস্তাদ আখতাৰ হুছেইন ওচৰত সংগীতৰ প্ৰশিক্ষণ।[1][8]
মৃত্যু
[সম্পাদনা কৰক]১৯৭৫ চনৰ ১৫ মে'ত পাকিস্তানৰ লাহোৰত ৫০ বছৰ বয়সত জাহিদা পাৰবীনৰ মৃত্যু হয়।[1][5] মিয়ানি চাহাব কবৰস্থানত তেওঁক শেষকৃত্য সম্পন্ন কৰা হয়।[9]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 Amjad Parvez (22 June 2017). "Zahida Parveen - The Nightingale". Daily Times newspaper. Archived from the original on 15 April 2023. https://web.archive.org/web/20230415015553/https://dailytimes.com.pk/5316/zahida-parveen-the-nightingale/.
- ↑ "گلوکارہ زاہدہ پروین کی یاد میں خصوصی فیچر آ ج نشر کیاجائے گا". Daily Pakistan newspaper. June 7, 2020. https://dailypakistan.com.pk/07-May-2015/221760.
- ↑ 3.0 3.1 3.2 Sheikh, M. A. (2012). Who's Who: Music in Pakistan (see page 262 for Zahida Parveen). Xlibris. পৃষ্ঠা. 262. ISBN 978-1-4691-9157-7. https://play.google.com/books/reader?id=Ol9C3lhd01QC&pg=GBS.PA262.
- ↑ Contemporary Arts in Pakistan - Volume 3, Issue 3. Pakistan Publications. পৃষ্ঠা. 29.
- ↑ 5.0 5.1 "Tribute to Zahida Parveen on her death anniversary". Radio Pakistan website. 7 May 2022. https://www.radio.gov.pk/07-05-2022/47th-death-anniversary-of-zahida-parveen-observed। আহৰণ কৰা হৈছে: 21 May 2024.
- ↑ Lahore: A Musical Companion. M. Saeed Malik. পৃষ্ঠা. 64.
- ↑ "زاہدہ پروین جنھیں اسٹوڈیو میں بیڑی پینے کی اجازت تھی". ARY News. January 14, 2021. https://urdu.arynews.tv/zahida-perveen-folk-music/.
- ↑ "Noted singer Shahida Parveen passes away". Dawn News. February 12, 2023. https://www.dawn.com/news/87835/noted-singer-shahida-parveen-passes-away.
- ↑ "یومِ وفات: پاکستان کی مشہور مغنیہ زاہدہ پروین کا تذکرہ". ARY News. 7 May 2021. https://urdu.arynews.tv/death-anniversary-zahida-perveen/.