জাহ্নৱী কী বোৰ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

ভাৱৰ আদান প্রদানৰ সাংকেতিক মাধ্যম ভাষাৰ বিৱর্তনৰ ফলস্বৰূপেই সৃষ্টি হৈছিল শিলালিপি। এই শিলালিপিৰ পৰাই মানুহৰ চিন্তা আৰু উদ্ভাৱনী কৌশলৰ প্রসাৰ ঘটি কী-বোর্ডকে আদি কৰি বিভিন্ন ধৰণৰ লিখন সঁজুলিৰ আৰম্ভ হ’ল। অন্যান্য ভাষাৰ লগতে নৱ্য মাধ্যমৰ এই জোৱাৰ অসমীয়া ভাষালৈয়ো আহিল । কিন্তু ইউনিক’ডত অসমীয়া ভাষাৰ প্রয়োগ আৰু ব্যৱহাৰৰ বাবে প্রয়োজন হ’ল অসমীয়া লিখন-সঁজুলিৰ । তাৰেই ফলশ্রুতিতনিজা অধ্যাৱসায় আৰু একাগ্রতাৰ জৰিয়তে আৰম্ভ হ’ল অসমীয়া ভাষাত এক ই-আন্দোলনে ।

       পেছাদাৰী লিখন সঁজুলিৰ পৰিৱর্তে অতি সহজতে অসমীয়া ভাষাৰ প্রয়োগ আৰু লিখাৰ ক্ষেত্রত আৰম্ভ হোৱা অসুবিধাৰ দূৰীকৰণৰ উদ্দেশ্যেই লখিমপুৰ জিলাৰ ঘিলামৰাৰ উৎপল ফুকনে সাজি উলিয়ালে – জাহ্নৱীক ।

         ঘিলামৰাৰ ডেকা উদ্ভাৱক উৎপল ফুকনৰ নেতৃত্বত ২০১৩ বর্ষতে আৰম্ভ হৈছিল নৱ্য মাধ্যমত অসমীয়া ভাষাক জনপ্রিয় আৰু সুৰক্ষিত কৰাৰ উদ্দেশ্য এক অনন্য প্রকল্প – জাহ্নৱী প্রকল্পৰ । জাহ্নৱীৰ জৰিয়তেই উত্পলে ৫টাৰোধিক বিনামূলীয়া লিখন সঁজুলি স্বেচ্ছাই আগবঢ়ায়। সঁচৰাচৰ ছপা সঁজুলি হিচাপে ব্যৱহৃত Adobe Pagemaker, Adobe Photoshop আদিত অতি সহজে গীতাঞ্জলি ফন্টৰ জৰিয়তে লিখাৰ সুবিধাও সংযোজন কৰা হৈছিল জাহ্নৱী বহুভাষিক লিখন সঁজুলি ২.০০ত। তাৰোপৰি ব্যৱহাৰকাৰীয়ে অতি সহজতে ইয়অৰ সহায়ত ফনেটিক , ইনস্ক্রিপ্ট লে – আউট সাজি ল’ব পাৰে। এই লিখন সঁজুলিটোত ইতিমধ্যে বাৰখন কী-বোর্ড লে-আউট সংযোজন কৰা হৈছে । ইয়াৰ ভিতৰত Jahnabi-Dihing-asciiians নামৰ কী-বোর্ডখন নন-ইউনিকোড লিখন সঁজুলি। জাহ্নৱী কি-বোর্ডৰ পাছতে ই-আনদোলনলৈ উৎপল ফুকনৰ নৱতম অৱদান জাহ্নৱী ৰূপান্তৰক। ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে বহু সংখ্যক শক্তিশালী লেখকে আত্মপ্রকাশ কৰিছে। এই লেখাবোৰ ইউনিকোডত লিখা হয় । সেয়েহে এনে মাধ্যম বা অন্যান্য ইউনিকোডীয় সঁজুলিত লিখা লেখাবোৰ কাকত-আলোচনীলৈ প্রেৰণৰ বাবে পুনৰ ডিটিপি কৰিবলগীয়াত পৰিছিল। তদুপৰি এনে ফন্টত লিখা আখৰ বোৰ কাকত-আলোচনী কর্তৃপক্ষয়ো পুনৰ বর্ণসংস্থাপন কৰিবলগীয়াত পৰে। ফলস্বৰূপে বর্ণাশুদ্ধি, সময়ৰ আপব্যৱহাৰো নোহোৱা নহয়। সেয়েহে এই সমস্যাটো দূৰ কৰাৰ উদ্দেশ্যে উত্পলে সাজি উলিয়ালে এক ৰূপান্তৰক আহিলা (যাক আমি কনভার্টাৰ বুলিলে অতি সহজতে চিনি পাওঁ) । এই আহিলাৰ জৰিয়তে ইউনিকোডত লিখা লেখা ছপা মাধ্যমৰ সবাতোকৈ জনপ্রিয় ফন্ট গীতাঞ্জলীলৈ ৰূপান্তৰিত কৰিব পৰাৰ উপৰিও গীতাঞ্জলিৰ পৰা ইউনিকোডলৈয়ো ৰূপান্তৰ কৰিব পাৰি। ফলত সময় ৰাহি হোৱাৰ উপৰিও বর্ণাশুদ্ধিৰ কৰাৰো প্রয়োজন নহয়।

ইতিমধ্য অসমৰ কেইবাটাও ছপা উদভোগৰ লগতে কেইবাখনো কাকত আলোচনীয়ে এই আহিলা ব্যৱহাৰ কৰি থকা বুলি জানিব পৰা গৈছে।এই সম্পর্কে সবিশেষ http://jahnabi.netৱেবচাইটত উপলব্ধ আছে।