সমললৈ যাওক

জাৰীন খান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জাৰীন খান

২০২৩ চনত খান
জন্ম ১৪ মে', ১৯৮৭ (৩৯ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
অন্য নাম জাৰিন খান
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১০–বৰ্তমান

জাৰীন খান (ইংৰাজী: Zareen Khan; জন্ম: ১৪ মে' ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰ জগতত কাম কৰে।[1][2] ২০১০ চনত একচনধৰ্মী ছবি বীৰৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলে। এই ছবিখনৰ বাবে তেওঁ জী চিনে বঁটাৰ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ মনোনয়ন লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ২০১১ চনৰ একচন কমেডী ছবি ৰেডীৰ জনপ্ৰিয় আইটেম নম্বৰত আৰু ২০১২ চনৰ কমেডী ছবি হাউচফুল ২ত এগৰাকী গ্লেমাৰাছ মডেল হিচাপে অভিনয় কৰে; যিখন ছবি তেওঁৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়। ২০১৪ চনত পঞ্জাবী ছবি জট জেমছ বণ্ডত অভিনয় কৰাৰ পাছত তেওঁ ২০১৫ চনত কামোদ্দীপক থ্ৰিলাৰ ছবি হেট ষ্টৰী ৩ত মুখ্য চৰিত্ৰত অভিনয় কৰি হিন্দী ছবিলৈ উভতি আহে।[3] ২০১৯ চনত খানে একচন থ্ৰিলাৰ চাণক্যৰ জৰিয়তে তেলুগু চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।[4]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

জাৰীন খানৰ জন্ম ১৯৮৭ চনৰ ১৪ মে'ত ভাৰতৰ মুম্বাইৰ এটা পশতুন পৰিয়ালত হৈছিল।[5][6] তেওঁ মুম্বাইৰ ৰিজভী কলেজ অৱ ছায়েন্সৰপৰা ইণ্টাৰমিডিয়েট শিক্ষা সম্পূৰ্ণ কৰে।[7] জাৰীন খানে এটা কল চেণ্টাৰত কাম কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তাৰ পিছত বোম্বাই কনভেনচন এণ্ড এগজিবিচন চেণ্টাৰত (BCEC) এটা কৰ্পোৰেট ফ্ৰণ্ট ডেস্কত কাম কৰিছিল। তেওঁ বিভিন্ন ব্ৰেণ্ডৰ প্ৰচাৰমূলক কামতো জড়িত আছিল আৰু সেইবোৰৰ ইন-হাউচ মডেল হিচাপেও কাম কৰিছিল।[8]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০২১ চনত খানে প্ৰকাশ কৰিছিল যে তেওঁ মডেল তথা ব্যৱসায়ী শিৱাশীষ মিশ্ৰৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে।[9] ২০২৪ চনৰ আৰম্ভণিতে তেওঁলোকৰ বিচ্ছেদ ঘটে।[10][11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Zarine Khan: Veer ki Heer!". The Times of India. 23 January 2010. https://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/Zarine-Khan-Veer-ki-Heer/articleshow/5488492.cms.
  2. "Payal Rohatgi compares Kat, Zarine to Sunny Leone". The Times of India. https://timesofindia.indiatimes.com/tv/news/hindi/Payal-Rohatgi-compares-Kat-Zarine-to-Sunny-Leone/articleshow/10803572.cms.
  3. "Which is the raunchiest Hate Story? VOTE!". Rediff. https://www.rediff.com/movies/report/which-is-the-raunchiest-hate-story-vote/20151207.htm.
  4. "Zareen Khan says Allu Arjun is her favourite dancer in Tollywood" (en ভাষাত). India Today. https://www.indiatoday.in/movies/regional-cinema/story/zareen-khan-says-allu-arjun-is-her-favourite-dancer-in-tollywood-1546506-2019-06-11 আহৰণ কৰা হৈছে: 3 April 2020.
  5. ""I Am Muslim, I Know My Islam": Zareen Khan". Bollywood Hungama. https://www.bollywoodhungama.com/videos/celeb-interviews/i-am-muslim-i-know-my-islam-zareen-khan/.
  6. Mangal Dalal (8 January 2010). "When Men Were Men". The Indian Express. http://www.indianexpress.com/news/when-men-were-men/564691/0 আহৰণ কৰা হৈছে: 6 May 2014. "Asked about whether it was a risk casting Zarine Khan, the debutant from the UK, Khan says: "She's a Pathan girl who speaks Hindi and Urdu well and was spectacular in the screen test. It was pure luck"."
  7. "No bikini for me: Zarine Khan". Mid-Day. Indo-Asian News Service. 27 January 2010. Archived from the original on 30 April 2011. https://web.archive.org/web/20110430224354/http://www.mid-day.com/entertainment/2010/jan/270110-zarine-khan-no-bikini.htm.
  8. Coutinho, Natasha (6 November 2017). "Zarine Khan talks about her days at the call centre". Mumbai Mirror. https://mumbaimirror.indiatimes.com/entertainment/bollywood/zareen-at-the-call-centre/articleshow/61523379.cms.
  9. "Zareen Khan opens up about dating 'Bigg Boss' fame Shivashish Mishra, says they are in a beautiful phase". The Times of India. 2021-12-17. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/zareen-khan-opens-up-about-dating-bigg-boss-fame-shivashish-mishra-says-they-are-in-a-beautiful-phase/articleshow/88334559.cms.
  10. "Zareen Khan and Shivashish Mishra split - Exclusive". The Times of India. 2024-09-03. ISSN 0971-8257. https://timesofindia.indiatimes.com/tv/news/hindi/zareen-khan-and-shivashish-mishra-breakup-news/articleshow/112966226.cms.
  11. "Zareen Khan and Shivashish Mishra broke up in March, 2024" (en ভাষাত). Mid-day. https://www.mid-day.com/entertainment/bollywood-news/article/why-zareen-khan-and-shivashish-mishra-broke-up-23386408 আহৰণ কৰা হৈছে: 2025-07-21.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]