সমললৈ যাওক

জাৰ্লিন অনিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জাৰ্লিন অনিকা জয়ৰত্নগন
ব্যক্তিগত তথ্যাৱলী
জন্ম ২০০৪
ক্ৰীড়া
দেশ  ভাৰত

জাৰ্লিন অনিকা জয়ৰত্নগন (ইংৰাজী: Jerlin Anika Jayaratchagan; জন্ম: ২০০৪), চমুকৈ জে. জাৰ্লিন অনিকা বা জাৰ্লিন অনিকা এগৰাকী ভাৰতীয় বধিৰ বেডমিণ্টন খেলুৱৈ।[1]

তেওঁ তামিলনাডুৰ মাদুৰাইৰ বাসিন্দা। মাত্ৰ দুই বছৰ বয়সতে তেওঁৰ শ্ৰৱণ শক্তিৰ বিসংগতি ধৰা পৰিছিল। তেওঁ মাদুৰাইৰ আভাই কৰ্পোৰেচন জি.এইচ. এছ. এছ.-ত স্কুলীয়া শিক্ষা আৰু মাদুৰাইৰ লেডী ড’ক কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল।[2] তেওঁ আঠ বছৰ বয়সৰ পৰাই বেডমিণ্টনৰ প্ৰতি আগ্ৰহী হৈ পৰে। ছেইণ্ট জোচেফ গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুলত নৱম শ্ৰেণীৰ ছাত্ৰী হৈ থকা অৱস্থাতে তেওঁ ২০১৬ চনৰ ফেডাৰেচন অফ ইণ্ডিয়া স্কুল গেমছত অংশ লৈছিল আৰু ১৩ বছৰৰ অনুৰ্ধ শাখাত ৰূপৰ পদক লাভ কৰিছিল।[3] তেওঁৰ প্ৰশিক্ষক টি. চাৰাভাননৰ মতে, শব্দ শুনিবলৈ নোপোৱাৰ বাবে শ্বাটলটোৰ প্ৰতি সঁহাৰি জনাবলৈ তেওঁৰ কিছু অসুবিধা হৈছিল।

কেৰিয়াৰ

[সম্পাদনা কৰক]

২০১৭ চনত হাইদৰাবাদত অনুষ্ঠিত বেডমিণ্টন চেম্পিয়নশ্বিপত তেওঁ ৰাষ্ট্ৰীয় চেম্পিয়ন হয় আৰু এই প্ৰদৰ্শনেৰে তেওঁ সেই বছৰৰে গ্ৰীষ্মকালীন ডেফ্লিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে। ১৩ বছৰ বয়সতে তেওঁ ২০১৭ চনৰ গ্ৰীষ্মকালীন ডেফ্লিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি মহিলাৰ একক আৰু মহিলাৰ ডাবলছ ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰিছিল।[4] তেওঁ ২০১৭ চনৰ গ্ৰীষ্মকালীন ডেফ্লিম্পিকৰ কনিষ্ঠতম প্ৰতিযোগী আছিল। পৃথ্বী শেখৰৰ সৈতে তেওঁ তামিলনাডুৰ পৰা ডেফ্লিম্পিকত অংশ লোৱা এথলিটৰ প্ৰথমটো গোট হিচাপে পৰিগণিত হয়।[5]

২০১৮ চনত মালয়েছিয়াত অনুষ্ঠিত এছিয়া পেচিফিক ডেফ বেডমিণ্টন চেম্পিয়নশ্বিপত অংশ লৈ তেওঁ দুটা ৰূপৰ পদক আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰে।[6] পঞ্চম এছিয়া পেচিফিক ডেফ বেডমিণ্টন চেম্পিয়নশ্বিপত তেওঁ ছিনিয়ৰ শাখাত মহিলাৰ ডাবলছত ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে ২১ বছৰ অনুৰ্ধৰ ছোৱালীৰ একক আৰু ডাবলছ ইভেণ্টত ৰূপৰ পদক লাভ কৰে।[7][8]

২০১৯ চনত টাইপেইত অনুষ্ঠিত ৱৰ্ল্ড ডেফ ইউথ বেডমিণ্টন চেম্পিয়নশ্বিপত ১৫ বছৰ বয়সতে তেওঁ ছোৱালীৰ একক ইভেণ্টত সোণৰ পদক লাভ কৰে। তেওঁ জাৰ্মানীৰ ফিঞ্জা ৰোচেণ্ডালক পৰাস্ত কৰি বিশ্ব বধিৰ যুৱ চেম্পিয়ন হয়। সোণৰ পদকৰ উপৰিও ২০১৯ চনৰ এই প্ৰতিযোগিতাখনৰ দ্বিতীয় সংস্কৰণত তেওঁ ছোৱালীৰ ডাবলছ আৰু মিশ্ৰ ডাবলছ ইভেণ্টত ৰূপৰ পদক লাভ কৰে।[9]

তেওঁ ২০২১ চনৰ গ্ৰীষ্মকালীন ডেফ্লিম্পিকত (যিটো ২০২২ চনৰ মে' মাহত অনুষ্ঠিত হৈছিল) ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।[10][11] এই প্ৰতিযোগিতাত তেওঁ মিশ্ৰ ডাবলছ, দলীয় ইভেণ্ট আৰু মহিলাৰ একক শাখাত মুঠ তিনিটা সোণৰ পদক জয় কৰে।[12][13][14] ২০২২ চনত তেওঁক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Jerlin Anika Jayaratchagan". Deaflympics. https://www.deaflympics.com/athletes/jerlin-jayaratchagan আহৰণ কৰা হৈছে: 2022-05-08.
  2. Rozario, Rayan (2020-05-03). "Nervous wait for Jerlin" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/sport/nervous-wait-for-jerlin/article31495750.ece.
  3. Saravanan, T. (2017-04-20). "Hearing impairment is no hurdle for Jerlin Anika as she braves challenges to qualify for the upcoming Summer Deaflympics badminton event in Turkey" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/sport/other-sports/hearing-impairment-is-no-hurdle-for-jerlin-anika-as-she-braves-challenges-to-qualify-for-the-upcoming-summer-deaflympics-badminton-event-in-turkey/article18152664.ece.
  4. "India at 2017 Summer Deaflympics". Deaflympics. Archived from the original on 2022-05-05. https://web.archive.org/web/20220505084400/https://www.deaflympics.com/games/2017-s/ind আহৰণ কৰা হৈছে: 2022-05-08.
  5. Rupavathi, Jeba (2020-01-23). "Fighting against odds". The Asian Age. https://www.asianage.com/sports/in-other-sports/230120/fighting-against-odds.html আহৰণ কৰা হৈছে: 2022-05-13.
  6. Narayani, P.A. (2019-07-27). "Her success is not an easy journey" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/cities/Madurai/her-success-is-not-an-easy-journey/article28732440.ece.
  7. Ganesh, Sanjana (2018-11-10). "Shuttling to success in silence" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/tamil-nadu/shuttling-to-success-in-silence/article25465931.ece.
  8. Srikkanth D. (8 Nov 2018). "This badminton champion from Madurai brought laurels for country in Malaysia" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/madurai/this-badminton-champion-from-madurai-brought-laurels-for-country-in-malaysia/articleshow/66538967.cms আহৰণ কৰা হৈছে: 2022-05-08.
  9. Srikkanth D. (17 Jul 2019). "Tamil Nadu girl wins gold in World Deaf Youth Badminton Championships" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/sports/badminton/tamil-nadu-girl-wins-gold-in-world-deaf-youth-badminton-championships/articleshow/70258534.cms আহৰণ কৰা হৈছে: 2022-05-08.
  10. "Sixty-five Indian athletes to participate in Deaflympics" (en ভাষাত). Sportstar. 26 April 2022. https://sportstar.thehindu.com/other-sports/indian-deaflympics-contingent-brazil-send-off-ceremony/article38480143.ece আহৰণ কৰা হৈছে: 2022-05-08.
  11. Judge, Shahid (May 2022). "Explainer: India at Deaflympics – here's what you need to know about the quadrennial event" (en-US ভাষাত). Scroll.in. https://scroll.in/field/1023014/explainer-india-at-deaflympics-heres-what-you-need-to-know-about-the-quadrennial-event আহৰণ কৰা হৈছে: 2022-05-08.
  12. Srikkanth D. (5 May 2022). "Deaflympics in Brazil: TN's Jerlin Anika part of badminton team that won gold" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/chennai/deaflympics-in-brazil-tns-jerlin-anika-part-of-badminton-team-that-won-gold/articleshow/91339075.cms আহৰণ কৰা হৈছে: 2022-05-08.
  13. "24th Summer Deaflympics | Shuttler Jerlin Anika wins three gold medals" (en-IN ভাষাত). The Hindu. 2022-05-12. ISSN 0971-751X. https://www.thehindu.com/sport/other-sports/24th-summer-deaflympics-shuttler-jerlin-anika-wins-two-golds/article65406647.ece.
  14. "Madurai Girl Bags Three Gold Medals In Badminton At Deaf Olympics" (en ভাষাত). The Times of India. 13 May 2022. https://timesofindia.indiatimes.com/city/madurai/madurai-girl-bags-three-gold-medals-in-badminton-at-deaf-olympics/articleshow/91528038.cms আহৰণ কৰা হৈছে: 2022-05-13.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

ৱিকিমিডিয়া কমন্সত জাৰ্লিন অনিকা সম্পৰ্কীয় মিডিয়া ফাইল।