জিঅ' পেমেণ্টছ বেংক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জিঅ' পেমেন্টছ বেংকৰ পৰা পুনঃনিৰ্দেশিত)

জিঅ' পেমেন্টছ বেংক হৈছে ভাৰতৰ এখন পেমেন্টছ বেংক। ২০১৮ চনত ইয়াৰ স্থাপনা কৰা হৈছিল আৰু ই ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধীনস্থ। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজক ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ.বি.আই) বেংকিং ৰেগুলেচন এক্ট, ১৯৪৯ৰ অধীনত নতুন পেমেণ্ট বেংক স্থাপনৰ বাবে নীতিগত অনুমোদন প্ৰদান কৰে।তাৰ পিছত ই ভাৰতীয় ষ্টেট বেংকৰ সৈতে অংশীদাৰিত্ব কৰি ২০১৬ চনৰ নৱেম্বৰ মাহত জিঅ’ পেমেণ্টছ বেংক লিমিটেডক অন্তৰ্ভুক্ত কৰে, জিঅ’ পেমেণ্টছ বেংক লিমিটেড হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ আৰু ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মাজত ৭০:৩০ অংশীদাৰিত্বৰে আৰম্ভ কৰা পেমেন্টছ বেংক।[1]

২০২০ চনৰ অক্টোবৰ মাহত ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকিং ৰেগুলেচন এক্ট, ১৯৪৯ৰ ধাৰা ৩৫বিৰ অধীনত সময়মতে পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া নিযুক্তিৰ বাবে আবেদন নকৰাৰ বাবে বেংকটোক ১ কোটি ₹ (১২৫,২৩৪ মাৰ্কিন ডলাৰ) জৰিমনা বিহা হৈছিল।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Jio Payments Bank". www.businesstoday.in. https://www.businesstoday.in/sectors/banks/jio-payments-bank-account-payment-paytm-airtel-sbi-reliance/stor/274064.html. 
  2. "Jio Payments Bank fined Rs 1 cr for delay in submitting MD's reappointment application". Business Today. October 29, 2020. https://www.businesstoday.in/sectors/banks/jio-payments-bank-fined-rs-1-cr-delay-submitting-md-reappointment-application/story/420282.html.