জিন পিয়াজে
| জিন পিয়াজে | |
|---|---|
১৯৬৮ চনত মিছিগান বিশ্ববিদ্যালয়ত পিঁয়াজে | |
| জন্ম | জিন উইলিয়াম ফ্ৰীটজ পিঁয়াজে ৯ আগষ্ট, ১৮৯৬ নিউছেটেল, ছুইজাৰলেণ্ড |
| মৃত্যু | ১৬ ছেপ্টেম্বৰ, ১৯৮০ (৮৪ বছৰ) জেনেভা, ছুইজাৰলেণ্ড |
| ক্ষেত্ৰ | বিকাশাত্মক মনোবিজ্ঞান, জ্ঞানতত্ত্ব |
| কৰ্মস্থান | নিউছেটেল বিশ্ববিদ্যালয় জেনেভা বিশ্ববিদ্যালয় লচেন বিশ্ববিদ্যালয় পেৰিছ বিশ্ববিদ্যালয় |
| শিক্ষানুষ্ঠান | নিউছেটেল বিশ্ববিদ্যালয় জেনেভা বিশ্ববিদ্যালয় |
| জনা যায় | গঠনবাদ, জেনেভান স্কুল, জেনেটিক জ্ঞানতত্ত্ব, জ্ঞানাত্মক বিকাশৰ তত্ত্ব, অবজেক্ট পাৰ্মানেন্স, অহংকেন্দ্ৰিকতা |
জিন উইলিয়াম ফ্ৰীটজ পিঁয়াজে (ইংৰাজী: Jean William Fritz Piaget; ৯ আগষ্ট ১৮৯৬ – ১৬ ছেপ্টেম্বৰ ১৯৮০) আছিল এজন ছুইছ মনোবিজ্ঞানী, যি শিশুৰ বিকাশ সম্পৰ্কীয় গৱেষণাৰ বাবে সৰ্বত্ৰ পৰিচিত। পিঁয়াজেৰ জ্ঞানাত্মক বিকাশৰ তত্ত্ব আৰু জ্ঞানতাত্ত্বিক দৃষ্টিভংগীক একেলগে “জেনেটিক জ্ঞানতত্ত্ব” (genetic epistemology) বুলি কোৱা হয়।[1]
পিঁয়াজেই শিশুৰ শিক্ষাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় শিক্ষা ব্যুৰোৰ সঞ্চালক হিচাপে তেওঁ ১৯৩৪ চনত ঘোষণা কৰিছিল যে "কেৱল শিক্ষাইহে আমাৰ সমাজক হ’ব পৰা সম্ভাৱ্য পতনৰপৰা ৰক্ষা কৰিবলৈ সক্ষম, সেয়া হিংসাত্মক ধৰণেই হওক বা ক্ৰমান্বয়ে হওক।" [2] তেওঁৰ শিশু বিকাশৰ তত্ত্ব শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীসমূহত অধ্যয়ন কৰা হয়। বৰ্তমান সময়তো প্ৰাৰম্ভিক শৈশৱকালীন শিক্ষাৰ ক্ষেত্ৰত কাম কৰা শিক্ষাবিদ আৰু তত্ত্ববিদসকলে গঠনবাদ-আধাৰিত কৌশলসমূহ প্ৰয়োগ কৰি আহিছে।
পিঁয়াজেই ১৯৫৫ চনত জেনেভা বিশ্ববিদ্যালয়ত কৰ্মৰত অৱস্থাত জেনেভাত আন্তঃৰাষ্ট্ৰীয় জেনেটিক জ্ঞানতত্ত্ব কেন্দ্ৰ প্ৰতিষ্ঠা কৰে আৰু ১৯৮০ চনত মৃত্যুৰ আগলৈকে এই কেন্দ্ৰটো পৰিচালনা কৰে।[3][4] ইয়াৰ প্ৰতিষ্ঠাৰ ফলত গঢ়ি উঠা সহযোগিতা আৰু ইয়াৰ প্ৰভাৱৰ বাবে পাণ্ডিত্যপূৰ্ণ সাহিত্যত এই কেন্দ্ৰটোক “পিঁয়াজেৰ কাৰখানা” (Piaget's factory) বুলিও অভিহিত কৰা হয়।[5]
আৰ্নষ্ট ভন গ্লাচাৰ্ছফেল্ডৰ মতে, পিঁয়াজে আছিল "জ্ঞান আহৰণৰ গঠনবাদী তত্ত্বৰ এজন মহান পথ-প্ৰদৰ্শক।" [6] ১৯৬০-ৰ দশকত তেওঁৰ ধাৰণাসমূহ ব্যাপকভাৱে জনপ্ৰিয় হৈ পৰিছিল।[7] ইয়াৰ ফলস্বৰূপে মনোবিজ্ঞানত বিকাশৰ অধ্যয়ন এক অন্যতম প্ৰধান শাখা হিচাপে আত্মপ্ৰকাশ কৰে।[8] ২০ শতিকাৰ শেষৰফালে, বি. এফ. স্কীনাৰৰ পিছতে তেওঁ সৰ্বাধিক উদ্ধৃত হোৱা মনোবিজ্ঞানী হিচাপে দ্বিতীয় স্থান লাভ কৰিছিল।[9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Jean Piaget's Theory and Stages of Cognitive Development, by Saul McLeod, Simply Psychology, updated 2018
- ↑ Munari, Alberto (1994). "Jean Piaget". Prospects: The Quarterly Review of Comparative Education খণ্ড XXIV (1/2): 311–327. doi:10.1007/bf02199023. http://www.ibe.unesco.org/fileadmin/user_upload/archive/publications/ThinkersPdf/piagetf.pdf.
- ↑ Ratcliff, Marc J.; Tau, Ramiro (2019-04-29). "A networking model. The case of the International Center for Genetic Epistemology". Estudos e Pesquisas Em Psicologia খণ্ড 18 (4): 1215–1238. doi:10.12957/epp.2018.42233. ISSN 1808-4281.
- ↑ "About Piaget". Jean Piaget Society. Archived from the original on 24 August 2019. https://web.archive.org/web/20190824192513/http://www.piaget.org/aboutPiaget.html। আহৰণ কৰা হৈছে: 17 October 2016.
- ↑ Burman, J. T. (2012). "Jean Piaget: Images of a life and his factory". History of Psychology খণ্ড 15 (3): 283–288. doi:10.1037/a0025930. ISSN 1093-4510. PMID 23397918.
- ↑ von Glasersfeld, E. (1990). "An exposition of constructivism: Why some like it radical". Journal for Research in Mathematics Education: Monograph খণ্ড 4: 19–29 & 195–210 [22]. doi:10.2307/749910. ISSN 0883-9530. (p. 22).
- ↑ Hsueh, Y (2009). "Piaget in the United States, 1925–1971. In U. Müller, J. I. M. Carpendale & L. Smith (Eds.), The Cambridge Companion to Piaget (pp. 344–370). Cambridge, UK: Cambridge University Press. Müller, U., Burman, J. T., & Hutchinson, S. (2013). The developmental psychology of Jean Piaget: A quinquagenary retrospective". Journal of Applied Developmental Psychology খণ্ড 34 (1): 52–55. doi:10.1016/j.appdev.2012.10.001.
- ↑ Pickren, W. E. (2012). Joseph McVicker Hunt: Golden age psychologist. In W. E. Pickren, D. A. Dewsbury, & M. Wertheimer (Eds.), Portraits of Pioneers in Developmental Psychology (pp. 185–203). New York: Psychology Press/Taylor & Francis.
- ↑ Haggbloom, Steven J.; Warnick, Renee; Warnick, Jason E.; Jones, Vinessa K.; Yarbrough, Gary L.; Russell, Tenea M.; Borecky, Chris M.; McGahhey, Reagan et al. (2002). "The 100 most eminent psychologists of the 20th century". Review of General Psychology খণ্ড 6 (2): 139–152. doi:10.1037/1089-2680.6.2.139. http://creativity.ipras.ru/texts/top100.pdf.