সমললৈ যাওক

জিন ৰাজবংশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
২৮০ চনত এই ৰাজ্য
২৮০ চনত এই ৰাজ্য

জিন ৰাজবংশ বা জিন সাম্ৰাজ্য যাক কোনো কোনোৱে চিমা জিন বা দুই জিনৰ নামেৰেও অভিহিত কৰে, এটি সাম্ৰাজ্যবাদী চীনা ৰাজবংশ। এই ৰাজবংশ ২৬৬ৰ পৰা ৪২০ চনলৈ অস্তিত্বত আছিল। চিমা য়ান, যি চিমা ঝাওৰ জ্যেষ্ঠ পুত্ৰ, এই সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক, যাৰ বিপৰীতে, চিমা ঝাও আছিল জিনৰ ৰজা। এই ৰাজবংশৰ ইতিহাসত দুই মুখ্য বিভাজন দেখা যায়। পশ্চিমীয়া জিন (২৬৬ৰ পৰা ৩১৬ চন) চাও ৱেইৰ উত্তৰাধিকাৰী হিচাপে গঢ় লৈ উঠিছিল, চিমা য়ানে চাও হুৱানৰ পৰা ক্ষমতা কাঢ়ি লোৱাৰ পাছত। পশ্চিমীয়া জিনৰ প্ৰথম ৰাজধানী আছিল লুৱ'য়াং, আৰু পাছলৈ চাং'আন, যি বৰ্তমানৰ শ্বি'আন। ২৮০ চনত, পূৰ্বী ৱু বিজয় কৰাৰ পাছত, পশ্চিমীয়া জিনৰ উত্থানে তিনি ৰাজ্যৰ কালৰ অন্ত পেলালে। চীনৰ মূল প্ৰান্তসমূহ পুনঃ এক হ'ল, হান ৰাজবংশৰ পতনৰ পাছত প্ৰথম বাৰৰ বাবে।

আঁঠ ৰাজকুমাৰৰ যুদ্ধ

[সম্পাদনা কৰক]

২৯১ৰ পৰা ৩০৬ চনলৈ "আঁঠ ৰাজকুমাৰৰ যুদ্ধ" নামৰ এক গৃহযুদ্ধৰ ক্ৰম দেখা দিছিল। জিন ৰাজ্যৰ ওপৰত আধিপত্যৰ বাবে এই যুদ্ধসমূহ সংঘটিত হৈছিল, যাৰ ফলস্বৰূপে ৰাজ্যখন দুৰ্বল হৈ পৰিছিল। ৩০৪ চনত এই ৰাজ্যৰ বিৰুদ্ধে অনা-হান লোকেও বিদ্ৰোহ কৰা আৰম্ভ কৰিছিল, যাক হানসকলে "পাঁচ বৰ্বৰ"ৰ নামেৰে অভিহিত কৰিছিল। "বৰ্বৰ"সকলে পাছলৈ উত্তৰ চীনৰ কেইবাটাও অস্থায়ী ৰাজবংশীয় ৰাজ্য স্থাপন কৰিছিল।[1] ইয়াৰ ফলস্বৰূপেই চীনা ইতিহাসৰ ষোল্ল ৰাজ্যৰ কাল আৰম্ভ হৈছিল। এই কালত উত্তৰ চীনৰ ৰাজ্যসমূহৰ সঘনাই উত্থান আৰু পতন ঘটিছিল আৰু সেই ৰাজ্যসমূহে নিজৰ মাজত আৰু জিনৰ লগত যুদ্ধ কৰি থাকিছিল। তাৰেই এখন ৰাজ্য, হান ঝাৱে জিনৰ ৰাজধানী লুৱ'য়াং দখল কৰি লৈছিল ৩১১ চনত, আৰু ৩১৬ চনত চাং'আন দখল কৰিছিল। জিনৰ সম্ৰাট মিনক ৩১৮ চনত তেওঁলোকে হত্যা কৰিছিল, যাৰ পাছত পশ্চিমীয়া জিন সাম্ৰাজ্যৰ অন্ত পৰিছিল।[2] সম্ৰাট মিনৰ পাছৰ চিমা ৰুইয়ে জিন ৰাজবংশৰ পুনৰ্স্থাপনা কৰিছিল পূৰ্বী জিনৰ ৰূপত।

চীনৰ ইতিহাস
পেকিং মানৱ
তিনি সাৰ্বভৌম আৰু পাঁচ সম্ৰাট
শ্বিয়া ৰাজবংশ
শ্বাং ৰাজবংশ
ঝৌ ৰাজবংশ
শৰৎ আৰু বসন্তৰ যুগ
যুদ্ধৰত ৰাজ্যৰ যুগ
চিন ৰাজ্য
চু-হান যুদ্ধ
হান ৰাজবংশ
তিনি ৰাজ্য
জিন ৰাজবংশ
ষোল্ল ৰাজ্য
ৱেই ৰাজবংশ
লিউ চং ৰাজবংশ
উত্তৰ আৰু দক্ষিণৰ ৰাজবংশ
চুই ৰাজবংশ
টাং ৰাজবংশ
চং ৰাজবংশ
জিন ৰাজবংশ (দ্বিতীয়)
মংগোলৰ চীন দখল
য়ুৱান ৰাজবংশ
মিং ৰাজবংশ
চিং ৰাজবংশ
চীন গণৰাজ্য
গণপ্ৰজাতন্ত্ৰী চীন

পূৰ্বী জিন

[সম্পাদনা কৰক]

পূৰ্বী জিন ৰাজবংশৰ প্ৰায় সকলো সময়তে নিজৰ উত্তৰী চুবুৰীয়াৰ সৈতে যুদ্ধৰত আছিল। ই উত্তৰ দিশে কেইবাটাও সামৰিক অভিযান আৰম্ভ কৰিছিল, আগতে হেৰুৱা ভূমি পুনঃ লাভ কৰা আশাত। ৩৮৩ চনত জিনে পূৰ্বৰ চিন ৰাজ্যৰ ওপৰত ভীষণ আঘাট কৰিছিল, যি চিনে আগতে চীনক কিছু সময়ৰ বাবে এক কৰিছিল।[3]</nowiki></ref>[4] যুদ্ধৰ পাছত পূৰ্বৰ চিন ৰাজ্য দুৰ্বল হৈ পৰিছিল আৰু জিন সেনাই হালধীয়া নদীৰ দক্ষিণৰ ভূমি দখল অক্ৰিছিল। পিচে, পূৰ্বী জিনক পাছলৈ ৪২০ চনত লিউ চং ৰাজবংশই পৰাস্ত কৰিলে। পূৰ্বী জিনক ছয় ৰাজবংশৰ দ্বিতীয় গণ্য কৰা হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Albert E. Dien, ed (2007). The Cambridge History of China: Volume 2, The Six Dynasties, 220–589. Cambridge University Press. পৃষ্ঠা. 258. ISBN 9780521820602. 
  2. Albert E. Dien, ed (2007). The Cambridge History of China: Volume 2, The Six Dynasties, 220–589. Cambridge University Press. পৃষ্ঠা. 175. ISBN 9780521820602. 
  3. <ref>{{cite book |author=Thilo Diefenbach |title=Die Schlacht am Fei (383) und ihre Folgen: Ein Beitrag zur chinesischen Historiographie nebst einer Übersetzung aus Sima Guangs Zizhi Tongjian |publisher=Harrassowitz |year=2006 |page=1}}<nowiki>
  4. Michael C. Rogers (1991). "The Myth of the Battle of the Fei River (A.D. 383)". T’oung Pao খণ্ড 77 (4/5): পৃষ্ঠা 269–301.