জিম অংকন ডেকা
| জিম অংকন ডেকা | |
|---|---|
আইডিয়া ৰকছ ইণ্ডিয়া, বাংগালুৰুত জিম অংকন ডেকা (২০১৩) | |
| জন্ম | জিম অংকন ডেকা ১ জুন, ১৯৮০ (৪৫ বছৰ) গুৱাহাটী, অসম, ভাৰত |
| পেচা | গায়ক, গীতিকাৰ, তথ্যচিত্ৰ নিৰ্মাতা ফটোগ্ৰাফাৰ, ৰেকৰ্ড নিৰ্মাতা |
| দাম্পত্যসঙ্গী | পাৰমিতা বৰা |
| পিতৃ-মাতৃ | ভবানন্দ ডেকা নলিনীপ্ৰভা ডেকা |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | Renault Free The Music Award (2015) Global Music Award (2014) |
| 'সঙ্গীত যাত্ৰা' | |
| সংগীতৰ ধৰণ |
|
| বাদ্যযন্ত্ৰ |
|
| সক্ৰিয়তাৰ বছৰ | ১৯৯৮ৰপৰা |
| লেবেল | The Orchard Music, Believe Music, Bombay Tracks LLP, Biscoot Records LLP, Songdew, Indiearth, Muslate |
জিম অংকন ডেকা (জন্ম ১ জুন ১৯৮০) এগৰাকী ভাৰতীয় সংগীতজ্ঞ, তথ্যচিত্ৰ নিৰ্মাতা, ফটোগ্ৰাফাৰ আৰু বাংগালুৰু ভিত্তিক সংস্থা আৰু সংগীত বিদ্যালয় ইষ্টাৰ্ন ফেয়াৰ মিউজিক ফাউণ্ডেশ্যনৰ পৰিচালক।[1] তেওঁ অসমৰপৰা ভাৰতৰ বাংগালুৰুত সংগীত প্ৰতিষ্ঠান আৰু প্ৰডাকচন হাউচ মুকলি কৰা প্ৰথমজন ব্যক্তি।[2] ২০১২ চনৰ দিল্লীত সংঘটিত দলবদ্ধ ধৰ্ষণৰ কাণ্ডৰ আধাৰত যৌন হিংসাৰ বিৰুদ্ধে মাত মাতি - আৱাজ গীতৰ বাবে তেওঁ একাধিক বঁটা লাভ কৰে।[3] তেওঁ লোক-সংযোজন বেণ্ড FolkAGeet ৰ ফ্ৰণ্টমেন।[4]
জীৱনী
[সম্পাদনা কৰক]প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]ডেকাই তিনি বছৰ বয়সৰপৰাই গীটাৰ বজাবলৈ আৰম্ভ কৰে।[5] আৰম্ভণিতে তেওঁ বৰগীত আৰু খোল বাদ্যৰ শিক্ষা লৈছিল।[6]
কেৰিয়াৰৰ আৰম্ভণি
[সম্পাদনা কৰক]ডেকাই ১৮ বছৰ বয়সতে অসমীয়া বেণ্ড প্ৰহৰৰ সৈতে প্ৰথম এলবাম প্ৰহৰ: তুমি কোৱা কথাবোৰৰ জৰিয়তে সংগীতৰ ক্ষেত্ৰখনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।[7] অসংখ্য কনচাৰ্ট, ইভেণ্ট আৰু টিভি শ্ব'ত গীটাৰিষ্ট, বেছ গীটাৰিষ্ট আৰু কিবৰ্ডিষ্ট হিচাপে কাম কৰি ডেকাই অসমৰ সংগীত জগতত নিজৰ নাম উজলাইছিল।[8][9] ২০০১ চনত ডেকাই গুৱাহাটীত লা-জিয়াজ নামৰ এটা ষ্টুডিঅ’ প্ৰতিষ্ঠা কৰে যিটো ২০০৬ চনত বন্ধ হয়। ডেকা অসমৰ ভুডু চাইল্ড বেণ্ডৰ সদস্য।[10]
সংগীত কেৰিয়াৰ
[সম্পাদনা কৰক]১৯৯৮ চনৰপৰা ডেকাই এলবাম, টিভি ধাৰাবাহিক, তথ্যচিত্ৰ, চুটি ছবি আৰু এড জিংগলৰ সংগীত ৰচনা আৰু ব্যৱস্থা কৰি আহিছে। ২০১২ চনলৈকে তেওঁ ইংৰাজী, হিন্দী, অসমীয়া, মিজো আৰু গোৱালপৰীয়াকে ধৰি বিভিন্ন ভাষাৰ ছটা এলবামৰ সংগীত ৰচনা কৰিছে। বৰ্তমান তেওঁ বীনাৰ নামৰ জাজ ফিউজন বেণ্ডৰ সদস্য[11] আৰু ইষ্টাৰ্ন ফেয়াৰ, বাংগালুৰুৰ এটা একাউষ্টিক ৰক বেণ্ড।[12] অসমৰ গুৱাহাটীৰ এটি এন্সেম্বল টিউনেটেলাৰ্ছৰ গীটাৰিষ্ট আৰু সংগীত প্ৰযোজক। ২০০৫ চনৰপৰা ২০১৬ চনলৈকে তেওঁ ভুডু চাইল্ড বেণ্ডৰ গীটাৰিষ্ট আৰু কী-ব’ৰ্ডবাদক হিচাপে কাম কৰিছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Eastern Fare Music Foundation – a will to succeed Assam Times
- ↑ Assamese musician launches school in Bangalore Archived 8 October 2012 at the Wayback Machine Oneindia.in
- ↑ Song against sex crimes remembers Delhi girl[usurped], The Telegraph
- ↑ FolkAGeet – Folk-Fusion Band from Assam, India, Music Malt
- ↑ "Rocking cyberspace". The Assam Tribune. 29 December 2009. Archived from the original on 19 February 2012. https://web.archive.org/web/20120219170315/http://www.assamtribune.com/dec1909/horizon.html। আহৰণ কৰা হৈছে: 25 January 2012.
- ↑ Jim Ankan Deka, NH7
- ↑ People from Northeast making a mark in Bangalore, The Indian Express
- ↑ Euphony – with Assamese touch Archived 2012-10-11 at the Wayback Machine Mangalorean.com
- ↑ Jim Ankan Deka – Musician from Assam Archived 26 August 2014 at the Wayback Machine Posoowa.org
- ↑ Assamese Musician Jim Ankan Deka wins Best International Music Video Award, Reviewne.com
- ↑ Veenar at Euphony – an Autumn Serenade Merinews.com
- ↑ Rhythm divine[usurped] The Times of India