জিম অংকন ডেকা
![]() | এই প্ৰবন্ধৰ বিষয়বস্তুৱে সম্ভৱতঃ ৱিকিপিডিয়াৰ সাধাৰণ উল্লেখযোগ্যতাৰ নিৰ্দেশাৱলী মানি চলা নাই। অনুগ্ৰহ কৰি বিষয়টোৰ সম্পৰ্কে বিশ্বাসযোগ্য তথ্য-উৎস সন্নিবিষ্ট কৰি উল্লেখযোগ্যতা সাব্যস্ত কৰাত সহায় কৰক। উল্লেখযোগ্যতা সাব্যস্ত নহ'লে প্ৰবন্ধটো একত্ৰিত, পুনঃনিৰ্দেশ, বা বিলোপ কৰা হ'ব পাৰে। |
জিম অংকন ডেকা | |
---|---|
![]() আই আই টি গুৱাহাটীত জিম অংকন ডেকা | |
প্ৰাথমিক তথ্য | |
জন্মৰ নাম | জিম অংকন ডেকা |
জন্ম | ১ জুন, ১৯৮০ (৪০ বছৰ) গুৱাহাটী, অসম, ভাৰত |
পেচা | গায়ক, গীতিকাৰ, guitarist, keyboardist, music teacher, documentary film maker, photographer, record producer |
বাদ্যযন্ত্ৰ | Vocals, piano, guitar |
কাৰ্যকাল | ১৯৯৮–বৰ্তমান |
ৱেবছাইট | www.withjim.in |
জিম অংকন ডেকা (ইংৰাজী: Jim Ankan Deka, জন্ম: ১ জুন, ১৯৮০) অসমৰ এজন অসমীয়া সংগীতজ্ঞ, তথ্যচিত্ৰ নিৰ্মাতা আৰু লগতে এজন ফটোগ্ৰাফাৰ। ১৯৮০ চনৰ ১ জুনত অসমৰ গুৱাহাটীত জিম অংকন ডেকাৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম ভৱানন্দ ডেকা[উদ্ধৃতিৰ প্ৰয়োজন] আৰু মাতৃৰ নাম নলীনি প্ৰভা ডেকা, এওঁলোক দুয়োজনেই লিখা মেলাৰ যোগেদি অসমীয়া সাহিত্য জগতত সুখ্যাতি অৰ্জন কৰিছে। ১৯৯৬ চনত গুৱাহাটীৰ ডন বস্কো বিদ্যালয়ৰৰ পৰা হাইস্কুল পাছ কৰি পিছলৈ টুৰিজিম মেনেজমেণ্টৰ শিক্ষা লয়। সাগৰ, মন ডোলে, শব্দৰ পৰিচয়, তেৰে বিন নহী লগতা আদি সংগীতসমূহ তেখেতৰ অসমীয়া সংগীত জগতলৈ অন্যতম অৱদান। তেৱেঁই বাংগালোৰত ইষ্টাৰ্ণ ফেয়াৰ মিউজিক ফাউণ্ডেশ্যন নামৰ এখন সংগীত বিদ্যালয় আৰু প্ৰডাকচন হাউছ প্ৰতিষ্ঠা কৰা প্ৰথমজন অসমীয়া।[1][2] শেহতীয়াকৈ তেওঁ "Awaaz - Speak Up Against Sexual Violence" শ্ৰাব্য সঁফুৰাৰ বাবে মুম্বাই ছৰ্ট্ছ ইণ্টাৰনেছনেল ফিল্ম ফেষ্টিভেল আৰু হলিউড ছৰ্ট্ছ ৰিল-১৪ ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ মিউজিক ভিডিঅ'ৰ বঁটা লাভ কৰিছে।[3][4]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Eastern Fare Music Foundation - a will to succeed Assam Times
- ↑ Assamese musician launches school in Bangalore Oneindia.in
- ↑ "Assamese Musician Jim Ankan Deka wins Best International Music Video Award". Assam Foundation-India. http://reviewne.com/assamese-musician-jim-ankan-deka-wins-best-international-music-video-award। আহৰণ কৰা হৈছে: 31 ডিচেম্বৰ 2013.
- ↑ "Hollywood Shorts Reel-2014". Miniboxoffice.com. http://miniboxoffice.com/onlinefilmfestival/news.php?id=MTcy.