সমললৈ যাওক

জিম পাৰছনছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জিম পাৰছনছ
Jim Parsons

২০১৬ চনত পাৰছনছ
জন্ম জেমছ জোচেফ পাৰছনছ
২৪ মাৰ্চ, ১৯৭৩ (৫৩ বছৰ)[1]
হিউষ্টন, টেক্সাছ, আমেৰিকা যুক্তৰাষ্ট্ৰ,
শিক্ষা
  • হিউষ্টন বিশ্ববিদ্যালয় (কলাৰ স্নাতক)
  • ছেন ডিয়েগো বিশ্ববিদ্যালয়(সুকুমাৰ কলাৰ স্নাতকোত্তৰ)
পেচা
  • অভিনয়-শিল্পী
  • প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ১৯৯৩–বৰ্তমানলৈকে
দাম্পত্যসঙ্গী টড স্পিৱেক (বি. ২০১৭)

জেমছ জোচেফ পাৰ্ছনছ (ইংৰাজী: James Joseph Parsons; জন্ম: ২৪ মাৰ্চ, ১৯৭৩) এজন আমেৰিকান অভিনয়শিল্পী। ২০০৭ চনৰ পৰা ২০১৯ চনলৈকে পাৰ্ছনছে চিবিএছৰ চিটকম 'দ্য বিগ বেং থিয়ৰী'ত শ্বেলডন কুপাৰৰ চৰিত্ৰত অভিনয় কৰে।[2][3][4]তেওঁ বিভিন্ন বঁটা লাভ কৰিছে৷ তাৰ ভিতৰত আছে কমেডী ছিৰিজৰ অসামান্য মুখ্য অভিনয়শিল্পীৰ বাবে চাৰিটা প্ৰাইমটাইম এমি বঁটা[5] আৰু টেলিভিছন ছিৰিজৰ মিউজিকেল বা কমেডীৰ শ্ৰেষ্ঠ অভিনেতাৰ বাবে গোল্ডেন গ্ল'ব বঁটা৷ ২০১৫ চনৰ পৰা ২০১৮ চনলৈকে ফৰ্বছে তেওঁক বিশ্বৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা টেলিভিছন অভিনেতা হিচাপে নিৰ্বাচিত কৰে।[6][7][8][9]

লেৰী ক্ৰেমাৰৰ ড্ৰামা দ্য নৰ্মেল হাৰ্ট (২০১১)ত টমী ব’টৰাইটৰ চৰিত্ৰত অভিনয় কৰি পাৰ্ছনছে ব্ৰডৱে থিয়েটাৰত অভিষেক ঘটায়৷ ইয়াৰ পিছত তেওঁ ব্ৰডৱেৰ নাটক হাৰ্ভি (২০১২), এণ এক্ট অৱ গড (২০১৫), দ্য বয়ছ ইন দ্য বেণ্ড (২০১৮), মাদাৰ প্লে (২০২৪), আৰু আৱাৰ টাউন (২০২৪)ত অভিনয় কৰে৷

চলচ্চিত্ৰ জগতত পাৰ্ছনছে হোম (২০১৫) ছবিত মুখ্য চৰিত্ৰৰ কণ্ঠদান কৰিছে৷ ইয়াৰোপৰি তেওঁ হিডেন ফিগাৰছ (২০১৬), এ কিড লাইক জেক (২০১৮), এক্সট্ৰিমলি উইকড, শ্বকিংলি ইভিল এণ্ড ভাইল (২০১৯), দ্য বয়ছ ইন দ্য বেণ্ড (২০১৮) আদি ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰিছে। টেলিভিছনত তেওঁ এইচবিঅ’ৰ ছবি দ্য নৰ্মেল হাৰ্ট (২০১১)ত টমী ব’টৰাইটৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে আৰু নেটফ্লিক্সৰ ধাৰাবাহিক হলিউড (২০২০)ত হেনৰী উইলছনৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে এমি বঁটাৰ বাবে মনোনীত হৈছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Monitor". Entertainment Weekly (1252): 30. March 29, 2013.
  2. Oswald, Brad. "The buzz: Jim Parsons as Sheldon". Winnipeg Free Press. http://www.winnipegfreepress.com/entertainment/the_tab/the_buzz-39481582.html.
  3. Salem, Rob (January 24, 2009). "Nerd herd doing a bang-up job". Toronto Star. https://www.thestar.com/Entertainment/Television/article/575764.
  4. Gilbert, Matthew (February 8, 2009). "Gentle twists on reliable formulas keep viewers hooked". The Boston Globe. https://www.boston.com/ae/tv/articles/2009/02/08/gentle_twists_on_reliable_formulas_keep_viewers_hooked/.
  5. "61st Primetime Emmy Awards | Academy of Television Arts & Sciences". Emmys.tv. Archived from the original on November 14, 2009. https://web.archive.org/web/20091114174651/http://cdn.emmys.tv/awards/2009ptemmys/61stemmys_noms.php আহৰণ কৰা হৈছে: January 30, 2010.
  6. Robehmed, Natalie (October 24, 2018). "Highest-Paid TV Actors 2018: Jim Parsons leads with $26.5 million". Forbes. https://www.forbes.com/sites/natalierobehmed/2018/10/24/highest-paid-tv-actors-2018-jim-parsons-leads-with-26-5-million/?sh=6f6a00acab2b আহৰণ কৰা হৈছে: May 18, 2024.
  7. Berg, Madeline (September 28, 2017). "The world's Highest-Paid TV actors: Jim Parsons leads with $27.5 million". Forbes. https://www.forbes.com/sites/maddieberg/2017/09/28/the-worlds-highest-paid-tv-actors-jim-parsons-leads-with-27-5-million/?sh=6f405cc551a3 আহৰণ কৰা হৈছে: May 18, 2024.
  8. McGrath, Maggie (September 22, 2016). "The World's Highest Paid TV Actors, 2016: Jim Parsons leads with $25 million take". Forbes. https://www.forbes.com/sites/maggiemcgrath/2016/09/22/the-worlds-highest-paid-tv-actors-2016-jim-parsons-leads-with-25-million-take/?sh=6f66ecac7520 আহৰণ কৰা হৈছে: May 18, 2024.
  9. McGrath, Maggie (August 25, 2015). "World's Highest-Paid TV Actors 2015: Jim Parsons leads with $29 million take". Forbes. https://www.forbes.com/sites/maggiemcgrath/2015/08/25/worlds-highest-paid-tv-actors-2015-jim-parsons-leads-with-29-million-take/?sh=6f6a008b208d আহৰণ কৰা হৈছে: May 18, 2024.