সমললৈ যাওক

জিল আব্ৰামছন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জিল আব্ৰামছন

২০১২ চনত আব্ৰামছন
জন্ম জিল এলেন আব্ৰামছন
১৯ মাৰ্চ, ১৯৫৪ (৭২ বছৰ)
নিউয়ৰ্ক চহৰ, আমেৰিকা
শিক্ষা
  • ৰেডক্লিফ কলেজ (বি.এ.))
পেচা
  • সাংবাদিক
  • সম্পাদক
  • লেখক
  • একাডেমিক
সক্ৰিয় হৈ থকা সময় ১৯৭৩–বৰ্তমান
দাম্পত্যসঙ্গী হেনৰী লিটল গ্ৰীগছ তৃতীয় (বি. ১৯৮১)
সন্তান
"দ্য নিউয়ৰ্ক টাইমছ"ৰ কাৰ্যবাহী সম্পাদক
কাৰ্যকাল
ছেপ্টেম্বৰ ২০১১  মে ২০১৪
পূৰ্বসূৰী বিল কেলাৰ
উত্তৰসূৰী ডিন বেকেট

জিল এলেন আব্ৰামছন (ইংৰাজী: Jill Ellen Abramson ; জন্ম: ১৯ মাৰ্চ, ১৯৫৪)[1] এগৰাকী আমেৰিকান লেখিকা, সাংবাদিক আৰু শিক্ষাবিদ। দ্য নিউয়ৰ্ক টাইমছৰ প্ৰাক্তন কাৰ্যবাহী সম্পাদিকা হিচাপে তেওঁ বেছিকৈ পৰিচিত; ২০১১ চনৰ ছেপ্টেম্বৰৰ পৰা ২০১৪ চনৰ মে' মাহলৈকে এই পদত অধিষ্ঠিত আছিল আব্ৰামছনে। কাকতখনৰ ১৬০ বছৰীয়া ইতিহাসৰ প্ৰথমগৰাকী মহিলা কাৰ্যবাহী সম্পাদিকা।[2] ১৯৯৭ চনত আব্ৰামছনে দ্য নিউয়ৰ্ক টাইমছত যোগদান কৰে, কাৰ্যবাহী সম্পাদক হোৱাৰ পূৰ্বে ৱাশ্বিংটন ব্যুৰোৰ মুৰব্বী আৰু পৰিচালন সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পূৰ্বে তেওঁ দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ তদন্তকাৰী সাংবাদিক আৰু উপ ব্যুৰো মুৰব্বী হিচাপে কাম কৰিছিল।[3]

২০১৬ চনৰ মাৰ্চ মাহত তেওঁক গাৰ্ডিয়ান ইউ এছৰ ৰাজনৈতিক স্তম্ভলেখক হিচাপে নিযুক্তি দিয়া হয়।[4] ২০১৯ চনত তেওঁৰ গ্ৰন্থ মাৰ্চেণ্টছ অৱ ট্ৰুথত লেখা-চোৰ কৰা অংশ আৰু অসংখ্য বাস্তৱিক ভুল থকা বুলি ধৰা পৰাৰ পিছত তেওঁৰ ব্যাপক সমালোচনা লাভ কৰে যদিও ড'নাল্ড ট্ৰাম্পে আব্ৰামছনৰ কিতাপখনৰ সত্যতাৰ বাবে প্ৰশংসা কৰিছিল।[5][6]

২০১২ চনত ফৰ্বছৰ আটাইতকৈ শক্তিশালী মহিলাৰ তালিকাত তেওঁ পাঁচ নম্বৰ স্থান লাভ কৰে।[7][8] ইয়াৰ উপৰিও বৈদেশিক নীতিৰ দ্বাৰা তেওঁক বিশ্বৰ ৫০০ শক্তিশালী ব্যক্তিৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হয়।[9]

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

আব্ৰামছনৰ নিউয়ৰ্ক চহৰৰ ইহুদী পৰিয়ালত জন্ম হৈছিল।[10][11] ১৯৭৬ চনত তেওঁ এথিকেল কালচাৰ ফিল্ডষ্টন স্কুলৰ পৰা হাইস্কুলীয়া ডিপ্লমা আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ কলেজৰ পৰা ইতিহাস আৰু সাহিত্যত বি এ ডিগ্ৰী লাভ কৰে।[12]

কৰ্মজীৱন

[সম্পাদনা কৰক]

হাৰ্ভাৰ্ডৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ সময়ত তেওঁ দ্য হাৰ্ভাৰ্ড ইণ্ডিপেণ্ডেণ্টৰ কলা সম্পাদিকা আছিল আৰু ১৯৭৩ চনৰ পৰা ১৯৭৬ চনলৈকে টাইম আলোচনীত কাম কৰিছিল।[13] ১৯৮৬ চনত ৱাশ্বিংটন ডি চিৰ লিগেল টাইমছৰ মুখ্য সম্পাদিকা হিচাপে নিযুক্তি লাভ কৰি দুবছৰ ধৰি কাৰ্যনিৰ্বাহ কৰে। ১৯৮৮ চনৰ পৰা ১৯৯৭ চনলৈকে তেওঁ দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ ৱাশ্বিংটন ব্যুৰোৰ জ্যেষ্ঠ সাংবাদিক হিচাপে কাম কৰিছিল আৰু শেষত ডেপুটি ব্যুৰো মুৰব্বীলৈ উন্নীত হৈছিল। ১৯৯৭ চনত তেওঁ দ্য নিউয়ৰ্ক টাইমছত যোগদান কৰে আৰু ২০০০ চনৰ ডিচেম্বৰ মাহত ইয়াৰ ৱাশ্বিংটন ব্যুৰোৰ মুৰব্বী হয়।[12]

২০০৩ চনৰ বসন্তৰ অশান্ত সময়ছোৱাত, ইৰাক যুদ্ধ আৰু জেছন ব্লেয়াৰ কেলেংকাৰীৰ সময়ত আব্ৰামছন টাইমছৰ ৱাশ্বিংটন ব্যুৰোৰ মুৰব্বী আছিল। ২০১৩ চনৰ ফেব্ৰুৱাৰী মাহত দিয়া এক সাক্ষাৎকাৰত আব্ৰামছনে ডি চি ব্যুৰোৰ মুৰব্বী হিচাপে ৰেইনছৰ সৈতে হোৱা সংঘাতৰ বিষয়ে কয়, "হাউৱেলৰ মোৰ সৈতে আৰম্ভণিৰে পৰা কোনো ব্যৱসায় নাছিল। ... মই চাকৰি এৰি দিয়াৰ কথা ভাবিছিলো।"[14] ৰেইনছৰ উত্তৰাধিকাৰী বিল কেলাৰে আব্ৰামছনক বাতৰি পৰিচালন সম্পাদকৰ পদত (সহ-পৰিচালন সম্পাদক জন এম গেডেছৰ সৈতে) নিযুক্তি দিয়ে।[15]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Abramson, Jill". Current Biography Yearbook 2011. প্ৰকাশক Ipswich, MA: H.W. Wilson. 2011. পৃষ্ঠা. 4–8. ISBN 9780824211219. https://archive.org/details/currentbiography0000unse_z0h6/page/4.
  2. Preston, Peter (June 6, 2011). "Jill Abramson's achievement is historic but Times can't stay stuck in past". The Guardian. https://www.theguardian.com/media/2011/jun/05/jill-abramson-new-york-times-comment আহৰণ কৰা হৈছে: June 6, 2011.
  3. "Jill Abramson". New York Times. http://topics.nytimes.com/top/reference/timestopics/people/a/jill_abramson/index.html.
  4. "Guardian US appoints Jill Abramson as political columnist". Guardian. https://www.theguardian.com/gnm-press-office/2016/mar/28/guardian-us-appoints-jill-abramson-as-political-columnist আহৰণ কৰা হৈছে: October 16, 2016.
  5. "Jill Abramson is accused of plagiarism in the latest scandal surrounding her book release". Vox. https://www.vox.com/culture/2019/2/7/18215477/jill-abramson-plagiarism-controversy-merchants-of-truth আহৰণ কৰা হৈছে: February 8, 2019.
  6. "Trump seizes on ex-NYT editor Jill Abramson's criticism of paper". The Hill. https://thehill.com/homenews/media/424018-trump-seizes-on-ex-nyt-editor-jill-abramsons-criticism-of-paper আহৰণ কৰা হৈছে: February 8, 2019.
  7. Tzvi Ben-Gedalyahu (April 24, 2013). "NY Times Editor Jill Abramson Sparks News Not Fit to Print". The Jewish Press. Archived from the original on September 27, 2013. https://web.archive.org/web/20130927152831/http://www.jewishpress.com/news/ny-times-editor-jill-abramson-sparks-news-not-fit-to-print/2013/04/24/.
  8. Rosenblatt, Gary (May 22, 2019). "With NY Times Under Siege, Jewish Reporters Hit Back". The New York Jewish Week. https://jewishweek.timesofisrael.com/with-times-under-siege-jewish-reporters-hit-back/. ""Abe Rosenthal, Max Frankel, Joe Lelyveld, Jill Abramson — that's four Jewish executive editors" [the top editorial post] in the three decades he was on staff, Berger said, listing the names rapidly and with emotion in his voice."
  9. "The FP Power Map: The 500 most powerful people on the planet.". Foreign Policy. May–June 2013. Archived from the original on October 28, 2013. https://web.archive.org/web/20131028125745/http://www.foreignpolicy.com/articles/2013/04/29/the_500_most_powerful_people_in_the_world.
  10. Tzvi Ben-Gedalyahu (April 24, 2013). "NY Times Editor Jill Abramson Sparks News Not Fit to Print". The Jewish Press. Archived from the original on September 27, 2013. https://web.archive.org/web/20130927152831/http://www.jewishpress.com/news/ny-times-editor-jill-abramson-sparks-news-not-fit-to-print/2013/04/24/.
  11. Rosenblatt, Gary (May 22, 2019). "With NY Times Under Siege, Jewish Reporters Hit Back". The New York Jewish Week. https://jewishweek.timesofisrael.com/with-times-under-siege-jewish-reporters-hit-back/. ""Abe Rosenthal, Max Frankel, Joe Lelyveld, Jill Abramson — that's four Jewish executive editors" [the top editorial post] in the three decades he was on staff, Berger said, listing the names rapidly and with emotion in his voice."
  12. 1 2 Byers, Dylan (June 2, 2011). "Everything You Ever Wanted to Know About Jill Abramson". Adweek. http://www.adweek.com/news/press/everything-you-ever-wanted-know-about-jill-abramson-132195.
  13. "Jill Abramson". The New York Times Company Official Website. Archived from the original on October 25, 2011. https://web.archive.org/web/20111025234956/http://www.nytco.com/company/executives/Jill_Abramson.html আহৰণ কৰা হৈছে: October 29, 2011.
  14. Pompeo, Joe (February 20, 2013). "Times Editor Jill Abramson Opens Up About Layoffs, the Time She Almost Quit and Loneliness at the Top". Capital NY. https://www.politico.com/media/story/2013/02/times-editor-jill-abramson-opens-up-about-layoffs-the-time-she-almost-quit-and-loneliness-at-the-top-001060/ আহৰণ কৰা হৈছে: May 21, 2017.
  15. Steinberg, Jacques (August 1, 2003). "2 Are Appointed at The Times To Managing Editor Positions". The New York Times. https://www.nytimes.com/2003/08/01/us/2-are-appointed-at-the-times-to-managing-editor-positions.html.