জি ডি বিৰলা
| ঘণশ্যাম দাস বিৰলা | |
|---|---|
![]() ১৯৮০ চনৰ ছেপ্তেম্বৰত বিৰলা | |
| জন্ম | ২ এপ্ৰিল, ১৮৯৪ পিলানী, ৰাজপুতনা এজেঞ্চি,বৃটিছ ভাৰত |
| মৃত্যু | ১১ জুন, ১৯৮৩ (৮৯ বছৰ) |
| দাম্পত্যসঙ্গী |
|
| সন্তান | লক্ষ্মী নিবাস বিৰলা কৃষ্ণ কুমাৰ বিৰলা বসন্ত কুমাৰ বিৰলা |

ঘনশ্যাম দাস বিৰলা (ইংৰাজী: Ghanashyam Das Birla; জন্ম ১০ এপ্ৰিল ১৮৯৪ – মৃত্যু ১১ জুন ১৯৮৩) এজন ভাৰতীয় ব্যৱসায়ী আৰু বিৰলা পৰিয়ালৰ সদস্য আছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৮৯৪ চনৰ ১০ এপ্ৰিলত ৰাজপুতনা নামেৰে জনাজাত অঞ্চলৰ ঝুনঝুনু জিলাৰ পিলানী চহৰত মাৰোৱাৰী ৰাজস্থানী সম্প্ৰদায়ৰ পৰিয়ালত ঘনশ্যাম দাস বিৰলাৰ জন্ম হয়।[1] পিতৃ আছিল ৰাজা বলদেৱদাস বিৰলা। ১৮৮৪ চনত বলদেও দাস বিৰলা ব্যৱসায়ৰ নতুন পথৰ সন্ধানত বম্বেলৈ যায়। ১৮৮৪ চনত বম্বেত শিৱ নাৰিয়ান বলদেও দাস আৰু ১৮৯৭ চনত কলিকতাত বলদেও দাস যুগল কিশোৰ নামৰ প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰে। এই প্ৰতিষ্ঠানটোৱে ৰূপ, কপাহ, শস্য আৰু অন্যান্য সামগ্ৰীৰ ব্যৱসায় আৰম্ভ কৰিছিল। তেওঁৰ পিছত ৪ জন পুত্ৰ যুগল কিশোৰ, ৰামেশ্বৰ দাস, ঘনশ্যাম দাস আৰু ব্ৰজ মোহন। চাৰিজন ভাতৃৰ ভিতৰত ঘনশ্যাম দাস আছিল আটাইতকৈ সফল ব্যৱসায়ী।
বিৰলা পৰিয়ালৰ ব্যৱসায়
[সম্পাদনা কৰক]জি ডি বিৰলাই পৰিয়ালৰ ব্যৱসায় উত্তৰাধিকাৰী সূত্ৰে লাভ কৰি অন্যান্য ক্ষেত্ৰত ইয়াক অধিক বৈচিত্ৰ্যমজ় কৰি তুলিবলৈ আগবাঢ়ি যায়। ইয়াৰে ভিতৰত ভাৰতৰ অন্ততঃ তিনিটা সমসাময়িক পাৰিবাৰিক ব্যাৱসায়িক গোটে তেওঁেৰপৰাই নিজৰ বংশৰ সূত্ৰপাত কৰিব পাৰে। এই ব্যৱসায়বোৰৰ ভিতৰত তেওঁ ধন ঋণৰ ব্যৱসায়টোক উৎপাদনলৈ ৰূপান্তৰিত কৰিব বিচাৰিছিল। গতিকে তেওঁ বিশ্বৰ সৰ্ববৃহৎ মৰাপাট উৎপাদনকাৰী অঞ্চল বেংগল প্ৰেচিডেন্সিৰ কলিকতালৈ ৰাওনা হয়। তাতেই তেওঁ স্বাধীনভাৱে মৰপাটৰ দালাল হিচাপে কাম আৰম্ভ কৰে। [2] ১৯১৮ চনত তেওঁ বিৰলা মৰপাট মিল স্থাপন কৰে আৰু এই প্ৰতিষ্ঠানটোৱে ইউৰোপীয় ব্যৱসায়ীসকলতকৈ অধিক উন্নতি কৰিছিল। ব্ৰিটিছ চৰকাৰৰ পক্ষপাতদুষ্ট নীতিয়ে স্থানীয় বাঙালী ব্যৱসায়ীসকলক আমুৱাইছিল। ব্ৰিটিছ আৰু স্কটিছ ব্যৱসায়ীসকলে তেওঁৰ ব্যৱসায় বন্ধ কৰিবলৈ চেষ্টা কৰাৰ লগে লগে তেওঁ কেইবাটাও বাধা অতিক্ৰম কৰিবলগীয়া হৈছিল। কিন্তু তেওঁ অধ্যৱসায় কৰিবলৈ সক্ষম হৈছিল। যেতিয়া প্ৰথম বিশ্বযুদ্ধৰ ফলত সমগ্ৰ ব্ৰিটিছ সাম্ৰাজ্যত যোগানৰ বাধাৰ সৃষ্টি হৈছিল, তেতিয়া বিৰলাৰ ব্যৱসায় আকাশলংঘী হৈছিল।

১৯১৯ চনত ৫ মিলিয়ন ₹ [উদ্ধৃতিৰ প্ৰয়োজন] বিনিয়োগ কৰি বিৰলা ব্ৰাদাৰ্ছ লিমিটেড গঠন কৰা হয়। সেই বছৰতে গোৱালিয়ৰত এটা মিল স্থাপন কৰা হৈছিল।
১৯২৬ চনত তেওঁ ব্ৰিটিছ ভাৰতৰ কেন্দ্ৰীয় বিধানসভালৈ নিৰ্বাচিত হয়। ১৯৩২ চনত মহাত্মা গান্ধীয়ে দিল্লীত প্ৰতিষ্ঠা কৰা হৰিজন সেৱক সংঘৰ প্ৰথম সভাপতি হয়।[3] ১৯৪০ চনত তেওঁ গাড়ীৰ ব্যৱসায়ত খোজ দিয়ে আৰু হিন্দুস্তান মটৰছ প্ৰতিষ্ঠা কৰে। স্বাধীনতাৰ পিছত বিৰলাই পূৰ্বৰ ইউৰোপীয় কোম্পানীসমূহৰ ধাৰাবাহিক অধিগ্ৰহণৰ জৰিয়তে চাহ আৰু বস্ত্ৰশিল্পত বিনিয়োগ কৰে। তেওঁ চিমেণ্ট, ৰাসায়নিক পদাৰ্থ, ৰেয়ন আৰু ষ্টীলৰ নলীতো সম্প্ৰসাৰণ আৰু বৈচিত্ৰ্য সৃষ্টি কৰিছিল। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত ঘনশ্যাম দাস বিৰলাই ভাৰতীয় পুঁজি আৰু পৰিচালনাৰে এটা বাণিজ্যিক বেংক গঠন কৰাৰ ধাৰণাটো কল্পনা কৰিছিল আৰু সেই ধাৰণাটোক গঢ় দিবলৈ ইউনাইটেড কমাৰ্চিয়েল বেংক লিমিটেডক অন্তৰ্ভুক্ত কৰা হৈছিল। ১৯৪৩ চনত কলিকতাত প্ৰতিষ্ঠা হোৱা ইউ চি অ’ বেংক, পূৰ্বতে ইউনাইটেড কমাৰ্চিয়েল বেংক ভাৰতৰ অন্যতম পুৰণি আৰু প্ৰধান বাণিজ্যিক বেংক।
সামাজিক উন্নয়নৰ অংশীদাৰ তথা দানশীল ব্যক্তি হিচাপে
[সম্পাদনা কৰক]নিজৰ গৃহ চহৰৰ আন্তঃগাঁথনি উন্নয়নৰ উদ্দেশ্যে বিৰলাই ১৯৪৩ চনত পিলানীত বিৰলা অভিযান্ত্ৰিক মহাবিদ্যালয় (১৯৬৪ চনত বিৰলা ইনষ্টিটিউট অৱ টেকন’লজি এণ্ড ছায়েন্স নামেৰে পুনৰ নামকৰণ কৰা) আৰু অন্যান্য শিক্ষানুষ্ঠানৰ লগতে ভীৱানিত টেকন’লজিকেল ইনষ্টিটিউট অৱ টেক্সটাইল এণ্ড ছায়েন্স প্ৰতিষ্ঠা কৰে। পিলানি চহৰ আৰু স্থানীয় জনসাধাৰণে এই প্ৰতিষ্ঠানসমূহৰ সৈতে একাত্মভাৱে জড়িত হৈ আছে যাৰ ফলত বিৰলাৰ সপোন বাস্তৱায়িত কৰাৰ দিশত আগবাঢ়িছে। টি আই টি এণ্ড এছৰ বিকাশ ঘটিছিল বস্ত্ৰ ভিত্তিক শিক্ষা আৰু প্ৰশিক্ষণৰ উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে। তদুপৰি ৰাণীখেতৰ জি.ডি.বিৰলা মেম’ৰিয়েল আৱাসিক স্কুল, তেওঁৰ সন্মানত তেওঁৰ পুত্ৰ বি.কে. বিৰলাই স্থাপন কৰিছিল। কল্যাণত থকা দ্যৃ বিৰলা স্কুল তেওঁৰ প্ৰচেষ্টা আৰু কল্যাণ চিটিজেনছ এডুকেশ্যন ছ’চাইটি (কেচিইএছ)ৰ সহযোগত প্ৰতিষ্ঠা কৰা হৈছিল।
১৯৫৭ চনত ভাৰত চৰকাৰে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰে।


বিৰলা আছিল নিৰামিষভোজী। [4] ১৯৮৩ চনৰ ১১ জুনত ৮৯ বছৰ বয়সত লণ্ডনত তেওঁৰ মৃত্যু হয়। লণ্ডনৰ হুপ লেনৰ গোল্ডাৰ্ছ গ্ৰীণ শ্মশানত তেওঁৰ স্মৃতিসৌধ আছে। ইয়াত বাগিছাবোৰৰ ওপৰেৰে চাই থকা এটা ডাঙৰ মূৰ্তি আৰু এটা শিলালিপি আছে।
বংগ দুৰ্ভিক্ষত লোৱা ভূমিকা
[সম্পাদনা কৰক]১৯৪৩ চনৰ বংগ দুৰ্ভিক্ষৰ ফলত ব্ৰিটিছ ভাৰতৰ বংগ অঞ্চলত (বৰ্তমানৰ বাংলাদেশ আৰু পশ্চিম বংগ) প্ৰায় ২০-৩০ লাখ লোকৰ মৃত্যু হৈছিল। শস্যৰ যথেষ্ট নাটনিৰ পৰিৱৰ্তে যুদ্ধকালীন নীতি, অৰ্থনৈতিক অপব্যৱস্থাপনা, খাদ্য বিতৰণৰ বিফলতা আদি কাৰকৰ জটিল আন্তঃক্ৰিয়াৰ বাবেই এই দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল।
এই সংকটৰ সময়ত জি ডি বিৰলাৰ দৰে বিশিষ্ট উদ্যোগপতিসকলে বিতৰ্কিত ভূমিকা পালন কৰিছিল। জনম মুখাৰ্জীৰ 'হাংগ্ৰী বেংগল'ৰ মতে,[5] বিৰলা আৰু বেনথাল আৰু নলিনী ৰঞ্জন সৰকাৰৰ দৰে অন্যান্য উদ্যোগপতিসকলে গ্ৰাম্য বংগৰপৰা বৃহৎ পৰিমাণৰ চাউল মুদ্ৰাস্ফীতি মূল্যত সক্ৰিয়ভাৱে ক্ৰয় কৰিছিল। ইয়াৰ ফলত কলিকতাত তেওঁলোকৰ ঔদ্যোগিক স্বাৰ্থৰ বাবে অবিৰত খাদ্য যোগান নিশ্চিত হৈছিল, আনকি গ্ৰাম্য অঞ্চলৰ লাখ লাখ লোকে অনাহাৰৰ সন্মুখীন হোৱাৰ সময়তো।
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ "Birla, Ghanshyam Das (1894–1983), businessman and politician in India". Oxford Dictionary of National Biography (online ed.). Oxford University Press. doi:10.1093/ref:odnb/52776. (subscription or UK public library membership required)
- ↑ Purie, Aroon; Dubashi, Jay (5 March 2014). "I am not a businessman". India Today. http://indiatoday.intoday.in/story/i-have-been-a-student-all-my-life-g.d.-birla/1/427269.html। আহৰণ কৰা হৈছে: 28 January 2017.
- ↑ Ratna G. Revankar (1971). The Indian Constitution--: A Case Study of Backward Classes. Fairleigh Dickinson Univ Press. পৃষ্ঠা. 124–. ISBN 978-0-8386-7670-7. https://books.google.com/books?id=ukZRZk_ttYcC&pg=PA124.
- ↑ Alter, Joseph S. (1992). The Wrestler's Body: Identity and Ideology in North India. University of California Press. p. 89. আই.এচ.বি.এন. 978-0520076976
