জীউধন কঁহাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

জীউধন কঁহাৰ আছিল অসমৰ এগৰাকী কাঁহ শিল্পী। সৰ্থেবাৰী চৌধুৰী চুপাত জন্ম গ্ৰহণ কৰা এইজন কঁহাৰে এটি কাঠৰ বাঘ তৈয়াৰ কৰি বাঘটোৰ ভিতৰত কাঁহৰ তাল এযোৰ এনেভাবে সংযোগ কৰিছিল যে বাঘটোৰ আগলৈ ঠেলি দিলে ভিতৰৰ তালজোৰ বাজি বাঘৰ মাতৰ দৰে শব্দ কৰি উঠে।[উদ্ধৃতিৰ প্ৰয়োজন] জীউধন কঁহাৰে এই কাঠৰ বাঘটো স্বৰ্গদেউ শিৱসিংহক উপহাৰ দিছিল। স্বৰ্গদেউ শিৱসংহই জীউধন কঁহাৰৰ শিল্প প্ৰতিভাত মোহিত হৈ কঁহাৰক নিস্কৰ মাটি, তাম্ৰপত্ৰ আৰু চৌধুৰী খিতাপ প্ৰদান কৰিছিল।