সমললৈ যাওক

জীনত বেগম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জীনত বেগম
স্থানীয় নাম زینت بيگم
জন্ম শ্বামীম আখতাৰ[1]
১১ নৱেম্বৰ, ১৯৩১
মলেৰকোটলা, পঞ্জাব, বিট্ৰিছ ভাৰত
মৃত্যু ১১ ডিচেম্বৰ, ২০০৭ (৭৬ বছৰ)
লাহোৰ, পঞ্জাব, পাকিস্তান
অন্য নাম কুইন অৱ য়েষ্টাৰইয়াৰ[2]
পেচা
  • নেপথ্য কণ্ঠশিল্পী
  • অভিনেত্ৰী
  • পৰিচালক
সক্ৰিয় হৈ থকা সময় ১৯৪২ – ২০০৭
দাম্পত্যসঙ্গী
  • আব্দুল জব্বৰ (বি. ১৯৪৯; বিচ্ছেদ ১৯৫৫)
  • ছেক্লেইন ৰিজভি
সন্তান


জীনত বেগম (ইংৰাজী: Zeenat Begum; জন্ম: ১১ নৱেম্বৰ ১৯৩১ – ১১ ডিচেম্বৰ ২০০৭) এগৰাকী পাকিস্তানী গায়িকা আছিল।[1] তেওঁ জীনত নামেৰে জনাজাত৷ ছবি আৰু ৰেডিঅ'ত গীত গোৱাৰ বাবে তেওঁক “দ্য কুইন অৱ য়েষ্টাৰইয়াৰ” (The Queen of Yesteryear) নামেৰে জনা গৈছিল।[2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৩১ চনৰ ১১ নৱেম্বৰত ব্ৰিটিছ ভাৰতৰ পঞ্জাৱৰ মলেৰকোটলাত জীনত বেগমৰ জন্ম হৈছিল৷ জন্মতে তেওঁ নাম আছিল শ্বামীম আখতাৰ।[3]

সংগীত জীৱন

[সম্পাদনা কৰক]

জীনত বেগম এগৰাকী বিখ্যাত তৱাইফ আৰু শাস্ত্ৰীয় গায়িকা আছিল।[2][1] ১৯৩৭ চনৰ আশে-পাশে পণ্ডিত অমৰ নাথে তেওঁক আৱিষ্কাৰ কৰে।[1][4] নেপথ্য গায়িকা হিচাপে তেওঁ প্ৰথম ১৯৪২ চনত গোবিন্দ ৰামৰ পঞ্জাবী ছবি মাংতি (১৯৪২)ৰ বাবে গীত গাইছিল আৰু ছবিখনত অভিনেত্ৰী হিচাপেও তেওঁ অভিষেক ঘটায়।[2] এই ছবিখন লাহোৰত নিৰ্মিত প্ৰথমখন সোণালী জয়ন্তী ছবি হিচাপে চিহ্নিত কৰা হৈছিল।[1][5]

তেওঁৰ প্ৰথম হিন্দী ছবি আছিল নিশানী (১৯৪২)।[6] পাঁচি (১৯৪৪), শালিমাৰ (১৯৪৬), শ্বেহৰ ছে দুৰ (১৯৪৬) আৰু দাসী (১৯৪৪)কে ধৰি আন কেইবাখনো উল্লেখযোগ্য ছবিৰ বাবে তেওঁ গীত গাইছিল।[7][8]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

জীনতে আব্দুল জব্বাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়, পিছত ১৯৫৫ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। পিছলৈ ছাকলাইন ৰিজৱীক বিয়া কৰায় আৰু এটা সন্তান জন্ম হয়।

২০০৭ চনৰ ১১ ডিচেম্বৰত পাকিস্তানৰ লাহোৰত তেওঁৰ মৃত্যু হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 "Zeenat Begum profile". cineplot.com website. 2 November 2010. http://cineplot.com/music/zeenat-begum/। আহৰণ কৰা হৈছে: 19 April 2019. 
  2. 2.0 2.1 2.2 2.3 "Mallikas of yesteryear". Himal Southasian. January 14, 2022. https://www.himalmag.com/mallikas-of-yesteryear-music-queens-pakistan-2021. 
  3. "زینت بیگم: فلمی صنعت کی ایک بھولی بسری آواز". ARY News. January 23, 2022. https://urdu.arynews.tv/death-anniversary-zeenat-begum/. 
  4. "Spotlight: World's greatest mums". Dawn News. June 8, 2021. https://www.dawn.com/news/1256664. 
  5. "Mohammad Rafi remembered". Dawn News. February 26, 2022. https://www.dawn.com/news/1572495. 
  6. "Zeenat Begum's Song List – (1942–1951)". Cineplot.com. 21 May 2011. http://cineplot.com/music/zeenat-begums-song-list-1942-1951/। আহৰণ কৰা হৈছে: 19 April 2019. 
  7. "Zeenat Begum". Cineplot.com. http://cineplot.com/zeenat-begum/। আহৰণ কৰা হৈছে: 19 April 2020. 
  8. Cinema Vision India Volume 2. Bombay S. Kak. পৃষ্ঠা. 34.