জীৱেশ্বৰ বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জীবেশ্বৰ বৰুৱাৰ পৰা পুনঃনিৰ্দেশিত)
জীৱেশ্বৰ বৰুৱা
Jibeswar Baruah
জন্ম ১৯০৬
আমোলাপট্টি, শিৱসাগৰ জিলা
মৃত্যু ৩১ জানুৱাৰী, ১৯৬৪
গুৱাহাটী, অসম, ভাৰত
দেশ ভাৰতীয়
পেচা চিত্ৰ আৰু ভাস্কৰ্য্য
বিপ্লৱ আধুনিকতাবাদ

জীৱেশ্বৰ বৰুৱা (১৯০৬–১৯৬৪) এগৰাকী অসমীয়া শিল্পী৷ তেওঁ অসমৰ চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয় (Government College of Art and Crafts) স্থাপন কৰিছিল৷

শৈশৱ[সম্পাদনা কৰক]

জীৱেশ্বৰ বৰুৱাৰ জন্ম হৈছিল শিৱসাগৰৰ আমোলাপট্টিত ১৯০৬ চনত৷ শৈশৱৰে পৰা তেওঁ শিল্পৰ প্ৰতি আকৃষ্ট হৈছিল৷

কৰ্মজীৱন[সম্পাদনা কৰক]

জীৱেশ্বৰ বৰুৱাই পানবজাৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চিত্ৰকলাৰ শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে৷ সেই বিদ্যালয়তে তেওঁ এখন আৰ্ট স্কুল প্ৰতিষ্ঠা কৰে যদিও বিদ্যালয়খনক পূৰ্ণাংগ ৰূপ দিবলৈ সংগ্ৰাম কৰিবলগীয়া হয়৷ পৰৱৰ্ত্তী কালত তেওঁ ফটোগ্ৰাফীৰ ব্যৱসায়ো আৰম্ভ কৰে৷

১৯৪৭ চনত বৰুৱাই পানবজাৰৰ ডন বস্কো বিদ্যালয়ত আৰ্ট স্কুলৰ প্ৰতিষ্ঠা কৰে৷ ১৯৪৮ চনৰ পৰা এই বিদ্যালয়ে অসম চৰকাৰৰ পৰা মাহেকীয়া পুঁজি লাভ কৰিবলৈ সক্ষম হয়৷ [1] ১৯৫৯ চনৰ পৰা এই পুঁজিৰ বৃদ্ধি হয় আৰু লাখটকীয়াত অৱস্থিত ললিত কলা একাডেমীৰ সৈতে একেলগে মাহেকীয়া পুঁজিৰ নিয়মীয়াকৰণ হয়৷ এই ললিত কলা একাডেমীৰ ছেক্ৰেটেৰী হিচাপেও বৰুৱাই কাৰ্য্যনিৰ্বাহ কৰে৷ [1] ১৯৫৮ চনত এই প্ৰতিষ্ঠানে পোনপ্ৰথমবাৰৰ বাবে দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে৷ ইয়াৰ পিছত বৰুৱাৰ তত্বাবধানত ললিত কলা একাডেমীয়ে গুৱাহাটীতো চিত্ৰ প্ৰদৰ্শনি অনুষ্ঠিত কৰে৷

বৰুৱাৰ মৃত্যুৰ পিছত এই ললিত কলা একাদেমী পৃথক হৈ স্বাধীনভাৱে চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয় (Government College of Arts and Crafts, Assam) নামেৰে প্ৰসিদ্ধ হয়৷ বৰ্তমান এই শিক্ষানুষ্ঠানটো গুৱাহাটীৰ বশিষ্ঠত অৱস্থিত৷[1]

মৃত্যু[সম্পাদনা কৰক]

১৯৬৪ চনৰ ৩১ জানুৱাৰীত গুৱাহাটীত জীৱেশ্বৰ বৰুৱাৰ মৃত্যু হয়৷[1]

তথ্য উৎস[সম্পাদনা কৰক]