সমললৈ যাওক

জীয়া-জুৰিৰ ঘাট (উপন্যাস)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জীয়া জুৰিৰ ঘাট (উপন্যাস)ৰ পৰা পুনঃনিৰ্দেশিত)

জীয়া জুৰিৰ ঘাট হৈছে অসমৰ সাহিত্যক, ঔপন্যাসিক চৈয়দ আব্দুল মালিকৰ দ্বাৰা লিখিত এখনি সমাজনিৰ্ভৰ উপন্যাস।[1][2] উপন্যাসখনৰ পটভূমি হৈছে গ্ৰাম্য সমাজৰ এটা সত্য ঘটনাৰ আলমতে প্ৰাণ পাই উঠা উপন্যাস। উপন্যাসখনৰ ৰচনাকাল ১৯৬০ চন।

ঔপন্যাসিকৰ চমু পৰিচিতি

[সম্পাদনা কৰক]

চৈয়দ আব্দুল মালিক (১৯১৯-২০০০) আধুনিক অসমীয়া কথা সাহিত্যৰ ইতিহাসত চৈয়দ আব্দুল মালিকৰ এখন নিগাজি আসন আছে। চৈয়দ আব্দুল মালিক আছিল একাধাৰে ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, কবি, প্ৰবন্ধকাৰ, জীৱনী-ৰসিক, ব্যঙ্গ-ৰসিক। চুটিগল্প ৰচনাৰ ক্ষেত্ৰত তেওঁ ৰুছ দেশৰ এণ্টন চেকভ আৰু ফৰাচী দেশৰ গিদ্ মোপাছাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। নিজৰ বিপুল ৰচনা সম্ভাৰেৰে অসমীয়া সাহিত্যক ধন্য কৰা সাহিত্যিক চৈয়দ আব্দুল মালিকে ষাঠিখনতকৈও অধিক উপন্যাস ৰচনা কৰি থৈ গৈছে। তেখেতৰ উপন্যাস হ'ল - আকাশ অন্য তৰা (১৯৬২), ৰূপতীৰ্থৰ যাত্ৰী (১৯৬৩), ৰজনীগন্ধাৰ চকুলো (১৯৬৪), মোৰ বাবে নুৰুবা তুমি মালতী ফুল (১৯৬৬), আধাৰশিলা (১৯৬০), ত্ৰিশূল (১৯৬৮)।

গ্ৰন্থখনৰ চমু বিৱৰণ

[সম্পাদনা কৰক]

জীয়া জুৰিৰ ঘাট গ্ৰাম্য পটভূমিত ৰচিত সামাজিক উপন্যাস। মুখ্য পুৰুষ চৰিত্ৰ চালেহৰ শাৰীৰিক অসুস্থতা আৰু তাক লৈ তাৰ মনত সৃষ্টি হোৱা বিপৰীতমুখী দ্বন্দ্বই উপন্যাসৰ কাহিনীভাগৰ মূল আকৰ্ষণ বিন্দু।[উদ্ধৃতিৰ প্ৰয়োজন] এই উপন্যাসখনৰ আলোচনাৰ মাজেদি কথাশিল্পী চৈয়দ আব্দুল মালিকৰ বিচাৰধাৰাৰ লগতে তেওঁৰ উপন্যাসৰ ভাষা, বিভিন্ন চৰিত্ৰৰ ভাবনাৰ লগত পৰিচিত হোৱাৰ সুযোগ লাভ কৰিব পাৰি। সমাজৰ প্ৰতি দায়বদ্ধ লেখক হিচাপে মালিকৰ উপন্যাসৰ অন্যতম সুৰ মানৱতাবাদৰ যি প্ৰকাশ এই উপন্যাসত ফুটি উঠিছে, যিয়ে তেওঁ চিত্ৰিত কৰা তেনেই সাধাৰণ চৰিত্ৰকো মহীয়ান কৰিছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. চৈয়দ আব্দুল মালিকৰ অপ্ৰকাশিত ৰচনাৱলী আৰু ডায়েৰী: সম্পাদনা: নিকুমণি হুছেইন; প্ৰথম প্ৰকাশ - জানুৱাৰী, ২০০৮; পাণবজাৰ, গুৱাহাটী -৭৮১০০১
  2. অফুৰন্ত আৰু বিচিত্ৰ সৃষ্টি প্ৰতিভাৰ অধিকাৰী মানুহজন: উপেন্দ্ৰ বৰকটকী; সাতসৰী, দ্বাদশ বছৰ, একাদশ সংখ্যা, জুন ২০১৭
  3. মালিকৰ চমু জীৱনপঞ্জী: অনুৰাধা শৰ্মা পূজাৰী; সাতসৰী, দ্বাদশ বছৰ, একাদশ সংখ্যা; জুন ২০১৭
  4. অসমীয়া উপন্যাসৰ ইতিহাস: ড° গোৱিন্দ প্ৰসাদ শৰ্মা, (পৃষ্ঠা: ৩৬৯-ৰ পৰা ৩৭৬-লৈ), প্ৰকাশক শ্ৰী নগেন শৰ্মা জ্যোতি প্ৰকাশন পানবজাৰ, গুৱাহাটী-৭৮১০০১, প্ৰথম প্ৰকাশ: নৱেম্বৰ, ২০১৪

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Jiya Jurir Ghat – Part 2". Scientia Books. https://scientiabooks.in/product/jiya-jurir-ghat-2/। আহৰণ কৰা হৈছে: ১২ মে' ২০২৫. 
  2. "Jiya Jurir Ghat – Part 3". Scientia Books. https://scientiabooks.in/product/jiya-jurir-ghat-3/। আহৰণ কৰা হৈছে: ১২ মে' ২০২৫.