জীৱিত শিপাৰ দলং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জীৱন্ত শিপাৰ দলংৰ পৰা পুনঃনিৰ্দেশিত)
পূৱ খাচী পাহাৰত জীৱিত শিপাৰ দ্বৈত দলং
পূৱ খাচী পাহাৰত জীৱিত শিপাৰ দ্বৈত দলং (২০১১)
জীৱিত শিপাৰ দলংখন ক্ৰিকছৰ ওপৰত নিৰ্মাণ কৰা হৈছে
স্থপতিবিদ মেঘালয়ৰ লোক
পদাৰ্থ গছৰ জীৱিত শিপা
মুঠ দৈৰ্ঘ্য ৫০ মি
প্ৰস্থ ১.৫ মি
ডিজাইন আয়ুস ৫০০ বছৰ পৰ্যন্ত
স্থানীয় খাছিসকলে গছৰ সজীৱ, নমনীয় ওলমা শিপা ব্যৱহাৰ কৰি কংথং গাঁৱৰ ওচৰত এখন দলঙৰ বাবে নতুন ৰেলিং তৈয়াৰ কৰে।

জীৱিত শিপাৰ দলং (ইংৰাজী: living root bridge) হৈছে জীৱিত উদ্ভিদৰ শিপাৰে গঠিত এক প্ৰকাৰৰ সৰল ওলমি থকা দলং। ভাৰতৰ মেঘালয় ৰাজ্যৰ দক্ষিণ অংশত এনে দলং বেছিকৈ দেখা যায়। শিলচৰ মালভূমিৰ দক্ষিণ অংশৰ পাহাৰীয়া ভূখণ্ডৰ খাচী আৰু জয়ন্তিয়া জনগোষ্ঠীৰ[1] লোকে ৰবৰৰ ডুমুৰ গছৰ ওলমা শিপাৰ সহায়ত (Ficus elastica[2][3]) হাতেৰে তৈয়াৰ কৰে। অধিকাংশ দলং সমুদ্ৰপৃষ্ঠৰ পৰা ৫০ৰ পৰা ১১৫০ মিটাৰ (১৬০ আৰু ৩,৭৭০ ফুট) উচ্চতাত উপগ্ৰীষ্মমণ্ডলীয় আৰ্দ্ৰ বহল পাতৰ অৰণ্যত পোৱা যায়।[4]

যেতিয়ালৈকে এই দলং গঠন হোৱা গছজোপা সুস্থ আৰু সজীৱ হৈ থাকে তেতিয়ালৈকে দলঙৰ শিপাবোৰো স্বাভাৱিকতে ডাঠ হৈ মজবুত হৈ থাকে। গছজোপাৰ গোটেই জীৱনকালত নতুন নতুন শিপা গজি দলংখন অধিক শক্তিশালী কৰি তোলে। পূৰ্ণবয়স্ক গছৰ শিপাৰে গঠিত হ'লে কিছুমান দলঙেৰে ৫০ বা তাতকৈ অধিক লোক পাৰ হ'ব পাৰে আৰু ইয়াৰ আয়ুস কেইবাশ বছৰ হ'ব পাৰে।[5][6] সক্ৰিয় যত্ন অবিহনে বহুতো দলং ব্যৱহাৰ কৰিব নোৱাৰা হৈ পৰিছে।[7] ২০১০ চনলৈকে জীৱিত শিপাৰ দলঙৰ লিখিত নথিভুক্ত পৰিসংখ্যা বিৰল আছিল যদিও ২০১৭ চনত গৱেষকসকলে মুঠ ৭৫খন জীৱিত শিপাৰ দলঙৰ ভূ-অৱস্থান নিৰ্ণয় কৰে।[8]

ভাৰতৰ নাগালেণ্ড ৰাজ্যত,[9] ইণ্ডোনেছিয়াত সুমাট্ৰা দ্বীপৰ জেম্বাটান আকাৰত আৰু জাভাৰ বাণ্টেন প্ৰদেশত বাডুয় লোকসকলেও জীৱন্ত শিপাৰ দলং সৃষ্টি কৰিছে।[10][11]

ইতিহাস[সম্পাদনা কৰক]

জীৱিত উদ্ভিদৰ শিপাৰ এই দলংবোৰ কেতিয়া কেনেকৈ সৃষ্টি হ’ল সেই সম্পৰ্কে খাচী সকলৰ ওচৰত নিৰ্দিষ্ট তথ্য নাই। খাচী পৌৰাণিক কাহিনীত তেওঁলোকৰ পূৰ্বপুৰুষসকল স্বৰ্গ আৰু পৃথিৱীক সংযোগ কৰা জীৱন্ত শিপাৰ জখলাৰে নামি আহিছিল বুলি উল্লেখ আছে।[12] হেনৰী ইউলে, ১৮৪৪ চনৰ জাৰ্নেল অৱ দ্য এছিয়াটিক ছ'চাইটি অৱ বেংগলত ইয়াৰ বিষয়ে বিস্ময় প্ৰকাশ কৰা লিখা তথ্যয়ে হৈছে ঐতিহাসিকভাৱে চেৰাপুঞ্জীৰ উদ্ভিদৰ শিপাৰ দলংসমূহৰ প্ৰাচীনতম লিখিত তথ্য।[2]

সৃষ্টিৰ পদ্ধতি[সম্পাদনা কৰক]

ৰবৰৰ গছৰ নমনীয় শিপাবোৰক কোনো নৈৰ ওপৰেৰে লৈ গৈ পিছত শিপাবোৰ সময়ৰ লগে লগে বৃদ্ধি আৰু শক্তিশালী হ’বলৈ দি মানুহৰ ওজন ধৰি ৰাখিব নোৱাৰালৈকে শিপাৰ দলং গঠন কৰা হয়। কোমল শিপাবোৰ কেতিয়াবা কেতিয়াবা একেলগে বান্ধি বা পেচোৱা হয়, আৰু একত্ৰিত হ’বলৈ ব্যৱস্থা গ্ৰহণ কৰা হয়। যিহেতু ৰবৰৰ গছবোৰে ঠেক ঢাল আৰু শিলৰ পৃষ্ঠত নিজকে ভালদৰে তিষ্ঠাই ৰাখিব পাৰে, সেয়েহে ইয়াৰ শিপাবোৰক নদীৰ পাৰৰ বিপৰীত ফালে ঠাই ল'বলৈ ব্যৱস্থা কৰাটো কঠিন নহয়।[13][14]

কিছুমান শিপাৰ দলঙ বনাবলৈ সম্পূৰ্ণৰূপে ৰবৰৰ গছৰ শিপাবোৰ হাতেৰে হেঁচা মাৰি ধৰি, আৰু মৰাপাট বা আন কোনো প্ৰাকৃতিক বা মানৱসৃষ্ট সামগ্ৰীৰ সহায় অবিহনেই সৃষ্টি কৰা হয়।[15]

সাধাৰণতে উত্তৰ-পূব ভাৰতত প্ৰচুৰ পৰিমাণে পোৱা কাঠ বা বাঁহৰ পৰা তৈয়াৰী ৰছীৰ ওপৰত ৰবৰৰ শিপাবোৰ বান্ধি দিও শিপাৰ দলং গঠন কৰা হয়। এই ক্ষেত্ৰত শিপাবোৰ নষ্ট হ’ব পৰা পদাৰ্থৰ বাহিৰৰ ফালে মেৰিয়াই লোৱা হয়। শিপাৰ দলংখন শক্তিশালী হোৱাৰ লগে লগে বছৰৰ পিছত বছৰ ধৰি এই ৰছীবোৰ বহুবাৰ সলনি কৰা হয়।[15]

আন কিছুমান জীৱন্ত শিপাৰ দলং আৰেকা, তামোল গছৰ ফুটা হৈ থকা অংশৰ মাজেৰে কোমল ৰবৰৰ শিপাবোৰ পাৰহৈ যাবলৈ দিয়া হয়। এনেকৈ ৰবৰ গছৰ নমনীয় শিপাবোৰ তামোল গছৰ ভিতৰ অংশ ফোঁ‌পোলা কৰা অংশৰ মাজেৰে[16][6] যাবলৈ দি নৈৰ সিপাৰে স্থাপন কৰা হয় আৰু যেতিয়ালৈকে শিপাবোৰ সিটো পাৰে সংলগ্ন নহয় তেতিয়ালৈকে এইদৰে শিপাবোৰ আগুৱাই যাবলৈ ব্যৱস্থা লোৱা হয়।[17] এই ব্যৱস্থাই শিপাবোৰক সুৰক্ষা দিয়ে আৰু পচিবলৈ ধৰা এই গা-গছৰ অংশই পুষ্টিকৰ উপাদান প্ৰদান কৰে।[15] এনেকৈ দলঙৰ আকাৰ পোৱা দলংখন স্থিৰ কৰিবলৈ লাঠি, শিল আৰু অন্যান্য বস্তু ব্যৱহাৰ কৰা হয়।[2] এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বলৈ ১৫ বছৰ মান সময় লাগিব পাৰে।[18]

ৰবৰ গছৰ সৰু শিপাবোৰক গতানুগতিক গঠন যেনে ইতিমধ্যে থকা তীখাৰ তাঁৰৰ ওলমি থকা দলঙৰ মাজেৰে লৈও শিপাৰ দলং হোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।[15] এইক্ষেত্ৰত যিহেতু তীখাৰ তাঁৰৰ ওলমি থকা দলং এখন ইতিমধ্যে কাৰ্যক্ষম হৈ আছে, গতিকে শিপাৰ দলং এখন কাৰ্যক্ষম হ’বলৈ লোৱা সময়ৰ দৈৰ্ঘ্যৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত অধিক বহনক্ষম শিপাৰ দলংখন যথেষ্ট শক্তিশালী নোহোৱালৈকে প্ৰচলিত গঠনটো ব্যৱহাৰ কৰিব পাৰি।[15]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Rogers, Patrick A. (2015-09-02). "evenfewergoats: The Undiscovered Living Root Bridges of Meghalaya Part 1: Bridges of The Umngot River Basin". evenfewergoats. http://evenfewergoats.blogspot.com/2015/09/the-undiscovered-living-root-bridges-of.html। আহৰণ কৰা হৈছে: 2015-10-04. 
  2. 2.0 2.1 2.2 Lewin, Brent (November 2012), "India's living Bridges", Reader's Digest Australia: pp. 82–89, archived from the original on 2012-11-16, https://web.archive.org/web/20121116032702/http://www.readersdigest.com.au/indias-living-bridges, আহৰণ কৰা হৈছে: 2023-05-23 
  3. "Living Root Bridge in Laitkynsew India". www.india9.com. http://www.india9.com/i9show/Living-Root-Bridge-48779.htm। আহৰণ কৰা হৈছে: 2010-02-22. 
  4. Ludwig, Ferdinand & Middleton, Wilfrid & Gallenmüller, Friederike & Rogers, Patrick & Speck, Thomas. (2019). Living bridges using aerial roots of ficus elastica – an interdisciplinary perspective. Scientific Reports. 9. 10.1038/s41598-019-48652-w.
  5. Ludwig, Ferdinand; Middleton, Wilfrid; Gallenmüller, Friederike; Rogers, Patrick; Speck, Thomas (2019-08-22). "Living bridges using aerial roots of ficus elastica – an interdisciplinary perspective" (en ভাষাত). Scientific Reports খণ্ড 9 (1): 12226. doi:10.1038/s41598-019-48652-w. ISSN 2045-2322. PMID 31439904. 
  6. 6.0 6.1 Chithra, K.; Krishnan, K. Amritha (2015). Implementing Campus Greening Initiatives. প্ৰকাশক Switzerland: Springer International Publishing. পৃষ্ঠা. 113–124. ISBN 978-3-319-11960-1. 
  7. Middleton, Wilfrid & Habibi, Amin & Shankar, Sanjeev & Ludwig, Ferdinand. (2020). Characterizing Regenerative Aspects of Living Root Bridges. Sustainability. 12. 10.3390/su12083267.
  8. Middleton, Wilfrid; Habibi, Amin; Shankar, Sanjeev; Ludwig, Ferdinand (2020-04-17). "Characterizing Regenerative Aspects of Living Root Bridges". Sustainability খণ্ড 12 (8): 3267. doi:10.3390/su12083267. ISSN 2071-1050. 
  9. "Living Root Bridges of Nagaland India – Nyahnyu Village Mon District | Guy Shachar" (en ভাষাত). guyshachar.com. http://guyshachar.com/en/2016/living-root-bridges-nagaland-india-mon-myahnyu/। আহৰণ কৰা হৈছে: 2017-09-07. 
  10. py6unova (2015-12-13). "Baduy Tribe". Ruby Mangunsong. http://py6unova.livejournal.com/1769.html। আহৰণ কৰা হৈছে: 2017-09-07. 
  11. Grundhauser, Eric, WEST SUMATRA, INDONESIA Jembatan Akar, Atlasobscura, https://www.atlasobscura.com/places/jembatan-akar 
  12. Watson, Julia (2020). Lo-TEK : design by radical indigenism. Wade Davis. প্ৰকাশক Cologne. পৃষ্ঠা. 50. ISBN 978-3-8365-7818-9. OCLC 1130119634. https://www.worldcat.org/oclc/1130119634. 
  13. "Cherrapunjee.com: A Dream Place". Cherrapunjee Holiday Resort. http://www.cherrapunjee.com/index.php?mid=66&pid=66। আহৰণ কৰা হৈছে: 2010-05-07. 
  14. "Living Root Bridge". Online Highways LLC. 2005-10-21. http://www.india9.com/i9show/Living-Root-Bridge-48779.htm। আহৰণ কৰা হৈছে: 2010-05-07. 
  15. 15.0 15.1 15.2 15.3 15.4 "How are Living Root Bridges Made?" (en-US ভাষাত). The Living Root Bridge Project. 2017-05-05. https://livingrootbridges.com/methods-of-creating-living-root-bridges/. 
  16. Vallangi, Neelima. "Indias amazing living root bridges". BBC. http://www.bbc.com/travel/story/20150218-indias-amazing-living-root-bridges?ocid=fbtvl। আহৰণ কৰা হৈছে: 27 August 2015. 
  17. Thomas Vallas (25 May 2017). peer reviewer Luc Courard. "Using nature in architecture Building a living house with mycelium and trees". Frontiers of Architectural Research. http://www.keaipublishing.com/en/journals/frontiers-of-architectural-research/. 
  18. Baker, Russ (6 October 2011). "Re-Envisioning Our Environment". Business Insider. http://www.businessinsider.com/re-envisioning-our-environment-2011-10.