জীৱন-বৃত্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা


জীৱন-বৃত্ত  
লেখক ড০ ভবেন্দ্ৰ নাথ শইকীয়া
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ আত্মজীৱনী
প্ৰকাশক লয়াৰ্ছ বুক ষ্টল
প্ৰকাশ ২০০৩
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৪৩২ (পঞ্চম প্ৰকাশ, জানুৱাৰী ২০১৬, অসম বুক হাইভ)
আই.এচ.বি.এন. 978-93-80247-20-5

জীৱন-বৃত্ত হৈছে অসমীয়া সাহিত্যিক ড০ ভবেন্দ্ৰ নাথ শইকীয়াআত্মজীৱনী। লিখকে ১৯৯৭ চনৰ ডিচেম্বৰ মাহত লিখিবলৈ আৰম্ভ কৰি ১৯৯৯ চনৰ ডিচেম্বৰ মাহত লিখি শেষ কৰা আত্মজীৱনীখন প্ৰথমে প্ৰান্তিক আলোচনীৰ পাতত চৌচল্লিছটা খণ্ডত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল আৰু পৰৱৰ্তী সময়ত লয়াৰ্চ বুক ষ্টলে ২০০৩ চনত গ্ৰন্থ আকাৰে প্ৰকাশ কৰিছিল। লেখকে নিজে উল্লেখ কৰা অনুসৰি আত্মজীৱনী লিখাৰ আৰম্ভণি তেখেত ১৯৯৭ চনৰ ডিচেম্বৰ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউষ্টন নগৰত কৰিছিল। পৰৱৰ্তী ১৯৯৮ চনৰ মাৰ্চ মাহৰ পৰা জুলাই মাহৰ মাজভাগলৈকে গুৱাহাটীত লিখিছিল, আকৌ ১৯৯৮ চনৰ জুলাই মাহৰ শেষ ভাগৰ পৰা ডিচেম্বৰ মাহৰ শেষ ভাগলৈকে কামটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউষ্টনত কৰিছিল আৰু ১৯৯৯ চনৰ জানুৱাৰী মাহৰ পৰা নৱেম্বৰলৈকে এইছোৱা সময়ত তেখেতে কিতাপখন লিখি সম্পূৰ্ণ কৰিছিল। গ্ৰন্থাকাৰে প্ৰকাশিত এই আত্মজীৱনীখন মুঠ ১১টা অধ্যায়ত বিভক্ত কৰা হৈছে। আত্মজীৱনীখনত তেখেতে শৈশৱৰ সময়ৰ পৰা আৰম্ভ কৰি ৰোগাক্ৰান্ত হৈ জীৱনৰ শেষ মুহূৰ্তলৈকে অৰ্জন কৰা অনেক অভিজ্ঞতা-উপলব্ধিৰ বৰ্ণনা কৰিছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

ভবেন্দ্ৰ নাথ শইকীয়া। জীৱন-বৃত্ত। অসম বুক হাইভ, গুৱাহাটী। পঞ্চম প্ৰকাশ, জানুৱাৰী ২০১৬।