৭ জুন
(জুন ৭ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation
Jump to search
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ||||||
২০১৯ |
৭ জুন (ইংৰাজী: 7 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৮তম (অধিবৰ্ষত ১৫৯তম) দিন। বছৰ শেষ হ'বলৈ ২০৭ দিন বাকী থাকে।
জন্ম[সম্পাদনা কৰক]
- লিবিয়াৰ ইজৰাইল-বিৰোধী আন্দোলনৰ নেতা ‘‘মোৱাম্মাৰ মহম্মদ আবু মিনয়াৰ আল-গাড্ডাফি’’ৰ জন্ম হৈছিল ১৯৪২ চনৰ আজিৰ দিনটোতেই ৷
- এজন দুঃসাহসী ব্ৰিটিছ অভিযাত্ৰী, লিখক আৰু দূৰদৰ্শন উপস্থাপক ‘‘এডৱাৰ্ড মাইকেল বিয়েৰ গ্ৰিলচ্’’ৰ জন্ম হৈছিল ১৯৭৪ চনৰ আজিৰ দিনটোতেই ৷
- বৰপেটা সত্ৰৰ দ্বিতীয় গৰাকী সত্ৰাধিকাৰ ‘‘মথুৰা দাস বুঢ়া আতা’’ই পৃথিৱীৰ প্ৰথম পোহৰ দেখিছিল ১৪৯০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ৷ তেখেতৰ আদি নাম আছিল গোপাল তাঁতী ৷
মৃত্যু[সম্পাদনা কৰক]
- এগৰাকী আগশাৰীৰ অসমীয়া কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাৰ মৃত্যু হৈছিল ১৯৮৬ বৰ্ষৰ আজিৰ দিনটোতেই ৷
- অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক, একেধাৰে কবি, গীতকাৰ তথা নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাদেৱে ইহলীলা সম্বৰণ কৰিছিল ১৯৬৪ বৰ্ষৰ আজিৰ দিনটোতেই ৷
- অসমৰ এজন লেখক, সংস্কৃত পণ্ডিত আৰু শিক্ষাবিদ কৃষ্ণকান্ত সন্দিকৈদেৱৰ বিয়োগ হৈছিল ১৯৮২ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ৷
- ২০০০ চনৰ আজিৰ দিনটোতে সংবাদ জগতৰ আলোড়ন সৃষ্টিকাৰী বৰ্ষীয়ান সাংবাদিক ৰবীন বৰুৱাৰ মৃত্যু হয় ।
- এগৰাকী ইংৰাজ গণিতজ্ঞ, তৰ্কবিজ্ঞানী, সংকেতবিশ্লেষক আৰু কম্পিউটাৰ বিজ্ঞানী ‘‘এলান মেথিছন ট্যুৰিং’’ৰ মৃত্যু হৈছিল ১৯৫৪ বৰ্ষৰ আজিৰ দিনটোতেই ৷
অনান্য[সম্পাদনা কৰক]
- শৰাইঘাট দলং অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰে'লপথযুক্ত দলং। ১৯৬৩ চনৰ আজিৰ দিনটোতেই সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে এই দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰিছিল ৷
- ১৯৭২ চনৰ আজিৰ দিনটোতে অসম বিধানসভাৰ অধিৱেশনত শ্বিলংৰপৰা অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয়।
- ভাৰতৰ বনাঞ্চল, জলভাগ আৰু হিম অঞ্চল অধ্যয়ন কৰাৰ বাবে ৰাছিয়াৰ চিয়েৰ্ছ লেকৰ পৰা ভাৰতৰ নিজা প্ৰযুক্তিৰ দ্বিতীয় উপগ্ৰহ ভাস্কৰ -১ প্ৰেক্ষপণ কৰে ১৯৭৯ চনৰ আজিৰ দিনটোতে । ইয়াৰ ওজন আছিল ৪৪৪ কিঃগ্ৰাঃ।
|