জুপিতৰা ভূঞা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জুপিতৰা ভুঞাৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
জুপিতৰা ভূঞা
জন্ম ১০ অক্টোবৰ, ১৯৮৩
গুৱাহাটী, অসম, ভাৰত
পেচা অভিনেতা, ঘোষিকা
সক্ৰিয় হৈ থকা সময় ১৯৯৭–বতৰ্মানলৈ

জুপিতৰা ভূঞা এগৰাকী অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী। জুপিতৰাই কেইবাখনো অসমীয়া বোলছবিত লগতে বিভিন্ন বিহুৰ ভিডিঅ' ছবিত অভিনয় কৰিছে। তেখেতে অসমৰ ভ্ৰাম্যমান থিয়েটাৰ দল কহিনুৰ থিয়েটাৰতো মুখ্য অভিনেত্ৰীৰ হিচাপে কাম কৰিছিল। অভিনয়ৰ লগতে জুপিতৰাই বিভিন্ন অনুষ্ঠানত ঘোষিকাৰ ভূমিকা পালন কৰিছে।

জন্ম[সম্পাদনা কৰক]

জুপিতৰা ভূঞাই অসমৰ ৰাজধানী নগৰ গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল।

শিক্ষা[সম্পাদনা কৰক]

জুপিতৰা ভূঞাই গুৱাহাটীৰ তাৰিণী চৰণ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা পাছ কৰি সন্ধিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰে ।

অভিনীত চলচ্চিত্ৰ[সম্পাদনা কৰক]

সময় (চন) ছবিৰ নাম অভিনীত চৰিত্ৰ অন্যান্য
১৯৯৭ হিয়াৰ দাপোণত তোমাৰে ছবি জুপিতৰাৰ প্ৰথম চলচ্চিত্ৰ
২০১১ তোমাৰ খবৰ
২০১৩ তুমি যদি কোৱা ছবিখন পৰিচালনা কৰিছে চিম্পল গগৈয়ে (প্ৰথম পৰিচালনা ছবি)
২০১৩ অজেয় হাচিনা উক্ত ছবি খনৰ হাচিনা চৰিত্ৰটিৰ বাবে জুপিতৰা ভুঞা ২০১৪ চনৰ প্ৰাগ চিনে এৱাৰ্ডত শীৰ্ষ অভিনেত্ৰী শিতানৰ অধিকাৰী হৈছে
২০১৪ অথেলো টিনা

বাহ্যিক সংযোগ[সম্পাদনা কৰক]