সমললৈ যাওক

জুবান বুকচ্

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুবান বুকচ্
চিত্ৰ:Zubaan logo.jpg
পূৰ্বৰ সংস্থা/কোম্পানী কালি ফৰ উইমেন
স্থিতি সক্ৰিয়
স্থাপিত 2003
প্ৰতিষ্ঠাপক উৰ্বশী বুটালিয়া
দেশ  ভাৰত
বিতৰণ পেংগুইন ৰেণ্ডম হাউচ ইণ্ডিয়া (ভাৰত বাণিজ্য)
কেম্ব্ৰিজ ইউনিভাৰ্চিটি প্ৰেছ (ভাৰত একাডেমিক)
ইউনিভাৰ্চিটি অৱ চিকাগো প্ৰেছ (আন্তঃৰাষ্ট্ৰীয় ছপা)
ডাইভাৰচন বুক (আন্তঃৰাষ্ট্ৰীয় ই-বুক)[1]
Nonfiction topics সংঘাত অধ্যয়ন, স্বাস্থ্য, মানৱ অধিকাৰ, লিংগ ন্যায়, ইতিহাস, সাংস্কৃতিক অধ্যয়ন, আৰু নাৰীবাদী আৰু বিচিত্ৰ তত্ত্ব
কল্প-কাহিনীৰ প্ৰকাৰ অনেক
Imprints Many
আনুষ্ঠানিক ৱেবছাইট www.zubaanbooks.com

জুবান বুকচ্ ২০০৩ চনত স্থাপন কৰা ভাৰতৰ দ্বিতীয়টো নাৰীবাদী প্ৰকাশন সংস্থা।[2][3][4] ই নতুন দিল্লীত অৱস্থিত আৰু দক্ষিণ এছিয়াৰ মহিলাসকলৰ বাবে, মহিলাসকলৰদ্বাৰা আৰু তেওঁলোকৰ বিষয়ে কল্পকাহিনী, অকল্পকাহিনী, শৈক্ষিক আৰু শিশুৰ কিতাপ প্ৰকাশ কৰে।[5]উৰ্বশী বুটালিয়াই ইয়াক প্ৰতিষ্ঠা কৰিছিল আৰু ই মহিলাৰ বাবে কালি(কালি=চিঞাহী)ৰ ছাপ।[6]

১৯৮৪ চনত উৰ্বশী বুটালিয়া আৰু ঋতু মেননে ভাৰতৰ প্ৰথম নাৰীবাদী প্ৰকাশন প্ৰতিষ্ঠান কালি ফৰ উইমেন প্ৰতিষ্ঠা কৰে। ইয়াৰ উদ্দেশ্য আছিল আন্তঃৰাষ্ট্ৰীয় মানদণ্ড পূৰণ কৰা মানসম্পন্ন কাম প্ৰকাশ কৰা। কেইবাবছৰো কাম কৰাৰ পিছত ই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক গুৰুত্বপূৰ্ণ প্ৰকাশন প্ৰতিষ্ঠানত পৰিণত হৈছে।[4] কালি ফৰ উইমেনৰ উত্তৰাধিকাৰী হিচাপে উৰ্বশী বুটালিয়াই ২০০৪ চনত জুবান প্ৰতিষ্ঠা কৰে।[উদ্ধৃতিৰ প্ৰয়োজন] ২০১১ চনত ভাৰত চৰকাৰে জাতিলৈ আগবঢ়োৱা অৱদানৰ বাবে উৰ্বশী বুটালিয়া আৰু ৰিতু মেননক যৌথভাৱে পদ্মশ্ৰী বঁটা প্ৰদান কৰে।[7]

২০২০ চনত ক'ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত জুবানে তেওঁলোকৰ সমগ্ৰ সংগ্ৰহৰ পিডিএফ তৈয়াৰ কৰাৰ কাম কৰিছিল, ২০২০ চনৰ আগষ্ট মাহত তেওঁলোকৰ ই-বুকষ্ট'ৰ মুকলি কৰিছিল।[8] তেওঁলোকে ক'ভিড-১৯ৰ প্ৰভাৱৰ ওপৰত অধিৱেশনকে ধৰি জুমৰ ওপৰত সভা আৰু আলোচনাৰ আয়োজন কৰিছিল।[8] তেওঁলোকৰ ভাৰ্চুৱেল ফটো প্ৰদৰ্শনী, লেখাৰ কৰ্মশালা আদিও আছিল।[8]

জুবানৰ অৰ্থ

[সম্পাদনা কৰক]

'জুবান' শব্দটো হিন্দুস্তানীৰপৰা আহিছে আৰু ইয়াৰ আক্ষৰিক অৰ্থ হ’ল, জিভা, কিন্তু ইয়াৰ আন বহুতো অৰ্থ আছে, যেনে কণ্ঠ, ভাষা, বাক্য আৰু উপভাষা।[9]

ধাৰা আৰু ছাপ

[সম্পাদনা কৰক]

জুবানৰ হাতত লিংগৰ বিষয়সমূহ পৰীক্ষা কৰা একাডেমিক কিতাপৰ যথেষ্ট তালিকা আছে। ইয়াত মহিলাৰ আত্মজীৱনীৰ তালিকা ক্ৰমাৎ বৃদ্ধি পাইছে, ইয়াৰে আটাইতকৈ পৰিচিত হৈছে বেবী হালদাৰৰ এ লাইফ লেছ অৰ্ডিনেৰী। বহল ভিত্তিক জনপ্ৰিয় গ্ৰন্থ প্ৰকাশৰ পদক্ষেপৰ অংশ হিচাপে জুবানে নিয়মিতভাৱে মহিলা লেখিকাৰ কল্পকাহিনী প্ৰকাশ কৰে। সাহিত্যিক কল্পকাহিনীৰপৰা আৰম্ভ কৰি কল্পবিজ্ঞানলৈকে জল্পনা-কল্পনাৰ কল্পকাহিনীলৈকে ধাৰাসমূহ। ইয়ং জুবানৰ ছাপৰ অধীনত ৬ৰপৰা ১৮ বছৰ বয়সৰ বাবে ৰিডেল অৱ দ্য চেভেনথ ষ্টোনৰ দৰে কিতাপকে ধৰি কল্পকাহিনীৰ তালিকাও বৃদ্ধি পাইছে।[3]

জুবানে সাধাৰণ গ্ৰন্থও প্ৰকাশ কৰে:কল্পকাহিনীৰ লগতে অকল্পকাহিনী যিয়ে সংঘাত অধ্যয়ন, স্বাস্থ্য, মানৱ অধিকাৰ, লিংগ ন্যায়, ইতিহাস, সাংস্কৃতিক অধ্যয়ন, আৰু নাৰীবাদী আৰু বিচিত্ৰ তত্ত্বৰ দৰে বিষয়-বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰে।[5]

প্ৰকাশন প্ৰতিষ্ঠানটোৱে ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ মহিলা লেখিকাসকলৰ লেখাসমূহ প্ৰচাৰৰ বাবেও প্ৰচেষ্টা চলাইছে, যেনে, সংকলন, চেণ্টাৰপিছ:উত্তৰ-পূৱ ভাৰতৰপৰা নতুন লেখা আৰু কলা, য'ত উত্তৰ-পূব অঞ্চলৰ ভিতৰত ২১ গৰাকী শিল্পী আৰু সাহিত্যিকক সন্নিৱিষ্ট কৰা হৈছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Distribution | Zubaan". http://zubaanbooks.com/distribution/ আহৰণ কৰা হৈছে: 2018-02-12.
  2. Smruti Koppikar (16 August 2013). "Noted feminist to step down as director of Zubaa". Hindustan Times. Archived from the original on 11 July 2014. https://web.archive.org/web/20140711174711/http://www.hindustantimes.com/india-news/mumbai/noted-feminist-to-step-down-as-director-of-zubaan/article1-1108480.aspx.
  3. 1 2 Ghoshal, Somak (January 20, 2019). "Urvashi Butalia | I want to prove that feminist publishing can survive commercially". Live Mint. https://www.livemint.com/Companies/595QfElEltDLfuvgNqTiOI/Urvashi-Butalia--I-want-to-prove-that-feminist-publishing-c.html.
  4. 1 2 "A Note from Zubaan Books". sacw.net. Archived from the original on 6 March 2014. https://web.archive.org/web/20140306105031/http://www.sacw.net/new/zubaan092003.html আহৰণ কৰা হৈছে: 20 October 2014.
  5. 1 2 "World Book Day: Here Are Five Independent Publishers Making A Mark In India". Outlook India. 29 April 2022. https://www.outlookindia.com/culture-society/world-book-day-here-are-five-independent-publishers-making-a-mark-in-india-news-192878 আহৰণ কৰা হৈছে: October 25, 2023.
  6. Bahuguna, Urvashi (2017-07-22). "What winning the Goethe Medal means for feminist publisher Urvashi Butalia" (en-US ভাষাত). Scroll.in. https://scroll.in/article/843928/what-winning-the-goethe-medal-means-for-feminist-publisher-urvashi-butalia আহৰণ কৰা হৈছে: 2023-10-26.
  7. "Padma Awards Announced" (Press release). Ministry of Home Affairs. 25 January 2011. http://www.pib.nic.in/newsite/erelease.aspx?relid=69364 আহৰণ কৰা হৈছে: 16 August 2013.
  8. 1 2 3 Zubaan, Urvashi Butalia and Team. "2021, The Year That Was: How Zubaan Books learnt to get back on its feet" (en ভাষাত). thepunchmagazine.com/. https://thepunchmagazine.com/the-byword/non-fiction/2021-the-year-that-was-how-zubaan-books-learnt-to-get-back-on-its-feet আহৰণ কৰা হৈছে: 2023-10-25.
  9. "ज़बान" (en ভাষাত), Wiktionary, the free dictionary, 2023-08-19, https://en.wiktionary.org/w/index.php?title=%E0%A4%9C%E0%A4%BC%E0%A4%AC%E0%A4%BE%E0%A4%A8&oldid=75705922, আহৰণ কৰা হৈছে: 2023-10-25