জুবিন (শব্দ)
অৱয়ব
(জুবিনৰ পৰা পুনঃনিৰ্দেশিত)
| লিংগ | পুং লিংগ |
|---|---|
| মূল | |
| শব্দ/নাম | ফাৰ্চী |
| অৰ্থ | "আকাশ স্পৰ্শ কৰা মানুহজন" বা চুটি যাঠী |
| উৎপত্তিৰ অঞ্চল | ইৰান |
| অন্যান্য নাম | |
| সম্পৰ্কিত নাম | চুবিন, জৌবিন, জুবীন, ঝুবিন |
জুবিন (ইংৰাজী: Zubin, ফাৰ্চী: زوبین) হৈছে ফাৰ্চী পুৰুষসকলৰ এটি প্ৰদত্ত নাম। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে "আকাশ স্পৰ্শ কৰা বস্তু" আৰু সাধাৰণতে ফাৰ্চী ভাষাত এই শব্দটোৰে একপ্ৰকাৰৰ চুটি যাঠী (Spear)কো বুজোৱা হয়।[1][2] ফাৰ্চী পৌৰাণিক কাহিনীত জুবিন (তেওঁক: জুপিন, ঝুবিন, জুপিন বুলিও কোৱা হয়) আছিল সাহস আৰু সামৰিক আদেশৰ বাবে বিখ্যাত এজন কিংবদন্তিমূলক ফাৰ্চী যোদ্ধা, যাৰ অৰ্থ আছিল "আকাশ স্পৰ্শ কৰা ব্যক্তি।" জুবিনৰ অৰ্থ আছিল "অস্ত্ৰ"ও, সাধাৰণতে ইয়াৰ অৰ্থ আছিল "শত্ৰুৰ সেনাপতিক হত্যা কৰিবলৈ নিক্ষেপ কৰা চুটি যাঠী। নামটোৰ ভিন্নতাসমূহৰ ভিতৰত চুবিন ( چوبین), জৌবিন (ژوبین), জুবিন, জুবীন, আৰু ঝুবিন আদি উল্লেখযোগ্য।[2]
প্ৰদত্ত নাম
[সম্পাদনা কৰক]- জুবিন মেহতা (জন্ম ১৯৩৬), ভাৰতীয় পৰিচালক
- জুবিন ভাৰ্লা (জন্ম ১৯৭০), ব্ৰিটিছ অভিনেতা আৰু গায়ক
- জুবিন ডামানিয়া (জন্ম ১৯৭৩), আমেৰিকীয় চিকিৎসক, হাস্যৰসাভিনেতা, ইণ্টাৰনেট ব্যক্তিত্ব, সংগীতজ্ঞ, আৰু টাৰ্ণটেবল হেল্থৰ প্ৰতিষ্থাপক।
- জুবিন গাৰ্গ (১৯৭২-২০২৫), ভাৰতীয় সংগীত শিল্পী আৰু অভিনেতা
- জুবিন নৌটিয়াল (জন্ম ১৯৮৯), ভাৰতীয় গায়ক
- জুবিন সুৰকাৰী (জন্ম ১৯৮০), কানাডাৰ ক্ৰিকেটাৰ
- জুবিন সেড্ঘী (জন্ম ১৯৮৪), পাৰ্চী-আমেৰিকীয় স্নায়ুবিজ্ঞানী আৰু বেছিষ্ট
উপাধি
[সম্পাদনা কৰক]- এমিল জুবিন (জন্ম ১৯৭৭), স্লোভেনিয়াৰ ফুটবলাৰ
- জোচেফ জুবিন (১৯০০– ১৯৯০) আমেৰিকান মনোবিজ্ঞানী
স্থানৰ নাম
[সম্পাদনা কৰক]- উত্তৰ ক’ছ’ভ’ৰ জুবিন প’টক
বঁটা
[সম্পাদনা কৰক]- জোচেফ জুবিন বঁটা
সংস্থা
[সম্পাদনা কৰক]- জুবিন ফাউণ্ডেচন
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Richardson, John (1777) (en ভাষাত). A Dictionary, Persian, Arabic, and English. Clarendon Press. পৃষ্ঠা. 975. https://books.google.com/books?id=Jj5pAAAAcAAJ&pg=PA975। আহৰণ কৰা হৈছে: 13 September 2018.
- ↑ 2.0 2.1 Behind the name
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত জুবিন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Persian language reference Archived 2006-07-16 at the Wayback Machine