সমললৈ যাওক

জুবেইদা খানুম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুবেইদা খানুম
زبیدہ خانم
জন্ম ১৯৩৫[1]
অমৃতসৰ, পঞ্জাব, বিট্ৰিছ ভাৰত
মৃত্যুৰ তাৰিখ ১৯ অক্টোবৰ ২০১৩ (৭৮ বছৰ)[1][2]
লাহোৰ, পঞ্জাব, পাকিস্তান
সংগীতৰ ধৰণ গজল, লোক-সংগীত
পেচা নেপথ্য কণ্ঠশিল্পী
সক্ৰিয়তাৰ বছৰ ১৯৫১–১৯৬০

জুবেইদা খানুম (১৯৩৫ – ১৯ অক্টোবৰ ২০১৩) এগৰাকী পাকিস্তানী নেপথ্য কণ্ঠশিল্পী তথা লোক গায়িকা৷ ১৯৫০ চনৰ পৰা ১৯৬০ চনলৈ পাকিস্তানী চলচ্চিত্ৰ সংগীতৰ সোণালী যুগত তেওঁ ২৫০ খনতকৈও অধিক চলচ্চিত্ৰৰ গীতত কণ্ঠদান কৰিছিল।[1][2] চলচ্চিত্ৰ সংগীতৰ বৈশিষ্ট্যপূৰ্ণ অভিনেত্ৰীসকলক কণ্ঠদান কৰাৰ বাবে তেওঁক হলিউডৰ মাৰ্নি নিক্সনৰ সমতুল্য পাকিস্তানী গায়িকা বুলি গণ্য কৰা হৈছিল।[3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৫৩ চনত জুবেইদা খানুমে শ্বেহৰী বাবু ছবিত গায়িকা হিচাপে অভিষেক ঘটায়৷ ছবিখনত তেওঁ গোৱা বহুকেইটা গীতে জনপ্ৰিয়তা অৰ্জন কৰিছিল।[4] জুবেইদাই পাতয় খান (১৯৫৫), দুল্লা ভট্টি (১৯৫৬)[5] আদি কেইবাখনো ছবিত সহযোগী অভিনেত্ৰী হিচাপেও অভিনয় কৰিছিল।[6] ১৯৫০ চনত পঞ্জাবী আৰু উৰ্দু ছবিৰ আটাইতকৈ সুৰীয়া চলচ্চিত্ৰ নেপথ্য গায়িকা হিচাপে তেওঁ নাম অৰ্জন কৰে।[7] তেওঁ প্ৰধানকৈ একক গীত গাইছিল যদিও অন্যান্য গায়কৰ সৈতে দ্বৈত গীতো গাইছিল৷ বিশেষকৈ তেওঁ আৰু আহমেদ ৰুছদিৰ যুটিয়ে ১৯৫০ চনৰ সময়ছোৱাত অসংখ্য জনপ্ৰিয় গীত গোৱাৰ বাবে বিপুল জনপ্ৰশংসা লাভ কৰিছিল।[8][4]

কৰ্মজীৱনত তেওঁ কেৱল ৮ বছৰহে সক্ৰিয় আছিল যদিও তেওঁৰ বাস্তৱিক কণ্ঠ আৰু জনপ্ৰিয় চলচ্চিত্ৰ গীতসমূহে পাকিস্তানৰ চলচ্চিত্ৰ উদ্যোগৰ সোণালী সময়ছোৱাৰ স্মৃতি হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁৰ কেৰিয়াৰৰ সময়ছোৱাত ৩০০ৰো অধিক চলচ্চিত্ৰ গীত বাণীবদ্ধ কৰিছিল।[1][4]

গুলাম আহমেদ চিষ্টি, ৰছিদ আত্ৰে, ছাফদাৰ হুছেইন, চেলিম ইকবাল, খোৱাজা খুৰ্ছিদ আনোৱাৰ আৰু এ হামিদকে ধৰি সেই সময়ৰ সকলো বিখ্যাত চলচ্চিত্ৰ সংগীত পৰিচালকৰ সৈতে তেওঁ কাম কৰিছিল।[4]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

১৯৩৫ চনত ব্ৰিটিছ ভাৰতৰ অমৃতসৰত এক মুছলমান পৰিয়ালত জুবেইদাৰ জন্ম হৈছিল৷ ১৯৪৭ চনত স্বাধীনতাৰ পিছত এই পৰিয়ালটোৱে লাহোৰলৈ প্ৰব্ৰজন কৰে।

২০১৩ চনৰ ১৯ ​​অক্টোবৰত ৭৮ বছৰ বয়সত লাহোৰৰ নিজা ঘৰত হৃদযন্ত্ৰ বন্ধ হৈ জুবেইদা খানুমৰ মৃত্যু হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]