১৫ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জুলাই ১৫ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

১৫ জুলাই (ইংৰাজী15 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯৬তম (অধিবৰ্ষত ১৯৭তম) দিন। বছৰ শেষ হ'বলৈ ১৬৯ দিন বাকী থাকে।

জন্ম[সম্পাদনা কৰক]

  1. ১৯০৩ চনৰ এই দিনটোতে বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা জাতীয় কংগ্ৰেছৰ সভাপতি কুমাৰস্বামী কামৰাজৰ মাদ্ৰাজত জন্ম হয় ।
  2. ১৯৩৩ চনৰ এই দিনটোতে ভাৰতীয় সাহিত্যিক এম ভি বাসুদেৱন নায়াৰৰ জন্ম হয় ।

মৃত্যু[সম্পাদনা কৰক]

  1. ১৯১৯ চনৰ এই দিনটোতে নোবেল বিজয়ী জাৰ্মান ৰসায়নবিদ হেৰমন ইমিল ফিচাৰৰ মৃত্যু হয় । হেৰমানে ১৯০২ চনত ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
  2. ১৯৭৭ চনৰ এই দিনটোতে 'দ্য আছাম ট্ৰিবিউন' বাতৰি কাকত গোষ্ঠীৰ জন্মদাতা, 'দৈনিক অসম' আৰু সাপ্তাহিক 'অসম বাণী' প্ৰতিষ্ঠাতা, এগৰাকী ক্ৰীড়া সংগঠক ৰাধা গোবিন্দ বৰুৱাৰ মৃত্যু হৈছিল ৷

অনান্য[সম্পাদনা কৰক]

  1. ১৮১৫ চনৰ এই দিনটোতে ৱাটাৰ্লুপ যুদ্ধত পৰাজয়ৰ পিছত নেপোলিয়ন বোনাপাৰ্টএ বিখ্যাত নেপোলিয়ন যুদ্ধত বেলেৰফনৰ ওচৰত আত্মসমৰ্পণ কৰে ।
  2. ১৯৫৫ চনৰ এইদিনটোত ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুলৈ ভাৰতৰত্ন সন্মান ঘোষণা কৰা হয়।
  3. ১৯৬৫ চনৰ এই দিনটোতে মানৱহীন মহাকাশযান মেৰিণাৰ—৪ য়ে মঙ্গলগ্ৰহৰ ১২,০০০ কিঃমিঃ কাষেৰে ভ্ৰমণ কৰিছিল ৷
  4. ১৯৭৫ চনৰ এইদিনটোত আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ যুগ্ম মহাকাশ অভিযান এপল-ছয়ুজে বিস্ময়কৰ, অভুতপূৰ্ব সাফল্য লাভ কৰে।
  5. ১৯৭৯ চনৰ এই দিনটোতে মোৰাৰজী দেশাইএ ভাৰতৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল ৷
  6. ১৯৭৫ চনৰ এই দিনটোতে ভাৰতীয় সময় মতে আবেলি ৫ বাজি ৩০ মিনিটত বৈকানুৰৰ মহাকাশ উৎক্ষেপণ কেন্দ্ৰৰ পৰা ছয়ুজ— ১৯ যানখন উৎক্ষেপণ কৰা হয় ৷
  7. ১৯৯৭ চনৰ এই দিনটোতে পৰিৱেশবিদ মহেশ চন্দ্ৰ মেহতালৈ ৰমণ মেগছেছে বঁটা ঘোষণা কৰা হয় ।
  8. ২০০১ চনৰ এইদিনটোত পাকিস্তান আৰু ভাৰতৰ ঐতিহাসিক আগ্ৰা শীৰ্ষ বৈঠক আৰম্ভ হয় ।
  9. ২০০৬ চনৰ এই দিনটোতে বিশ্বৰ চ'ছিয়েল নেটৱৰ্কিং খণ্ডত টুইটাৰ যোগ হয় ।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]