২০১০ বৰ্ষৰ আজিৰ দিনটোতে বিশ্ব বেডমিণ্টন প্ৰতিযোগিতাৰ ৰেংকিংত ভাৰতৰ ছাইনা নেহৱালৰ স্থান দ্বিতীয়লৈ উন্নীত হয়। মহিলাৰ ছিংগলছ শাখাত দ্বিতীয় স্থান লাভ কৰা ছাইনা নেহৱাল ভাৰতৰ প্ৰথম বেডমিণ্টন খেলুৱৈ।
২০০৬ চনৰ আজিৰ দিনটোতে ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ সমীপত সংঘটিত ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত হোৱা ছুনামিত পাঁচ শতাধিক লোকৰ মৃত্যু আৰু কেইবা শতাধিক লোক সন্ধানহীন হয়।