২০ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জুলাই ২০ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
 ১০  ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

২০ জুলাই (ইংৰাজী: 20 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০১তম (অধিবৰ্ষত ২০২তম) দিন। বছৰ শেষ হ'বলৈ ১৬৪ দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনা[সম্পাদনা কৰক]

  1. ১৮৯৮ চনৰ এই দিনটোতে সংস্কৃত পণ্ডিত, ভাষাতত্ত্ববিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হৈছিল।
  2. ১৩০৪ চনৰ এই দিনটোতে ইটালীৰ কবি, পণ্ডিত পেট্ৰাৰ্কৰ জন্ম হৈছিল।
  3. ১৯৩৭ চনৰ এই দিনটোতে পদাৰ্থবিদ, তথা অনাতাঁৰ (ৰেডিঅ’)ৰ উদ্ভাৱক গুগ্লিয়েম’ মাৰ্কনিয়ে মৃত্যু বৰণ কৰিছিল।
  4. ১৯৫০ চনৰ এই দিনটোতে ভাৰতীয় ছবিজগতৰ শক্তিশালী অভিনেতা নাছিৰুদ্দিন শ্বাহৰ জন্ম হৈছিল। ২০০৩ চনত তেওঁ অভিনয় আৰু অসামান্য পাৰদৰ্শিতাৰ বাবে পদ্মবিভূষণ উপাধিৰে সন্মানিত হয় আৰু একাধিক ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেতাৰো সন্মান লাভ কৰিছিল।
  5. ১৯৬৯ চনৰ এই দিনটোতে বৰাহগিৰি বেংকটগিৰি নিৰ্বাচনত বিজয়ী হৈ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল।
  6. ১৯৬৯ চনত এই দিনটোতে চন্দ্ৰত মানুহে প্ৰথম ভৰি ৰাখে।
  7. এই দিনটো কলম্বিয়াৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]