২২ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জুলাই ২২ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
১০ ১১ ১২ ১৩
১৪ ১৫  ১৬  ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

২২ জুলাই (ইংৰাজী22 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৩তম (অধিবৰ্ষত ২০৪তম) দিন। বছৰ শেষ হ'বলৈ ১৬২ দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনা[সম্পাদনা কৰক]

  1. ২০০৬ চনৰ আজিৰ দিনটোতে বিশিষ্ট কবি হৰি বৰকাকতিৰ মৃত্যু হয় ৭৯ বছৰ বয়সত ।
  2. অসমী আইৰ সুযোগ্য সন্তান, বিশিষ্ট ৰহস্য সাহিত্যিক, অভিনেতা, বহু জনপ্ৰিয় "দস্যু ভাস্কৰ" আৰু "পবন" চিৰিজৰ স্ৰষ্টা ৰবিন দে (ৰংমন)ৰ আজি স্মৃতি দিৱস ৷
  3. ১৯৪৭ চনৰ আজিৰ তাৰিখতে ভাৰতীয় জাতীয় পতাকাৰ বৰ্তমান ৰূপটো ভাৰত অধিৰাজ্যৰ চৰকাৰী পতাকা হিচাবে গৃহীত হৈছিল ।
  4. "কাবুলীৱালাৰ বাঙালী বৌ", অসমীয়া অনুবাদ — ‘‘কাবুলীৱালাৰ বঙালী স্ত্ৰী’’ নামৰ বিখ্যাত স্মৃতি কাহিনীৰ লেখিকা সুস্মিতা বেনাৰ্জী/বন্দোপাধ্যায় (পিছলৈ —ছৈয়দা কমলা) ভাৰতৰ পৰা আফগানিস্তানলৈ বিবাহসূত্ৰে স্থানান্তিৰত হোৱাৰ পিছত সেই অঞ্চলত তেওঁৰ সমাজসেৱা, অথবা তেওঁৰ ভাৰতীয় পৰিচয়ৰ বাবে তেওঁৰ বিৰুদ্ধে তালিবানে এক ফটোৱা জাৰি কৰিছিল আৰু ১৯৯৫ চনৰ আজিৰ তাৰিখতে তেওঁৰ মৃত্যুদণ্ডৰ দিন স্থিৰ কৰা হৈছিল ।
  5. ভাৰতীয় মহাকাশযান ‘‘ইনছাট—১ চি’’ক মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল ১৯৮৮ চনৰ আজিৰ দিনটোতে ৷
  6. বিশেষ আপেক্ষিকবাদ তত্ত্ব প্ৰদানৰ বাবে বিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ জন্মদিনত বিশ্বব্যাপী ২২ জুলাই দিনটোক পাই দিৱস হিচাপে পালন কৰা হয় ।
  7. মানৱহীন মহাকাশযান ‘‘ভেনেৰা—৮’’এ শুক্ৰগ্ৰহত অৱতৰণ কৰিছিল ১৯৭২ চনৰ আজিৰ দিনটোতে ৷
  8. ২০০৩ চনৰ আজিৰ দিনটোতে চীনত হোৱা প্ৰবল ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতি হয়। এই ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৬.২ ।
  9. ১৮৯৪ চনৰ আজিৰ দিনটোতে ফ্ৰান্সত প্ৰথম মটৰ গাড়ী দৌৰ প্ৰতিযোগিতা আৰম্ভ হয় ৷
  10. ১৯৯৯ চনৰ আজিৰ দিনটোতেই মহাকাশত স্থাপন কৰা হৈছিল বিশ্বৰ সৰ্ববৃহত্‍ টেলিস্কোপ 'চন্দ্ৰ' ।
  11. আজি প’লেণ্ডৰ ৰাষ্ট্ৰীয় দিৱস ৷

বাহ্যিক সংযোগ[সম্পাদনা কৰক]